Categories
অনুভৱৰ পৃথিৱী কলম পৰীক্ষণ টুকুৰা-টুকুৰ-ভিন্নস্বাদ

২০২২ বৰ্ষত পঢ়া কিতাপৰ তালিকা

২০২২ বৰ্ষটোত আৰম্ভণিতে ভাবিছিলোঁ যে এইবাৰ অলপ আগতকৈ বেছি অধ্যয়ন কৰিম, বেছিসংখ্যক কিতাপ পঢ়িবলৈ চেষ্টা কৰিম। সেই অনুসৰি ঠাণ্ডাকো কাটি কৰি আৰম্ভণিৰেপৰাই আৰম্ভ কৰিছিলোঁ পঢ়িবলৈ, আগৰ বছৰতে কিনি থোৱা কেইখনমান কিতাপ। কিন্তু জানুৱাৰী মাহত ৫ খন পঢ়ি শেষ কৰাৰ পিছত ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ-এপ্ৰিললৈকে এখনো কিতাপেই সম্পূৰ্ণকৈ পঢ়িব নোৱাৰিলোঁ এলাহ, পৰীক্ষা আৰু ব্যস্ততাৰ বাবে। পৰীক্ষাৰ পিছত পঢ়া হ’ব বুলি আশা বান্ধি কেইবাখনো কিতাপ টোপোলা কৰি কৰি লগত যেনিয়ে যাওঁ লৈ ফুৰিছিলোঁ। কিন্তু নোৱাৰিলোঁ ভবাৰ ধৰণে কিতাপ পঢ়িবলৈ আৰু শিক্ষা আহৰণ কৰিবলৈ। শাৰীৰিক মানসিক কষ্ট আৰু এলাহৰ বাবেও বহু কিতাপত মন বহুৱাব পৰা নগ’ল। বৌদ্ধিক দীনতাই থেকেচি যোৱা সময়ক বুকুত বান্ধিয়ে মনৰ একান্ত ইচ্ছাক অলপ হ’লেও গতি দিবলৈ বুলিয়ে যেনেতেনে পঢ়িবলৈ চেষ্টা কৰিলোঁ কেইখনমান কিতাপ। প্ৰায় চাৰি-পাঁচখন কিতাপ মাত্ৰ লুটিয়াই চাই থৈ দিয়াৰ বিপৰীতে বছৰটোত যিকেইখন পঢ়ি কোনোমতে শেষ কৰিব পাৰিলোঁ সেই কিতাপকেইখন হৈছে-

১. ক্ৰিষ্টি ব্ৰাউন আৰু মই – জুলী বৰুৱা
২. মহাৰথী – চন্দ্ৰপ্ৰসাদ শইকীয়া
৩. পথসন্ধি – ৰীতা চৌধুৰী
৪. শীতৰ বতাহ আৰু বৰষুণ – অপূৰ্ব শৰ্মা
৫. তিনি দশমিক আঠ – অমিতাভ মহন্ত
৬. প্ৰবল ইচ্ছাশক্তি আৰু আত্মোৎকৰ্ষৰ সাধনা – নিৰ্মলা দেৱী
৭. মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ – জোৱলা বৰা (গ্ৰন্থখন অসমীয়া ৱিকিউৎসত পঢ়িবলৈ এই লিংকত ক্লিক কৰক )
৮. দ্যা ব্লু ষ্টাৰ বুলেট টু ইন্দিৰা – ৰামানুজ গোস্বামী
৯. বিশ্বাস আৰু সংশয়ৰ মাজেদি – নিৰুপমা বৰগোহাঞি
১০. সময় হৈছেনে – বন্দিতা ফুকন
১১. পৰাণ নিগৰে – শৰ্মিষ্ঠা প্ৰীতম (কিতাপখনৰ কিছু অতিকে ভাললগা বাক্য ইয়াত সাঁচি থৈছোঁ)
১২. পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ – ঈশান জ্যোতি বৰা (অনুবাদক) (কিতাপখনৰ কিছু প্ৰভাৱশালী বাক্য ইয়াত সন্নিৱিষ্ট কৰিছোঁ, লগতে আলোচনা এটা প্ৰকাশ হৈছে বিজ্ঞান জেউতিৰ আগষ্ট-ছেপ্তেম্বৰ সংখ্যাত )
১৩. নিৰিবিলি – কৌশিক নন্দন বৰুৱা (অনলাইনযোগে পঢ়া হ’ল)
১৪. গভীৰ আস্থাৰ গান – বৰ্ণালী বৰুৱা দাস

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment