Categories
অনুভৱৰ পৃথিৱী কবিতাৰ দৰে টুকুৰা-টুকুৰ-ভিন্নস্বাদ

ৰঙালী বিহুক লৈ

(ৰচনাকাল-১৪ এপ্ৰিল, ২০১৮, ৰঙালী বিহুত ঘৰলৈ নহাৰ কথা আছিল। গুৱাহাটীৰ পৰা মাত্ৰ দুই তিনিদিনৰ বাবে। কিন্তু হঠাতে উৰুকাৰদিনা কেবিনতে উঠি হ’লেও ঘৰলৈ গুচি আহিছিলোঁ মনটো ৰখাব নোৱাৰি। সেই সময়ৰ অনুভৱকে এনেকৈ সামৰি থৈছিলোঁ শব্দৰে) দুৱাৰডলিত বাপতিসাহোন বহাগৰ বিহুটি উৰুঙাকৈয়ে গ’ল উৰুকাটি ! ঘৰখনলৈ নোযোৱাকৈ(?) থাকিলো(?) কেনেকৈ থাকোনো কেনেকৈ (?) বিহুবলিয়া মনটোক বান্ধিব নোৱাৰি কেইটিমান মুহূৰ্ততে […]

Categories
গল্প, চুটিগল্প কিম্বা অণুগল্প

মনৰ অংক

(ৰচনাকাল- ৩০ ছেপ্তেম্বৰ) “আপুনি একো নক’লে যে!” অসহায় আৰু বিষাদ মিশ্ৰিত ভাৱ এটা মুখখনত আঁকি লৈ শান্তিপ্ৰিয়াই বায়েকক মেচেজটো পঠিয়ালে। চাৰিশ কিলোমিটাৰ নিলগত থকা বায়েক নম্ৰতাই শান্তি মানে শান্তিপ্ৰিয়াৰ সেই মুখখন দেখা নাপালে। অৱশ্যে অভিজ্ঞ নমিয়ে মেচেজটো পঢ়ি শান্তিৰ অৱস্থাতো অনুমান কৰিবলৈ বৃথা চেষ্টা নচলোৱাকৈ থকা নাই। নমি মানে নম্ৰতাক ভনীয়েক শান্তিয়ে মতা নাম। “বেছি […]

Categories
কবিতাৰ দৰে টুকুৰা-টুকুৰ-ভিন্নস্বাদ

খুহুতীয়া পদ্য

একোকে নপঢ়ো আজি একেবাৰে মুড নাই আছে যদি ডাউনলড চিনেমাকে চাম ভাই। এডভাইচ মোক নালাগেই ইউ টিউব লিংক পালে, ইণ্টাৰনেট থাকে মানে ডাউনলড দিম হুৰাহুৰে। অণুশিক্ষণ হ’ব শেষ পাতলিব মগজুৰ বোজা, ভাবি থাকোঁতেই পালেহি দিনটো আজি মজা। কি শিকিলোঁ কি জানিলোঁ হিচাপ কৰিব সমাজে, কিমান আৰু বোজা ব’ব আমাৰ কণমাণ মগজে। থাকোঁতে আছে কেবাখনো কিতাপ […]

Categories
অনুভৱৰ পৃথিৱী টুকুৰা-টুকুৰ-ভিন্নস্বাদ

ওপজা দিন – বিশেষ নে অসহজ!

জন্মদিনটোক বিশেষ দিন হিচাপে কোনেনো নাভাৱে যদিও জীৱনৰ সকলো দিনেই সকলোৰে বাবে কোনোবা নহয় কোনোবাখিনিত বিশেষ। সেই কাৰণতে নিজৰ জন্মদিনটোক বৰ বিশেষ হিচাপে আগতেও ভবা হোৱা নাছিল, বুজা হোৱাৰ পৰা আৰু ভবা নহয়। অথচ সময়ৰ অগ্ৰগতিত বাঢ়ি অহা বয়স নিৰ্বিশেষে বন্ধুবৰ্গই দিনটোক কিবা নহয় কিবা প্ৰকাৰে বিশেষ কৰি তোলে। সকলোৰে শুভেচ্ছাবোৰে যান্ত্ৰিকতাৰ মাজতো এছাঁটি পোহৰ […]

Categories
কবিতাৰ দৰে টুকুৰা-টুকুৰ-ভিন্নস্বাদ

বিশৃংখলিত শৃংখল

বিশেষ গীত এটি কাণৰ কুহৰত বাজি উঠে অজানিতে মনৰ গহ্বৰত পোহৰমুখী স্বপ্নই হাঁহি যায় একোণত কাঁইটক সাৱটিও ফুলে ফুল ডালত ভুলৰ উপলব্ধিয়ে শিকাত কৰে সহায় বুজন হৈ থাকিলেও ক’ৰবাত অসহায়… স্থিতপ্ৰজ্ঞৰ অভিনয় কিমান থাকিব চায় ব্যস্ততাৰ আৱেষ্টনীত নিজকে পাহৰায়! উজুটি কত আহে যায় অবুজন মনে বিনায় আওকাণ ইটো নোহে সহজ উপেক্ষাৰ বাণে শিকায়! শিকি শিকি […]

Categories
কিতাপৰ বাক্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

২০২০ চনত পঢ়া গ্ৰন্থৰ তালিকা

২০২০ বৰ্ষতো আৰম্ভ কৰিছিলোঁ অৰুপা পটঙ্গীয়া কলিতাৰ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা আৰু পৰাগ কুমাৰ দাসৰ স্বাধীন অসমৰ অৰ্থনীতি কিতাপদুখনেৰে। ইয়াৰে প্ৰথমখন সম্পূৰ্ণ কৰিছিলোঁ যদিও পিছৰখনৰ কেইটামান অধ্যায় বুজিবলৈ বুলি সময় লৈ পঢ়িম বুলি থৈ দিলোঁ। তাৰ পিছতে জানুৱাৰী মাহৰ আৰম্ভণিতে উপহাৰ হৈ হাতত পৰিছিলহি হেমন্ত কুমাৰ শৰ্মা ছাৰে পঠিয়াই দিয়া তেখেতৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ […]

Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

টুৱেণ্টি-টুৱেণ্টিলৈ উভতি চাই যদি নিজক বিচাৰি যাওঁ…

পাৰ হৈ অহা বছৰবোৰৰ মাজৰ দুটা বছৰ জীৱনৰ আটাইটকৈ কঠিন, জটিল বুলি ভাবি থকা ভ্ৰমটোক ২০২০ এ উটুৱাই নিলে। কিয়নো আগৰ বছৰবোৰতকৈ ২০২০ অতি কঠিন আছিল দীৰ্ঘসময়জুৰি বিৰাজ কৰা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে, কেৱল মোৰ বুলি নহয়, প্ৰতিজন লোকৰ বাবেই। কিন্তু ইতিবাচকতাৰে চিন্তা কৰি চালে বছৰটোৱে সমগ্ৰ প্ৰকৃতিক ন জীৱন দি গ’ল যিটো ধৰালৈ সময়ৰ সৰ্বোত্তম […]

Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

স্মৃতিৰ জলঙাৰে ভাৰ্ছিটি উইক২০২০

২০২০ চনৰ মাৰ্চ মাহৰ ১৫ তাৰিখলৈকে অনুষ্ঠিত বিশ্ববিদ্যালয় সপ্তাহৰ স্মৃতিত একলম এইটো বছৰতে নিলিখিলে মোৰ হয়তো আক্ষেপ থাকি যাব। সেইবাবেই একলম। বিভিন্ন প্ৰতিযোগিতাসমূহৰ বাবে চলোৱা বিভাগীয় প্ৰস্তুতিসমূহ আৰম্ভ হৈছে অলপ অলপকৈ। মাথোঁ কেইদিনমান আগতে হৈ যোৱা নেচনেল চেমিনাৰখনৰ ভাগৰ মৰাই নাছিল। তেনে অৱস্থাতে ভাৰ্ছিটি উইকৰ বতাহজাক আহি যোৱাত বিভাগৰ সকলো জপিয়াই পৰাত অলপ পলম হৈ […]

Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

গৱেষণা পত্ৰবোৰ সহজে উপলব্ধ নোহোৱা বিষয়ক কিছু অপৈণত অনুভৱ

গণিত সম্বন্ধীয় এক বিশেষ বিষয়ত গৱেষণা কৰা এজন সমাজে চিনি পোৱা ব্যক্তিৰ ওচৰত কেইমাহমান আগতে সহায় অলপ বিচাৰিছিলোঁ। সহায় মানে তেখেতৰ গৱেষণাই দিয়া তথ্য অলপ বিচাৰিছিলোঁ। বিষয়টো আছিল সমাজৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। পোনে পোনে তথ্যৰে সহায় কৰাটো দূৰৰে কথা, সেই তথ্যখিনি পাব পৰাৰ পথটোও তেখেতে দেখুৱাই নিদিলে। সৌজন্যতা ৰক্ষা কৰি সুধি থকা প্ৰশ্নসমূহৰ উত্তৰো […]

Categories
Uncategorized

বাটে-ঘাটে শিক্ষা

[ ২০১৮ চনৰ ১৮ ডিচেম্বৰ দিনটোত লাভ কৰা এক নতুন(মোৰ বাবে নতুন,সকলোৰে বাবে নহ’বও পাৰে) চিন্তা-শিক্ষা। সেইদিনাই লিখা ঘটনাটো সাঁচি থ’লো। ] #ক্ষুদ্ৰাতিক্ষুদ্ৰ_ঘটনাটো_এনেকুৱা ৰাতিপুৱাৰ পৰা দি থকা চিপচিপিয়া বৰষুণজাকে এৰাৰ নাম নোলোৱাৰ সমান্তৰালকৈ শীতৰ প্ৰকোপ বাঢ়ি আহিছে ৷ প্ৰচণ্ড শীতকো আওকাণ কৰি কোনোৰকমে এৰাব নোৱাৰা কাম এটাত পাণবজাৰলৈ গ’লো ৷ সিফালৰ পৰা বা আহিলত দুয়োজনী […]

Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

যাৰ প্ৰেৰণাত হাতত কলম তুলিছিলোঁ

(কিছুমান শূন্যতাই জীৱনত বিশেষ বিশেষ ক্ষণকিছুত নিজকে বুজাব নোৱাৰাকৈ গভীৰভাৱে ক্ৰিয়া কৰে। দেউতাৰ মাতৃ, আইতা, আমি মোতো ‘বৌ’, সেই ‘বৌৰ’ অবৰ্তমান, মোৰ জীৱনত তদ্ৰুপ এক শূন্যতা। ২০১৯ চনৰ ৪ ডিচেম্বৰত মোৰ আইতা মনোমতী বড়াৰ দেহাৱসান হৈছিল। আইতাৰ লগত শৈশৱৰ এক বুজন সময় পাৰ কৰিছিলোঁ। মানুহ মৰণশীল। সেই সত্যক স্বীকাৰ কৰি বাস্তৱক সহজভাৱে ল’বলৈ শিকিছিলোঁ। তাতোকৈ […]

Categories
কিতাপৰ বাক্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

“কৃতজ্ঞতা-ইতিবাচক শিক্ষা ১” কিতাপৰ প্ৰভাৱ পেলোৱা কিছু বাক্য

“কিছুমান শিক্ষকৰ বাবে শিক্ষকতা চাকৰি, কিছুমানৰ বাবে কেৰিয়াৰ আৰু আন কিছুমানৰ বাবে অন্তৰাহ্বান। কেৰিয়াৰত জড়িত থাকে প্ৰমোশ্যন, উচ্চাকাংক্ষাৰ কথা। নিজৰ কৰ্মক্ষেত্ৰত ঢাপত ঢাপে আগুৱাই গৈ উচ্চ পদবী বা আনুষ্ঠানিক পদমৰ্যাদাৰ বাবে কৰা হাবিয়াসেই কেৰিয়াৰ চিন্তা। অন্যহাতে অন্তৰাহ্বান হ’ল কোনো কাম অধিক অৰ্থপূৰ্ণ, বিশাল আৰু সম্পূৰ্ণকৈ কৰিবৰ বাবে অন্তৰৰ পৰা অনুভৱ কৰা এক আহ্বান।” “জীৱনৰ যি […]

Categories
কিতাপৰ বাক্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

“জীৱনৰ বাটত” কিতাপৰ প্ৰভাৱ পেলোৱা কিছু বাক্য

“জীৱনৰ প্ৰতি পদে পদে, প্ৰতি পলে পলে দুখে যাক বৰণ কৰে, দুখৰ নগ্ন ৰূপক সি ভাষাৰ আৱৰেণেৰে ঢাকিবলৈ চেষ্টা নকৰে। উলংগ সন্তানক বুকুত সাবটি ধৰি বিধবাই অন্তৰৰ পোৰণি নুমুৱাবলৈ চেষ্টা কৰাৰ দৰে, চিৰপৰিচিত দুখৰ নগ্ন মূৰ্তিক লাজ, ভয় শংকাবিহীন হৈ জীৱনত গ্ৰহণ কৰিব পৰাটোৱেই তেওঁলোকৰ শান্তি। ” “পলাবা ক’লৈ। আমাৰ জীৱনৰ যিটো পৰম সত্য, তাৰ […]

Categories
কিতাপৰ বাক্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

“নীল প্ৰজাপতি” কিতাপৰ প্ৰভাৱ পেলোৱা কিছু বাক্য

“জীৱনৰ সংঘাতে পুৰি সোণ কৰা এজন মানুহ।” “দুখন ঘৰৰ দুটা মানুহ, হঠাতে এডজাষ্ট নহ’বও পাৰে‌। নহ’লেও মই বিবাহিত জীৱনৰ হতাশাত নোভোগো‌। বিবাহতকৈ জীৱন বহুত ডাঙৰ। আকাশৰ দৰে জীৱনটোক, বিবাহিত জীৱনৰ ক্ষুদ্ৰতাৰে মই নাচাওঁ। কাৰোবাৰ প্ৰেম নাপালেও মোৰ জীৱন স্তব্ধ হৈ নাযায়, এই পৃথিৱীলৈ আহিছো, পৃথিৱীৰ সুন্দৰ সকলো বস্তুৰে ভাগ মোৰো পোৱাৰ অধিকাৰ আছে।” “মানুহ কিমান […]

Categories
কিতাপৰ বাক্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

“জলছবি” কিতাপৰ প্ৰভাৱ পেলোৱা কিছু বাক্য

“অতি সাধাৰণ বুলি ভবা কিছুমান শব্দ পাঠকৰ মনত ৰৈ যায়।” “জ্ঞান , অনুভূতি আৰু ইচ্ছা এই তিনিটা আমাৰ মনৰ প্ৰধান প্ৰক্ৰিয়া। এই তিনি প্ৰক্ৰিয়াৰ সুসমন্বয়ৰ অভাৱ ঘটিলেই মনোজগতৰ ভাৰসাম্য নোহোৱা হয়।” “আমাৰ সমাজত বৃদ্ধৰ শাৰীৰিক পৰীক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হয়, ঠিকেই, কিন্তু মানসিক দিশটো সম্পূৰ্ণ উলাই কৰা হয়।” “বিচ্ছেদৰ মাজেৰেহে বন্ধনক উপলব্ধি কৰিব পাৰি।” […]