Categories
অন্যান্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

অতৰ্কিতে অহা এজাক ধুমুহা – মাজু বসন্ত (Chiken Pox)

৯ ছেপ্তেম্বৰৰ গধূলি। বহুদিনৰ ভাগৰে একেলগে হেঁচামাৰি ধৰাৰ নিচিনা হৈছে। সেয়ে গা-বিষ অলপ হোৱাত সোনকালে শুই শৰীৰটোক জিৰণি দিয়াটোৱেই উচিত ভাবিলোঁ। (গা-বিষটো অলপ বেছিয়েই আছিল নেকি!)

১০ ছেপ্তেম্বৰৰ পুৱা। গা ধুবলৈ লওঁতে পিঠিলৈ অৱধাৰিতভাৱে যোৱা হাতখনে কোমল গুটি এটা স্পৰ্শ কৰে। ঠিক গৰম পানী বা তেল পৰিলে ঢৌ উঠি অহাৰ দৰে গুটি। অলপ হাত ফুৰালত আৰু এটা হাতত লাগিল। গোটেই পিঠি,পেট লগালগ চলাথ কৰিছোঁ দুই হাতেৰে- নাই কেৱল দুটাই উঠিছে। মোৰ ‘কুলক্ষণীয়া হাত’খনেৰে দুইটা ফুটাই পেলালোঁ। শান্তি নালাগে নহ’লে। গা-পা ধুই আহি মাক কৈ দেখুৱালোঁ আৰু ব’ৰ’প্লাছ অকনমান সানিও দিলোঁ। কাৰণ গা ধুওঁতে চেকচেকাইছিল। মা আৰু দুই-একৰ পৰামৰ্শত খিচমিচ কেইটামান খায়ো দিলোঁ যাতে যদি বসন্ত হয় তেন্তে তিনি/চাৰি ঘণ্টাৰ ভিতৰত ওলাই আহিব সৱ। ভিতৰি ভয় অকণমানো লাগি আহিছে কাৰণ এইটো হ’লেই মই বহুদিনলৈ ঘৰৰ বাহিৰ ওলাব নোৱাৰাকৈ বন্দী হৈ যাব লাগিব! আৰু মোৰ বহুত ক্ষতি হ’ব…

দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে টোপনি গ’লোঁ। গা-বিষৰ টোপনি। সন্ধ্যা সাৰ পাই চালোঁ, নাই, এটাও গুটি বা খহু ক’তো উঠা নাই। স্বস্তিৰ নিশ্বাস এৰিলোঁ। অন্ততঃ বসন্ত হোৱা নাই।

পিছে গুটিকেইটা কি আছিল তেন্তে? কিয় হঠাতে এনেকৈ উঠিল? এই প্ৰশ্ন দুটাই আমনি কৰিলে। মাৰ মতে কিছুদিন পূৰ্বে মই কৰি থকা চাফ-চিকুণৰ কামবোৰৰ বাবে এলাৰ্জি হ’ব পাৰে, ছালৰ এলাৰ্জি। হয় ঠিকেই, ময়ো তেতিয়াহে কথাটো ভাবিলোঁ।

১১ ছেপ্তেম্বৰৰ দুপৰীয়া সময়। ভৰিত দুটা অকণমানি গুটি,সেই আগৰ দৰে। নাই, লগালগ ফুটাই ক্ৰিম সানি দিলোঁ। সেইদিনা ঘৰত তাঁত লগাইছিল বাবে সোনকালে উঠিবলগীয়া হৈছিল। উঠি মাক ৰাঁছ ভৰোৱাত সহায় কৰাৰ পিছতে ৰ’দৰ বাবেও গা-বেয়া লগাত বিছনাত পৰি দিলোঁহি। গা-বিষ নকমাৰ বাবে উঠি ভাত কেইটামান খাই পেৰাচিটামল এটা খাই দিলোঁ। শুই উঠোঁতে বেলি পৰিল। তেনেতে গাটো অকণ বাজিল। পেটে-পিঠিয়েচোন সৰু সৰু ঘামচিৰ দৰে দহ/বিশটামান গুটি। কি হৈছে মানে? নাৰিকল তেল অকণকে সানি দিলোঁ ভাল পাম বুলি। হয়, খজুৱতি কমিল। তাতে আগৰ নিচিনা ঢৌ উঠি যোৱা বিধৰ নাছিল বাবেও বেছি ভয় কৰিবলগীয়াও নাছিল একো।

মোৰ ছালৰ সমস্যা ধেৰ। জনি নমৰে। কিমান চিকিৎসকৰ ওচৰত চিকিৎসা কৰিছোঁ ঠিক নাই। কৰ্ছটো শেষ হোৱালৈ ভাল হৈ যায়। কিন্তু কেইটামানমাহৰ মূৰত পুনৰ ভুমুকি মাৰে। মূৰত টকৌৱে খোৱাটো তেনে এটি সমস্যা। মাজে মাজে হৈয়ে থাকে। আজিকালি ডাক্টৰৰ ওচৰলৈ যোৱা নহয়, নিজে নিজেই ভাল হৈ যায়।

গধূলিলৈ মূৰটো বৰকৈ খজুৱাইছিল। ফণীখন লৈ অলপ সময় ফণিয়াই থাকিলোঁ। ফণিয়াই থাকোঁতেই ঘপহকৈ মনটোৱে ক’লে, অন্বেষাক এবাৰ সুধি চাওঁ। লগালগ তাইলৈ ফোন লগাই কথাখিনি বিবৰি ক’লোঁ। তাই পাৰিলে ফটো দিবলৈ ক’লে। কিন্তু মই যে যিকেইটা উঠিছিল গোটেইকেইটা ফুটায়ে পেলালোঁ। ফুটোৱাৰ পিছত তেল সনাৰে ফটো দিলোঁ তাইক। এফালে তাইৰো গা বেয়া, তাৰ মাজতে মোক চাই দিওঁ বুলি ফটোখনকে বিচাৰিছে, মই সেয়ে দিলোঁ। তাই ক’লে যে এলাৰ্জিয়ে হ’ব পাৰে, বৰ ভালকৈ ধৰিব পৰা নাই। আৰু শৰীৰৰ বেলেগ ক’তো নোহোৱাৰ বাবেও বিশেষ অনুমান কৰিবলৈ অসুবিধা।

১২ ছেপ্তেম্বৰৰ দুপৰীয়া। বিশেষ একো অসুবিধা পোৱা নাই। একেভাগেই আছে গুটিবোৰ। মাত্ৰ মূৰৰ খজুৱতিটো অলপ বাঢ়িল। অলপ সময় ফণিয়ালত ভাল হ’ল, খজুৱতি কমিল। আবেলি কিবা কৰি থাকোঁতে সোঁহাতখনলৈ চকু গ’ল। প্ৰথমদিনা পিঠিত উঠাৰ দৰে এটা গুটি উঠিছে। পানীজলাৰ দৰে। এইবাৰ সাৱধান হ’লোঁ। নুফুটালোঁ। ফটো এখন যেনেতেনে তুলি অন্বেষালৈ পঠাই দিলোঁ। তাই গা ভাল পোৱা নাছিল তেতিয়ালৈ। সন্ধিয়ালৈ চালে তাই আৰু সুধিলে যে মোৰ আগতে মাজু বসন্ত হৈছেনেকি? মই ক’লোঁ যে নাইহোৱা, নৱম শ্ৰেণীত থাকোঁতে সৰুবিধহে হৈছিল। তাই তেতিয়া কৈছে, এইটো মাজু বসন্ত হ’ব পাৰে। দেখুৱাই ল’বা। মোৰ চিন্তা বাঢ়ি গ’ল। যিটোৰ ভয় আছিল সেইটোৱে হ’লচোন!

ৰাতিলৈ মূৰটো বিষাবলৈ ধৰিলে কাৰণ শুব পৰা নাই, যিফালেই মূৰ দিওঁ বিষায়। ১৩ ছেপ্তেম্বৰৰ ৰাতিপুৱালৈ মুখত কেইটামান গুটি। খজুৱতিত ৰক্ষা নোপোৱা অৱস্থা। পিঠিতো বেছিকৈ উঠি অহাৰ অনুমান পালোঁ। হাত-ভৰিতো বাঢ়ি আহিল অলপ অলপকৈ। মায়ে মহানিমৰ পাত সিজাই দিলে, তাৰ পানীৰেই গা মূৰ ধুলোঁ, নাৰিকল তেল সানিলোঁ। এইবাৰ আৰু অলপো ৰৈ থকাৰ প্ৰশ্ন নাহিল।

দুপৰীয়াই মায়ে লৈ গ’ল ডাক্টৰ গৌৰাঙ্গ পালৰ ওচৰলৈ। আগবেলাতে ফোনযোগে সুধি থৈছিল। তিনিবিধ টেবলেট, এটা মলম , এটা জুলীয়া ভিটামিন আৰু এটা পটাছ পেকেট দিলে। পটাছৰ দুই তিনিটামান টুকুৰা কুহুমীয়া পানীত মিহলাই ধুবলৈ আৰু মুখখনত কাপোৰ এখনেৰে পানীখিনি লগাবলৈ পৰামৰ্শ দিলে। দাগবোৰ সহজে নাযায় বাবে ৰ’দলৈ কেইদিনমান নোলাবলৈ ক’লে, পাৰিলে বেডৰেষ্টত থাকিবলৈ ক’লে। পটাছ পানীয়ে দাগ যোৱাতো সহায় কৰিব বুলিও ক’লে। তিনিবিধ টেবলেটৰ এবিধ দিনটোত তিনিবাৰকৈ খাব লাগে, ৫ দিন। সেইটোৱেই আছিল মেইন টেবলেট। মই বাৰে বাৰে সুধি থাকিলোঁ সোনকালে ভাল পামনে? মোৰ ভাল হ’বনে? ডাক্টৰে ক’লে যে এসপ্তাহত ভাল হৈ যাব। সোমবাৰে চেক-আপত আহি যাব। মই আকৌ ক’লোঁ বেজী ল’লে সোনকালে ভাল হ’বনেকি? তেওঁ ক’লে যে নালাগে বেজী, টেবলেটেই ভাল কৰিব। লগতে ডাক্টৰে সুধিছিল যে ভিতৰত কিবা অসুবিধা পাইছোঁনেকি? তেতিয়াহে মনত পৰিল যে দুদিনমানৰ পৰা আহাৰ খাওঁতে ডিঙিত সেপ গিলোঁতে অলপ কষ্ট পাইছিলোঁ। কিন্তু সেয়া সাধাৰণ পানীলগা-কাহ হ’লে হোৱাৰ দৰে বুলি ভাবি থৈছিলোঁ। কথাষাৰ জনোৱাৰ লগে লগে ডাক্টৰে ক’লে যে ভিটামিনটো খাওঁতে অলপ সময় মুখত লৈ থাকি খাব লাগে যাতে মুখৰ ওচৰত দৰৱখিনি সহজে বিয়পি পৰে। ডিঙিৰ বিষটো আন একো নহয়, বৰং এই অসুখ হ’লে কেতিয়াবা ভিতৰতো হয়, সেইবাবেই হৈছে। সোনকালেই শুকাই যাব বুলিও আশ্বাস দিলে।

বেজী দেখিলেই ভয় কৰা, হস্পিতেল যাবলৈ হাজাৰবাৰ চিন্তা কৰা মইজনীয়ে সৱ ভয় বাদ দি মাত্ৰ ভাল হোৱাৰ চিন্তাত মৰিছিলোঁ। কাৰণ এই দুই ভয়তকৈ মোৰ সন্মুখত আহি পৰা ডাঙৰ ভয় আছিল, “মই যে কেইবাদিনো বন্দী হ’ব লাগিব বিছনাত! নিজৰ কাৰণেও, ঘৰৰ মানুহৰ কাৰণেও!” কি কৰি থাকিম দিনভৰ! কিমান শুম! ইমানো আৰাম সহ্য নহয়! অৱশ্যে একো কাম নোহোৱাকৈ পৰি থাকিবলগীয়া পৰিস্থিতি আহিল বুলি ভাবিলেও মোৰ বাবে সিমান আৰামে বাট চাই থকা নাছিল! ঘৰ পোৱাৰ পিছত বাট চাই আছিল আন এক কষ্টই!

ঘৰ আহি পাই চিকিৎসকৰ পৰামৰ্শ মৰ্মে সময়মতে ঔষধ সেৱন কৰি গ’লোঁ। বেডৰেষ্টতে থাকিবলৈ কোৱাৰ বাবে তেনেকৈয়ে থাকিলোঁ। কিন্তু আহিবৰে পৰা অলপো শুব পৰা নাই! টোপনি অকণমান আহেহে, বিষায়! মূৰ, পিঠি সকলো। আকৌ ইফালে বাগৰোঁ, সিকাটি হওঁ, নাই, সকলোফালেই বিষ। ৰাতিলৈ বিষত জ্বৰো উঠিল। ৰাতিটো কেকাঁই থাকিলোঁ‌ । যিমানদূৰ মনত পৰে ইমান কষ্ট আগেয়ে পোৱা নাছিলোঁ।

পিছদিনাখন অৰ্থাৎ ১৪ তাৰিখেও একেই। গুটিবোৰো সৰহকৈ ওলাল। মুখৰ অৱস্থা নাই। সোঁ চকুৰ বাদুতে এটা উঠি ফুলি আছে। আগদিনাৰে পৰা চুলি ফণিয়াব পৰাৰ অৱস্থাও নাই। নাৰিকল তেল সানিবলৈ ডাক্টৰে মনা কৰাৰ বাবে(গৰমৰ বাবে তেল নলগাবলৈ ক’লে, খজুৱতি বেছি হ’ব পাৰে বুলি) তাকো বাদ দিলোঁ। মাত্ৰ তিতাপাতৰ পানীৰে মূৰটো তিয়াই দিলোঁ।

গা-পা ধুই আহি মায়ে সাজু কৰি থোৱা পায়সকণ খাবলৈ লোৱাৰ আগতেই মূৰতো ঘূৰোৱাৰ দৰে লাগিল আৰু ঘপকৈ চকীতে বহি দিলোঁ। মাক নিমখ-চেনি মিহলোৱা পানী এগিলাচ খুজি লগালগ খাই দিলোঁ। চকীত থাকিবলৈ নিদি মায়ে লগালগ বিছনাত শুই দিবলৈ ক’লে। আধাঘণ্টামান শুই দিয়াৰ পিছতহে উঠি পায়স খাই ঔষধ খাইছোঁ। হয়তো অত্যধিক দুৰ্বল হোৱাৰ পিছত গা-পা ধুই থাকোঁতে পানী চুই থকাৰ বাবে এনে হৈছিল।

কালিৰপৰাই মোচা কাপোৰ পৰ্যন্ত আচুতীয়া কৰি ল’লোঁ। পুৱা মায়ে বিচনা চাদৰ বদলাই, গাৰুৰ কভাৰ বদলাই দিলে। সেইকণ কৰাৰো মোৰ গাত শক্তি নাছিল। মোৰ কাপোৰকেইটাও আনকি মায়ে দৈনিক ধুই গ’ল। মা স্বাভাৱিকতে স্বাস্থ্যৱান। তদুপৰি সেইখিনি কৰি গ’লেও মায়ে নিজেও তিতাপানী আৰু পটাছপানীৰে ধুই থাকিল । সেইবাবে হয়তো মায়ে মোৰ অহৰ্নিশে যতন লৈয়ো নিজে ভালে থাকিল। খাবলৈ মন নোযোৱাৰ বাবে বইল দাইল, আলু পিটিকা, নিমখ তেল, মহানিমৰ পাত তেলত শুকানকৈ ভাজি, কলডিল আদি বিবিধ ধৰণৰে সলাই সলাই মায়ে ভাত খাবলৈ দিলে। তাতে মনত এটা চিন্তা আছিল যে মই সোনকালে সুস্থ হ’ব লাগে, সুস্থ হ’বলৈ ঔষধ খাব লাগিব আৰু চোকা ঔষধৰ বাবে খাদ্যও গধুৰ হ’ব লাগিব। একমাত্ৰ সুস্থ হোৱাৰ তাড়নাক আগত লৈ বলেৰে হ’লেও ভাতকেইটা সময়মতে খাই গ’লোঁ। মাজে মাজে কল, বাডাম, খিচমিচ আদি মায়ে যোগান ধৰি থাকিল। মন নগ’লেও সময়ে সময়ে খাই গ’লোঁ।

গা-পা ধুৱা আৰু খোৱাৰ সময়খিনিৰ বাহিৰে দিন-ৰাতি একমাত্ৰ বিছনাতে পাৰ কৰিবলগীয়া হ’ল। ইফালে টোপনি নাই মূৰৰ বিষত, পিঠিৰ বিষত। কিতাপ-পত্ৰ দূৰৰে কথা, ম’বাইলত গান এটা লগোৱাৰো শকতি নাই। কিবা লিখা, পঢ়া অথবা চিনেমা চোৱাতো বাদেই। যমৰ যন্ত্ৰণা ইয়াকে কয় নেকি?

যি কি নহওক, ১৫ তাৰিখৰ আগবেলা ভাতকেইটা খাই উঠি অলপ বিছনাতে বহিলোঁ। মূৰৰ বিষটো অলপ কমা যেন পালোঁ। দুদিন ধৰি নফণিওৱাকৈ থকা মূৰটোৱে আৰু অশান্তি কৰিছিল। সেয়ে ফণিখন লৈ মূৰটো ফণিয়াবলৈকে চেষ্টা কৰিলোঁ। ওপৰে ওপৰে ফণিয়ালোঁ যদিও মাজত সোমোৱাব পৰা নাই! গুটিবোৰ পকিছে! মাজে মাজে চকলা চকল অলপ ওলাই আহিছে। বহুসময় যুঁজি কোনোমতে আঙুলিৰে খুপি খুপি বাওঁহাতে মলম লৈ যিমানকেইটাত পাৰোঁ মলম লগাই দিলোঁ। অলপ আৰাম পালোঁ।

সন্ধিয়ালৈ আমনিয়ে বেয়াকৈ দহিবলৈ ধৰিলে। আগদিনাতকৈ অলপ আৰাম পাইছোঁ যেতিয়া চিনেমা এখনকে চাওঁ বুলি ম’বাইলত ‘ফিৰিঙতি’ খন চালোঁ। ভাল লাগিল। ইতিবাচক বাৰ্তা তথা সংগ্ৰামজড়িত কাহিনীটোৱে মোক হয়তো শক্তি অলপ দিলে যাৰ বাবে সেইসময়কণত বিষ-কোপে বৰ বেছি ক্ৰিয়া নকৰিলে (নে মই গ’ম নাপালোঁ!)। ৰাতি ভাত খোৱাৰ পিছত অলপ সাহস কৰি হাতত তুলি ল’লোঁ দ্য ব্লু ষ্টাৰ : বুলেট টু ইন্দিৰা কিতাপখন। পৃষ্ঠাদুটামানো পঢিলোঁ। এই সময়ত উপন্যাসৰ দৰে কিতাপহে পঢ়িব পৰা যায়। সেইবাবেই সেইখন আৰম্ভ কৰি দিলোঁ। কিন্তু ভবাতকৈয়ো কিতাপখনে বহু বেছি কৌতূহল জগাই তুলিলে। সেইদিনা ৰাতিটোও মূৰৰ বিষ আগদিনাৰ দৰে নাই। মাজে মাজে টোপনি গভীৰ হ’ল। সাৰ পালে কাটি হোৱা অথবা লৰচৰ কৰা সময়ত পিঠি-হাত-ভৰিৰ বিষটো আছিল।

পিছদিনাখন মূৰটো ফণিয়ালোঁ। জামৰি যোৱা গুটিৰ মাকৰি বহুখিনি আঁতৰি আহিল।কিমান যে পাতল লাগিছিল বুজাব নোৱাৰোঁ। আগদিনা এক চতুৰ্থাংশ পঢ়ি থোৱা কিতাপখন দিনটো পঢ়ি সন্ধিয়া শেষ কৰি দিলোঁ। শিহৰণকাৰী চিনেমা এখন চাই থকাৰ দৰে লাগিল। তাতে সত্য ঘটনাৰ আলমত লিখা উপন্যাস। কি যে শ্বাসৰুদ্ধকাৰী!

লাহে লাহে চিনেমা আৰু কিতাপৰ সংগ, মাৰ নিৰন্তৰ যতন, ঔষধৰ নিয়মমাফিক ব্যৱহাৰৰ বলতে বিষ-কোপবোৰ কমি আহিল‌। মনৰ বল ঘূৰি আহিল যদিও শৰীৰৰ দুৰ্বলতাক ঠিকেই অনুভৱ কৰি আছিলোঁ। তাৰ মাজতে দৈনিক পুৰণিবোৰ জামৰি যোৱা আৰু নতুনকৈ গুটি উঠি থকা পৰ্বও চলি আছিল। এটা কথা মন কৰিছিলোঁ, হাত ভৰি আৰু পেটত নতুনকৈ উঠা গুটিবোৰ সৰু হৈ হৈয়ে লগালগ পকি গৈছে, ডাঙৰ পানীজলাৰ দৰে হৈ উঠা নাই। তদুপৰি ভৰিৰ আঠুৰ ভাঁজত, হাতৰ কিলাকুটি, কাষলতি আদিত, পেটত, ডিঙিত কেইটামান পকি তুলতুলীয়া হৈ থাকিও জামৰি যোৱা নাই। ভাল পোৱা যেন লাগিলেও অসুস্থ মনোভাৱ এটাই অশান্তি দি থাকিল।

সোমবাৰ অৰ্থাৎ ১৯ তাৰিখে এবাৰ চেক-আপত মাতিছিল বাবে ডাক্টৰৰ ওচৰলৈ গ’লোঁ‌। আৰম্ভণিৰ বিষ নাই যদিও সকলো গুটি নুশুকোৱা, মাজে মাজে নতুনকৈ উঠি থকা আদি বিৱৰি ক’লোঁ। চিন্তাৰ কাৰণ নাই বুলি কৈ দুবিধ ঔষধ কেইদিনমানলৈ বঢ়াই দিলে আৰু পটাছ পানীৰে গুটিসমূহ শুকাই নোযোৱালৈকে ধুই থাকিবলৈ ক’লে। বিপদমুক্ত বুলি কৈ তেওঁ সকাহ দিলে যে পৰিয়ালৰ লগত অথবা বাহিৰত সংশ্ৰৱ কৰাত এতিয়া কোনো বাধা নাই। তথাপি শাৰীৰিক দুৰ্বলতা থকাৰ কথাটো উল্লেখ কৰি ভিটামিন খাই থাকিবলৈ কোৱাৰ লগতে পাৰিলে কেইদিনমান পিছত এবাৰ পুনৰ তেওঁক দেখুৱাই যাবলৈ পৰামৰ্শ দিলে। তেখেতক ধন্যবাদ জনাই মূৰৰ ওপৰৰ পৰা এটা গধুৰ পাহাৰ নমাই আমি ঘৰমুৱা হ’লোঁ। ওৰে বাটটো মোৰ মন গহনত দুটা গানৰ আৱেশ বাজি থাকিল-

“পাৰ হৈ গ’ল ধুমুহা এজাক”

আৰু

“শতবাৰ জনম লৈও যাৰ
নোৱাৰি সুজিব ধাৰ,
মা অ’ মা অ’ মা
যাৰ কোলাত সৰগ বিচাৰি পাওঁ”

সংযোজনঃ বসন্ত ৰোগ বুলিলেই সমাজত বিভিন্ন অন্ধবিশ্বাস, লোকবিশ্বাস থকা আজিও দেখা যায় যিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। তাৰ পৰিৱৰ্তে অতি সোনকালে চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰাটোহে উচিত। একমাত্ৰ আধুনিক চিকিৎসাৰ বলতে আজি মই সুস্থ। সেয়ে এই ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই লিখি পেলোৱা হ’ল এই অভিজ্ঞতা । এইখিনিতে উল্লেখ কৰিব লাগিব যে সম্পূৰ্ণ আছুতীয়াকৈ থকা দিনকেইটাত এটা ভয়ে খুলি খাইছিল যে এনে অসুখ সোঁচৰিবলৈ সময় নালাগে। হাজাৰ চেষ্টা কৰিলেও, আতৰি থাকিলেও ঘৰৰ মানুহখিনিলৈ যিকোনো অসাৱধান সময়ত সোঁচৰাৰ ভয় আছে। সেইবাবে বহু ভাবি চিন্তি আমি এটা কাম কৰিছিলোঁ। নিত্য চাফ-চিকুণতাৰ উপৰি মই থকা বিছনাৰ কাষ বা বহা ঠাইৰ ওচৰে পাজৰে এটা সময়ৰ মূৰে মূৰে ভাইটিয়ে চেনিটাইজাৰ স্প্ৰে কৰি দিছিল। অৱশ্যে ডাক্টৰৰ পৰামৰ্শ লোৱা নাই, এয়া আমাৰ সম্পূৰ্ণ নিজা চিন্তাত কৰা হৈছিল।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

2 replies on “অতৰ্কিতে অহা এজাক ধুমুহা – মাজু বসন্ত (Chiken Pox)”

বৰ সুন্দৰকৈ লিখিলা,মই মাজু আই আজিকালি নহয় বুলি ভাবিছিলো। ভাল পাইছা বুলি গম পাই ভাল লাগিল।

Like

অভিজ্ঞতাখিনি পঢ়াৰ বাবে অশেষ ধন্যবাদ জেঠাই। ময়ো নহয় বুলি ভাবিছিলোঁ। কেনেকৈ ক’ৰ পৰা যে হ’ল নাজানো। ভয় খালোঁ বহুত।
আপোনাৰ সাহসখিনি সদায় মনত ৰাখিম।

Like

Leave a comment