Categories
কিতাপৰ বাক্য

“পৰাণ নিগৰে” গ্ৰন্থৰ বাছক-বনীয়া শব্দগুচ্ছৰ একাংশ

শৰ্মিষ্ঠা প্ৰীতমৰ ‘পৰাণ নিগৰে’ গ্ৰন্থখনৰ উপস্থাপন শৈলী অনন্য। ইয়াৰ শব্দ-বাক্যসমূহত লেখিকাৰ ভাষাত থকা অতুলনীয় দখল বাৰুকৈয়ে প্ৰতিভাত হৈ উঠিছে। এনে এটা পৃষ্ঠা নাই য’ত পঢ়ুৱৈৰ নিচাত ব্যাঘাত জন্মিব পাৰে। পঢ়ুৱৈৰ ভাষাত কিতাপখনত সৰ্বত্ৰ এক কাব্যময় সৌন্দৰ্য তথা সৰলতা ফুটি উঠিছে। এই গ্ৰন্থৰে সকলো ভাললগাৰ পৰা মোক অতিকে প্ৰভাৱান্বিত কৰা কিছু শব্দ-বাক্য ইয়াত সাঁচি ৰাখিলোঁ –

  • আহাৰমহীয়া আবেলিৰ ৰ’দজাকে তাতে গা-মুৰি দিছে। (পৃ.৯)
  • কোনো এচপৰা মেঘে আকৌ আকাশলৈ গা মেলি দিছে। গাত চেলেকাচুবুৰাকৈ জেতুকাৰ ৰং লাগি থকা মেঘবোৰৰো যে ক’ত ৰকমৰ ভাঁজ! (পৃ.৯)
  • মেঘৰো অনেক ৰূপ। অনেক বৰণ। চকুৰ পলকতে সলনি হৈ গৈ থাকে। (পৃ.৯)
  • আকাশৰ ৰূপ-ৰঙৰ এই মেলাখন বাৰিষাৰ তৎপৰতাতে আৰম্ভ হয়। আৰু শীতকাল নহালৈকে এনেকৈয়ে আকাশখন ফুলাম কৰি ৰাখে। (পৃ.৯)
  • সঁজাল পথাৰখনৰ সীমাৰেখাডালতে গা লগাই মেঘবোৰ বহি আছে। (পৃ.৯)
  • অভাৱে জুৰুলা কৰা জীৱনে জিভাৰ জুতিক আসৈ দিব নোখোজে। আৰু জিভাৰ জুতি বিচাৰি বেছি দাম ভৰিবলৈ মান্তি হোৱা মানুহৰো অভাৱ নাই। (পৃ.১৩)
  • সাঁজৰ আগে আগে পকি তুলতুলীয়া হোৱা বেলিটোলৈ চাই চাই আহোঁতে সৰুৰ খোজবোৰ লেধাই শামুকৰ দৰে হ’ল। (পৃ.২১)
  • সেন্দূৰ একাঁহী যেন বেলিটো! তাৰ পৰা এখামোচ কাঢ়ি আনিব যেন! (পৃ.২১)
  • আনকালেও সি মাংস খাইছে। কিন্তু সি মাংসখিনিহে দেখিছিল। সেই মাংসবোৰ বান্ধ খাই থকা গোটা জীয়া দেহবোৰ দেখা নাছিল। (পৃ.২৯)
  • অভাৱী মানুহৰ কাৰণে চাগৈ আন্ধাৰো বৰ উদাৰ। সহজে বাট মেলি দিয়ে। (পৃ.৪৩)
  • অনাটনে জুৰুলা কৰাৰ সময়ত এলাহ-আমনিৰ ঠাই নাই। দুৰ্দিনৰ দূৰবাটে কলাফুলৰ টনটননিক লাই দিব নোৱাৰে। (পৃ.৭৪)
  • সংসাৰবোৰ যিমানে বহলি গ’ল, মনৰ পৰিসৰবোৰ চাপ খাই আহিল। (পৃ.৭৫)
  • অভাৱে সংযত হ’বলৈ শিকোৱা জিভাবোৰে সোৱাদৰ কথা ভাবনাতে সামৰি থ’বও জানে। (পৃ.১৫৩)
  • জীৱটো যিয়েই নহওক, হাহাকাৰবোৰ যে সকলোৰে একে। (পৃ.১৫৫)
  • মানুহক মানুহে কিয় মাৰে? (পৃ.১৬৫)
  • নীলা আকাশৰ বুকুত অ’ত-ত’ত লাগি থকা শুকুলা ডাৱৰবোৰ ঢৌৰ তালে তালে নাচে। (পৃ.১৬৯)
  • নিজৰ নোহোৱা নিজৰ মানুহবোৰেই চাগৈ মানুহক বেছি যাতনা দিয়ে। মনৰ ভিতৰৰো ভিতৰলৈকে পুৰি পেলোৱা সেই যাতনাৰ জুইকুৰাই জীয়াই থকাৰ সকলো আয়োজন অৰ্থহীন কৰি পেলায়। (পৃ.১৮৯)
  • চকুত তেল দি কন্দা মানুহেই সৰহ। মুখৰ আগত সব জুলীয়া গুড় হৈ পৰে। (পৃ.২০৫)
  • অজুহাতৰ পৰ্বতটো শিলৰ নহয়, বৰফৰ। জীৱনৰ ভোক আৰু অনিশ্চয়তাৰ উত্তাপত গলি গলি এই পৰ্বত নিঃশেষ হৈ যাব। (পৃ.২১৫)

বিঃদ্ৰঃ শৰ্মিষ্ঠা প্ৰীতমৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়িব পাৰিব –> এই লিংকত , লগতে কিতাপখনৰ বিষয়ে –> এই লিংকত

শৰ্মিষ্ঠা প্ৰীতমৰ ব্লগ –> SARMISTHA : A New version of PHOENIX

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

One reply on ““পৰাণ নিগৰে” গ্ৰন্থৰ বাছক-বনীয়া শব্দগুচ্ছৰ একাংশ”

Leave a comment