Categories
অনুভৱৰ পৃথিৱী কলম পৰীক্ষণ টুকুৰা-টুকুৰ-ভিন্নস্বাদ

মোৰ দুহেজাৰ বাইশৰ শেষত একলম অনুভৱ!

২০২২ চন!
এক পাহৰিব নোৱাৰা বৰ্ষ!
এটা যুঁজাৰু বৰ্ষ!
এটা প্ৰত্যাহ্বানভৰা বৰ্ষ!
আনৰ কাৰণে নিজাকৈ কিবা কৰিব পৰাত অনিৰ্বচনীয় অনুভৱৰ বৰ্ষ!
এটা শিক্ষাৰ বৰ্ষ!
প্ৰকৃত শুভাকাংক্ষী চিনি পোৱাৰ বৰ্ষ!

আৰু কত যে কি!

বিশেষকৈ বছৰটোৰ পিছৰ আঠমাহ যে মোৰ বাবে হৈ পৰিছিল আটাইটকৈ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰে ভৰা। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি কেতিয়া হয়, গমকে নোপোৱাকৈ দিনবোৰ গৈ থাকিল এটাৰ পিছত আনটো কঠিন মুহূৰ্ত উপহাৰ(!) দি। নভবাকৈয়ে কিছু বৃহৎ প্ৰাপ্তি হোৱাৰ বিপৰীতে আন কিছু সপোনৰ সলিল সমাধি। বহুত বেছি লাভ কৰিলে বহুত বেছি যে হেৰুৱাবও লগা হয়, সেই প্ৰমাণকে যেন সময়ে মোক দি গ’ল মোৰ অজানিতেই। এফালে সুখৰ সৌধ আনফালে দুখ-কষ্টৰ বন্যা। জীৱনৰ ভাৰসাম্যতাক বুজিবলৈ ইয়াতকৈ চাগৈ বেলেগকৈ প্ৰমাণ মোক প্ৰয়োজন নাই। সেইবাবেই ২০২২ হৈ ৰ’ব এক বাৰুকৈয়ে স্মৰণীয় বৰ্ষ মোৰ বাবে। তদুপৰি আটাইতকৈ বেছি কিতাপ কিনিলোঁ এই বৰ্ষতে। সৰু হ’লেও নিবিচৰাকৈয়ে উপহাৰ স্বৰূপে লাভ কৰিলোঁ দহখন কিতাপ। চৈধ্যখনমান উপহাৰো দিবলৈ সক্ষম হ’লোঁ। এই সুখানুভূতি অতুলনীয়।

২০২২ এ শিকাই গ’ল প্ৰচণ্ড ধুমুহাই তচ-নচ কৰি গ’লেও কিদৰে সদভাৱ থাকিলে পুনৰ জী উঠিব পাৰি, কিদৰে চিনি পোৱা যায় সঁচা মানুহ, কিদৰে হ’ব পাৰি কৃতজ্ঞতাৰে ধৰুৱা।

মুঠতে আমি জীৱনটো সহনীয় কৰি তুলিবই লাগিব। সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা।

🌼 ভাল হওক সময়বোৰ 🌼

উপসংহাৰঃ গণিত বিকাশৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা, বিজ্ঞান জেউতিৰ বিশেষ উপহাৰ, ডঃ তাৰকেশ্বৰ চৌধুৰী ছাৰৰ সাক্ষাৎ লাভ কৰাটো, ডঃ ৰুবুল মাউত ছাৰৰ পৰা অহা মেইলটো আৰু জিজ্ঞাস শীৰ্ষক সাপ্তাহিক আলোচনীৰ পৰা অহা ফোনকলটো, মোৰ বাবে স্বপ্নৰ দৰে হৈ থাকিব।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment