Categories
অনুভৱৰ পৃথিৱী অন্যান্য

এবুকু হেঁপাহ, এমুঠি সপোন, অলপ আশাৰে দুচকু ভৰুণ


সগৌৰৱে উজনি অসমত নিজৰ স্থিতি ঘোষণা কৰি থকা নাহৰৰ দেশ খ্যাত ঐতিহ্যমণ্ডিত ৰাজ্যিক বিশ্ববিদ্যালয়খনি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। দ্বিতীয় প্ৰৱেশদ্বাৰেদি সোমাই বাঁওফালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰখনৰ কাষে কাষে পকী পথটোৰে আহি টাৰ্নিঙত বাঁওফালে ঘূৰি দিলেই চকুত পৰে ওমলা ঘৰ। ওমলা ঘৰৰ কাষতেই মাত্ৰ কেইখোজমান আগবাঢ়ি আহিলেই দেখা পোৱা যায় এটা আহল-বহল প্ৰৱেশপথৰ সৈতে থিয় হৈ আছে তিনিমহলীয়া এটি সু-উচ্চ বিল্ডিঙ য’ত প্ৰৱেশদ্বাৰৰ দুয়োকাষৰ দেৱালত বৰ বৰ হৰফেৰে খোদিত কৰা আছে এফালে শিক্ষাতত্ত্ব বিভাগ আৰু আনফালে DEPARTMENT OF EDUCATION.(।)

আমি একেখন নাৱৰে যাত্ৰী

২০২২ চনৰ জুন মাহৰ কথা। তাৰিখটো পাহৰিলোঁ। সেইদিনা ক্লাছলৈ অহা নাছিলোঁ। বিভাগৰ আলোচনী সম্পাদকৰ দায়িত্বভাৰ লৈয়ে সহপাঠী প্ৰত্যুষে ফোন কৰি জনালে যে শিক্ষাচ’ৰাৰ পুঁজি সাময়িক অনাটনত! যাৰ বাবে বিভাগত বিদায় সভা উপলক্ষ্যে প্ৰকাশিত আলোচনী ‘সুগন্ধি শিপা’ হয়তো ছপা কৰিব পৰা নাযাব! কি কৰা যায়? তৎমুহূৰ্ততে মুখৰ পৰা ওলাল – ডিজিটেলি প্ৰকাশ কৰোঁ ব’লা। মুখেৰে ক’লোঁ হয়, মনৰ মাজত ভিৰ কৰিলেহি অজস্ৰ প্ৰশ্নবোধক চিনে। আলোচনীৰ অংগসজ্জা, লেখাসমূহ টাইপ, বৰ্ণাশুদ্ধি নিবাৰণ আদি কত কাম থাকে – বিনামূলীয়াকৈ যে কোনেও কৰি নিদিয়ে। এতিয়া নতুনকৈ শিকি আমি পাৰিমনে কৰিব ইমান কম সময়ত? তাতোকৈ ডাঙৰ কথা অনুমতি পামনে আমি বিভাগৰ পৰা?
কথাতে কয় নহয়, মন কৰিলেই চন বাকৰি মাটিতে ধন। আমাৰ ক্ষেত্ৰত সেয়া যেন বাৰুকৈয়ে ফলিয়ালে। অভিজ্ঞ ৱিকিমিডিয়ান দাদা এজনৰ পৰা কাম চলাব পৰাকৈ মাইক্ৰছফ্ট ‍‍ৱৰ্ডতে শিকি ল’লোঁ অংগসজ্জাৰ কাম। শিক্ষাগুৰুসকলৰ পৰা অনুমতি পোৱাৰ লগে লগে যুদ্ধংদেহি প্ৰস্তুতি আৰম্ভ। সম্পাদকৰ তৎপৰতা তথা বিচক্ষণ পৰিচালনাৰ বাবেই বিভাগীয় অগ্ৰজৰ লেখা, ছবি আদি যাৱতীয় তথ্য এক দুইকৈ ভালেখিনি আহি থাকিল। সঞ্চয়িতা, সুৰভি, ববী, নৱনীতা, ৰাজা, ঐশ্বৰ্য আদিয়ে লেখা টাইপ কৰাৰ পৰা বৰ্ণাশুদ্ধি নিবাৰণলৈকে, বিভাগৰ ঐতিহাসিক তথ্যৰ পৰা সকলোৰে আলোকচিত্ৰ যোগাৰ কৰালৈকে বহুখিনি কৰি দিলে। জ্যোতিকাৰ তুলিকাত বেটুপাত সাজু। এই সকলোখিনিৰ উপৰি অংগসজ্জাৰ কামখিনি কৰোঁতে ক’ৰবাত কিবা ঊনৈশ-বিশ হোৱা যেন কামবোৰ যেনেকৈ মিলাব পাৰি সেইমতেই কৰি যাবলৈ সম্পাদকে দিলে মোক অবাধ স্বাধীনতা। দ্বিতীয় ষাণ্মাসিকৰ ব্যাৱহাৰিক কাকতকে ধৰি বিভিন্ন গৃহকৰ্মৰ চাপৰ সমানে সমানে চলিছিল আমাৰ দিন-ৰাতি আলোচনীৰ কাম। আনকি ছপা কৰিবলৈ পঠোৱাৰ আগমুহূৰ্তলৈকে সম্পাদনাৰ উপৰি সম্পাদনা চলি থাকিল। এফালে মুখ্য উপদেষ্টা প্ৰফেছাৰ প্ৰবীণ কুমাৰ গগৈছাৰক বিভাগৰ ইতিহাস তথা তথ্য বিচাৰি অহৰ্নিশে আমনি কৰি থাকিলোঁ, আনফালে প্ৰতিক্ষণে কামৰ অগ্ৰগতিৰ খতিয়ান লৈ সাহস আৰু উৎসাহ দি গ’ল নতুন সভাপতি যুস্মিতা গগৈ বাইদেৱে। এক সন্মিলিত প্ৰয়াসত মাত্ৰ তিনি নে চাৰিদিনতে সম্পূৰ্ণ হৈ উঠিছিল সুগন্ধি শিপা। পাহৰিব নোৱাৰা সময়! যেন এই অলপ আগতহে আলোচনীখন সম্পূৰ্ণ হৈ উঠিছে; গগৈছাৰ, যুস্মিতাবাইদেউ, প্ৰত্যুষ, নৱনীতাই আঙুলিয়াই দিয়া ভুলখিনি সম্পাদনা কৰি কৰি পুনৰাই ফাইলটো দিছোঁ; নতুনকৈ চকুত পৰা নামটো শুধৰাইছোঁ, চন শুধৰাইছোঁ, পুনৰ ফাইলটো দিছোঁ – চক্ৰাকাৰ গতিত চলি আছে যেন এতিয়াও!

এতিয়াও? এতিয়া ২০২৩ চন, মে’ মাহৰ ১২ তাৰিখ। যি সুগন্ধি শিপাৰ কাম কৰিছিলোঁ যোৱাবছৰ, সেই সুগন্ধি শিপালৈকে আজি এঘাৰমাহৰ পিছত প্ৰাক্তন হ’বলৈ গৈ থকাৰ ক্ষণত কলম তুলিছোঁ – অনুজৰ হাতত দিবলৈ বুলি। এক বা দুই নহয়, প্ৰায় চাৰিবছৰীয়া স্মৃতিৰ ভৰত আঁত বিচাৰি বাট হেৰুৱাইছে হাতৰ কলমে।


উভতি চালেই স্মৃতিৰ পাহাৰ

চাৰিবছৰ! একেটা বিভাগতে, দুটা পাঠ্যক্ৰম বা দুটা ডিগ্ৰী। নাভাবিলে একো নাই, কিন্তু ভাবিলেই একপ্ৰকাৰ সপোন যেন লাগে। শিক্ষা স্নাতকৰ লগতে যে একেই বিভাগৰ পৰাই শিক্ষা স্নাতকোত্তৰো শেষ কৰিব পাৰিম, সেয়া দুবছৰ পূৰ্বে মোৰ বাবে আছিল প্ৰায় অলীক কল্পনা। ২০২১ চনৰ ৬ অক্টোবৰ বোধহয়। সন্ধিয়া নে ৰাতিৰ সময়ত হোৱাটছআপ খুলি গম পাইছোঁ যে এম.এডৰ মেধা-তালিকা প্ৰকাশ পালে, ছীট পাইছোঁ। পৰীক্ষাৰ ফলাফল দিয়াৰ সময়ত ছীট পাম নে নাপাম সেয়া গম পোৱা নাছিলোঁ আৰু বিভিন্ন ঘৰুৱা সমস্যাৰ বাবেও প্ৰায় নপঢ়াটোকেই সিদ্ধান্ত লৈছিলোঁ। আনকি প্ৰৱেশ পৰীক্ষাৰ প-পত্ৰৰ পূৰণো ৰাজৰ্ষিৰ পৰা গম পোৱাৰ পিছতহে কৰি থৈছিলোঁ। কিন্তু ৰাতিৰ তালিকাখনে সকলো ওলট-পালট লগাই দিলে। তাতে কেইদিনমান পূৰ্বে ভূপতি ছাৰে পাৰ্যমানে পঢ়িবলৈ উৎসাহ দি আছিল। হ’লেও সমস্যাৰ যেন অন্তই নপৰিব। নামভৰ্তিৰ তাৰিখ দিছে ৮ অক্টোবৰ। এফালে মোৰ জ্বৰ, পানীলগা(ক’ভিড নাছিল)ত অৱস্থা কাহিল। এই অৱস্থাত নামভৰ্তিৰ বাবে যোৱাটো নিজৰ লগতে আনৰ কাৰণেও ভাল নাছিল। সেয়ে বিভাগীয় মুৰব্বী শ্ৰদ্ধাৰ ডঃ কৃষ্ণ প্ৰসাদ গগৈ ছাৰৰ অনুমতিত গিৰিন্দ্ৰই সকলো নথি-পত্ৰ, অথৰাইজ লেটাৰ লৈ আহি নিজৰ লগতে মোৰো এডমিশ্যনটো লৈ নিদিয়া হ’লে আজি মই এইদৰে এই লেখা লিখি নাথাকিলোঁহেতেন। চিৰঋণী মই ভাই গিৰিন্দ্ৰৰ ওচৰত।


অতীত পাহাৰ বগাবলৈ মনেই যথেষ্ট

এনেকৈয়ে অনেক শুভাকাংক্ষীৰ অনুগ্ৰহ, সহায়, উৎসাহতে ২০২১-২৩ বৰ্ষৰ শিক্ষা স্নাতকোত্তৰৰ পাঠ্যক্ৰমত নিজকে নিয়োজিত কৰাৰ সুবিধা লাভ কৰোঁ। বিভিন্ন দিশৰ পৰা এই সময়ছোৱা মোৰ বাবে প্ৰত্যাহ্বানজনক আছিল। ইংৰাজীলৈ থকা অহেতুক ভয়ৰ বাবেই দুবছৰীয়া শিক্ষা স্নাতক সাং কৰিছিলোঁ অসমীয়া মাধ্যমত কিন্তু পাহৰি গৈছিলোঁ শিক্ষা স্নাতকোত্তৰত ইংৰাজী মাধ্যম বাধ্যাতামূলক। ভয় লাগিলেও শুভলক্ষ্মী বাইদেউৰ সাহভৰা মৃদুধমকিয়ে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ উৎসাহ দিছিল। মই ভাগ্যৱান যে প্ৰথম ষাণ্মাসিকৰ পৰা চতুৰ্থ ষাণ্মাসিকলৈকে সহপাঠীসকলে মোক যিকোনো বিষয় বিচৰা মাত্ৰকে বুজাই দিছিল। বিশেষকৈ নৱনীতা, প্ৰত্যুষ, ৰাজৰ্ষি, ঐশ্বৰ্য আদিক কিমান যে ইটো সিটো সুধি আমনি কৰিলোঁ ঠিক নাই। গোট পৰীক্ষা বা চূড়ান্ত পৰীক্ষা যিয়েই নহওক, আগদিনালৈকে কনফাৰেন্স কলযোগে কৰা দলীয় আলোচনাসমূহে বহুত উপকাৰ কৰিছিল। আন নহ’লেও, গিৰিন্দ্ৰ, ময়ূৰী আৰু মই গোটেই কাকতখনেই আলোচনা কৰি পঢ়িছিলোঁ। মাজে মাজে সম্প্ৰীতিও আমাৰ আলোচনাৰ অংশীদাৰ হৈছিল। এতিয়াও মনত পৰে, প্ৰথম ষাণ্মাসিকত এটা বিষয়ত প্ৰস্তুতি অবিহনে ছেমিনাৰ দি দিবলগীয়া হোৱাত মাত্ৰ পাঁচ নে দহ মিনিটত আধা বুজাকৈয়ে কৈ আহি চৰম লজ্জা আৰু হীনমন্যতাত হোষ্টেলৰ কোঠাত আহি কান্দিছিলোঁ আৰু গীতা বাইদেউক কথাখিনি জনাইছিলোঁ। বাইদেউৰ বুজনিতহে মই স্বাভাৱিক হ’ব পাৰিছিলোঁ পিছৰ ক্লাছসমূহত। কিছুমান সৰু যেন লগা ঘটনা, কথাও যে আমাৰ জীৱনৰ বাবে কিমান বেছি মূল্যৱান সেয়া পিছতহে অনুভৱ কৰা যায়। সেই ঘটনাটোও মোৰ বাবে তদ্ৰূপ আছিল।

মাজতে ক’ভিডৰ বন্ধ, শিক্ষাবৰ্ষক ক’ভিডপূৰ্বৰ সৈতে মিলাবলৈ ষাণ্মাসিকবোৰ ছয়মাহৰ ঠাইত চাৰিমহীয়া কৰাৰ পৰিপ্ৰেক্ষিতত মাথোঁ এবছৰতে আমাৰ এম.এডৰ প্ৰথম তিনিটা ষাণ্মাসিক শেষ। কিন্তু সেই এবছৰতে আমি কি কৰা নাই? কাৰণ থাকক বা নাথাকক একেলগে চাহৰ মেল, দৈ-গুড়-চিৰা-মিঠাইৰে জে চি এন ফিল্ডত জলপানৰ মেল, কাৰোবাৰ ঘৰত কিবা থাকিলেই ঘৰৰ পৰা অনা প্ৰসাদ, পায়স, লাড়ু, পিঠা খাবলৈ হেতা-ওপৰা লগা, বাৰ্থদেপাৰ্টিবোৰ, আনকি এটা শিলিখাকো বাৰভাগ কৰি খোৱালৈকে আমাৰ খাদ্যমেলৰ পুৰাণ শেষ নহয় কেতিয়াও। মূৰ বিষ, জ্বৰ আদি সাধাৰণ অসুখত ক্লাছ কৰিবলৈ আহিবলৈ নোৱাৰা সহপাঠীক ঘৰুৱা বিধান দি দি মটিভেশ্যনৰে বেমাৰ ভাল কৰি দিয়াৰ দৰে অলৌকিক কামো কৰিছিলোঁ আমি। মুঠৰ ওপৰত আমি নিজকে নিজে নাম দিছিলোঁ ‘মেডিয়ান (Madian)’ মানে ‘পাগলসোপা’!
হাঁহি-ধেমালিৰে সময়বোৰ পাৰ কৰি থাকোঁতে দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ আগে আগে হঠাতে সময়ে বেলেগ গতি ল’লে। পঁচিশজনৰ পৰা গৈ গৈ আমি পৰীক্ষাৰ্থী আছিলোঁগৈ মাত্ৰ বাৰজন। সেই বাৰজনৰ মাজৰে এজন হৈ ৰৈ যোৱাটো মোৰ বাবে মুঠেই সহজ নাছিল। শাৰীৰিক, মানসিক কষ্টৰে জুৰুলা হৈ দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱালৈকে প্ৰতিক্ষণে বাধাৰ প্ৰাচীৰ কিছুমান গঢ়ি উঠিছিল। কেইবাজনো শিক্ষাগুৰুৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সদিচ্ছা-সাহস-আশীৰ্বাদ আৰু সেই এঘাৰজন সহপাঠী(ইতিপূৰ্বে উল্লিখিতসকলৰ লগতে ৰিমঝিম আৰু কৰবীবা)ৰ আকুণ্ঠ সহযোগ নোপোৱাহ’লে পিছৰ দুটা ষাণ্মাসিক মই পাৰ কৰিব নোৱাৰিলোঁহেতেন। এই সুযোগতে সেই সকলোলৈকে মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

দ্বিতীয় ষাণ্মাসিকৰ মনোবৈজ্ঞানিক ব্যাৱহাৰিক আৰু যোগাসনৰ ব্যাৱহাৰিক, তৃতীয় ষাণ্মাসিকৰ ইণ্টাৰ্নশ্বিপ আৰু অণুশিক্ষণৰ পৰ্যবেক্ষণ আছিল আমাৰ বাবে তিতা-মিঠাৰ স্মৃতি। পাঠ্যক্ৰমৰ বাহিৰেও নিত্য নতুন অভিজ্ঞতাৰে পুষ্ট হৈছিলোঁ এইসমূহৰ দ্বাৰা। বিশেষকৈ যেতিয়া ডিজাৰটেচনৰ কাৰণে ৰিচাৰ্জ প্ৰপজেল দিবলগীয়া সময় আহি পৰিল, তত্ত্বাৱধায়ক শ্ৰদ্ধাৰ প্ৰাঞ্জল ছাৰৰ লগত কৰা আলোচনাবোৰে মোক চিন্তাৰ এক ন-দুৱাৰ খুলি দিছিল। কেইবাদিনো আলোচনা-সন্ধানৰ অন্তত বিষয় নিৰ্বাচনৰ পৰা প্ৰপজেলটো লিখি বাৰে বাৰে শুধৰণি/সংশোধন কৰি কৰি শেষত প্ৰেজেণ্টেশ্যন দিয়ালৈকে কিমান যে টেনছন হৈছিল! হ’লেও কামটো মোৰ বাবে ভাল লগা আছিল কাৰণ ছাৰে মোক মোৰ প্ৰিয় বিষয়-ক্ষেত্ৰৰ লগত জড়িত কৰাইছিল। গণিতৰ পুৰণি পাঠ্যপুথি বিচাৰি কেইবাখনো বিদ্যালয় ভ্ৰমণ কৰাৰ লগতে উৰ্ধতম কতৃপক্ষলৈকে যোগাযোগ কৰিছিলোঁ। কেইবাজনো গণিত-সাধকৰ সৈতে কথা পাতিছিলোঁ। দুই তিনিবাৰ গুৱাহাটীলৈ গৈও সন্ধান চলাইছিলোঁ। নতুন নতুন ব্যক্তি, প্ৰতিষ্ঠানৰ সৈতে চিনাকী হোৱাৰ, নতুন কথা শিকাৰ সুখকৰ অভিজ্ঞতাৰ লগতে এই সময়খিনিতে আৱিষ্কাৰ কৰিছিলোঁ আন এক অপ্ৰিয় সত্য যে আমাৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথিসমূহৰ কোনো প্ৰণালীবদ্ধ সংৰক্ষণ আজি পৰ্যন্ত হৈ উঠা নাই। দুখলগা কথা যে অসমৰ বিভিন্ন প্ৰান্তত থকা পুথিভঁৰালসমূহতো পাঠ্যপুথিৰ তেনেই অনাদৰ। দুই-এক বিদ্যালয়-মহাবিদ্যালয়ৰ পুথিভঁৰাল আৰু ব্যক্তিগত সংগ্ৰাহালয় কিছুমানতহে জীয়াই আছে এই গ্ৰন্থসমূহ যিবোৰৰ ঐতিহাসিক মূল্য বুজিবলৈ আমাৰ এতিয়াও বাকী। এই কথাখিনি উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ এই কাৰণেই যে এই লেখাটো পঢ়ি থকা ব্যক্তিসকলৰ নিজা সংগ্ৰহত যদি অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি আছে, তেন্তে সেয়া ৰখাৰ বাবে ধন্যবাদ জনাই যাতে ভৱিষ্যতলৈকো সযতনে থ’বলৈ মই অনুৰোধ কৰিব পাৰোঁ। ঐতিহাসিক মূল্যৰে ভৰপূৰ এই সম্পদসমূহ সোনকালেই আৰ্কাইভ হিচাপে ৰখাৰ ব্যৱস্থা হয়তো হৈ উঠিব।

ডিজাৰটেচনৰ কথা উল্লেখ কৰিবলৈ গৈ ক’ৰবাত পালোঁগৈ। আচলতে তৃতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ কাৰণে ডিজাৰটেচনক লৈ ইমান বেছি চিন্তিত হৈ থকা গৈছে যে সকলো সময়তে কেৱল এই এটা শব্দই সমগ্ৰ মনসত্তা এনেভাৱে অধিকাৰ কৰি আছে য’ত গতানুগতিক ক্লাছ, এছাইণ্টমেণ্টৰ অস্তিত্ব অনুভৱেই নহয়। অথচ শৈক্ষিক বিষয়সমূহৰ উপৰি দ্বিতীয় ষাণ্মাসিকৰ পৰা তৃতীয় ষাণ্মাসিকলৈকে বিভাগত বিভিন্ন আলোচনী, প্ৰাচীৰ পত্ৰিকা, শিক্ষক দিৱস, বিশ্ববিদ্যালয় সপ্তাহৰ কামকে ধৰি আদি কত যে কি হোৱা নাছিল। বিদায় সভা, নৱাগত আদৰণি সভা, শিক্ষক দিৱস আদিত আগদিনা সন্ধিয়ালৈকে কাম কৰি সভাৰদিনা আঠ নৌবাজোঁতেই হোষ্টেলৰ পৰা বিভাগলৈ ওলাই অহা সময়বোৰ কোনস’তে পাহৰিব পাৰি? শিক্ষক দিৱসৰ প্ৰাচীৰ পত্ৰিকাখন মাত্ৰ ষোল্ল ঘণ্টামানতে সম্পূৰ্ণ কৰাটো সপোনৰো অগোচৰ আছিল।

এইখিনিতে বিশ্ববিদ্যালয় সপ্তাহৰ কিছু কথা নকৈ নোৱাৰি। বিভাগলৈ অহাৰপৰাই শুনি আহিছোঁ, দেখি আহিছোঁ, অন্যান্য বিভাগৰ তুলনাত অধিক সংখ্যক সদস্যৰ উপস্থিতিক সদব্যৱহাৰ কৰি শিক্ষাতত্ত্ব বিভাগে একেৰাহে কেইবাবাৰো সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম স্থান(২০২২ লৈকে) অধিকাৰ কৰি আহিছে। নিঃসন্দেহে ইয়াৰ আঁৰত আছে প্ৰতিটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মিলিত প্ৰচেষ্টা। ২০২০ চনত হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাৰ কামত দিন-ৰাতি জড়িত হৈ থকাৰ বাবে সাংস্কৃতিক শোভাযাত্ৰাত যাবলৈ নাপালোঁ যদিও ২০২১ ত অংশ লোৱাৰ সৌভাগ্য হয়। সেইবাৰ বিষয়বস্তু আছিল তাঁতশাল। ইয়াৰ পিছৰবাৰ, অৰ্থাৎ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ সঞ্চয়িতা বিভাগীয় প্ৰতিনিধি হৈ থাকোঁতে অনুষ্ঠিত বিশ্ববিদ্যালয় সপ্তাহৰ সময়ত আমাৰ ইণ্টাৰ্নশ্বিপ আৰম্ভ হৈছিল। ফলশ্ৰুতিত আলোচনীৰ দুই-এটা কাম কৰি দিয়াৰ বাহিৰে বিশ্ববিদ্যালয় সপ্তাহত সক্ৰিয়ভাৱে মই অংশ নল’লোঁ। কিন্তু মানিব লাগিব, স্নাতকোত্তৰৰ আৰু শিক্ষা স্নাতকৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ সহপাঠী নৱনীতা, সাংস্কৃতিক সম্পাদিকা সম্প্ৰীতি, ময়ূৰী, ঐশ্বৰ্য, জেনী আদিয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ সমস্ত দায়িত্ব চম্ভালিলে। সদস্যসকলৰ সৈতে দুখনকৈ আলোচনীৰ কাম কৰি সময়ত শেষ কৰি দিলে আলোচনী সম্পাদক প্ৰত্যুষে। সেইকেইদিনত ইমান শৈক্ষিক চাপৰ মাজতো ইহঁতৰ কৰ্মস্পৃহা আছিল প্ৰশংসনীয়। সকলোফালে পৰিচালনা কৰিব পৰাৰ ইমান শক্তি মোৰ নাছিল। অনস্বীকাৰ্য যে কেৱল বিশ্ববিদ্যালয় সপ্তাহ বুলিয়েই নহয়, বিভাগৰ সকলো কামতে বিভিন্ন ধৰণে আমাৰ সহপাঠীসকল সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। বিভাগৰ পুথিভঁৰালৰ কাৰণে কিতাপৰ তালিকা প্ৰস্তুত কৰাৰ পৰা সংগ্ৰহ কৰালৈকে মানসদা আৰু কাৰ্তিকে উপাধ্যায় ছাৰক সকলো সময়তে সহযোগ কৰিছিল।
উল্লেখযোগ্য যে আমাৰ বিভাগৰ এটা বৈশিষ্ট্য হৈছে – যিকোনো সভা, অনুষ্ঠান আদি সময়মতে হ’বই লাগিব, লাগিলে উপস্থিত সদস্য এজনেই হওক। আয়োজক সমিতি হিচাপে শিক্ষাগুৰুসকলক অনুৰোধ কৰিলে অতিবেছি পাঁচ বা দহ মিনিটমানহে আমাক দিয়ে। ‘অসম ইজ এ লেণ্ড অৱ লাহে লাহে’ৰ মাজত সময়ৰ মূল্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ পৰা শিকিব লাগে। নক’লেও হ’ব, তেনে এটা বিভাগৰ সদস্য হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ।


এৰি অহা কেঁকুৰিত এখন্তেক জিৰণি

বি.এডৰ সময়খিনিক এৰি এম.এডৰ স্মৃতিক সুকীয়াকৈ ৰোমন্থন কৰা মোৰ পক্ষে সম্ভৱ নহয়। প্ৰৱেশ পৰীক্ষা নিদিয়ালৈকে ভবাই নাছিলোঁ যে বি.এড কৰিম। মিছা নকওঁ, স্নাতকোত্তৰৰ পিছত এবছৰ লোকচান(?) কৰাৰ পিছত কিবা এটা নকৰিলে নহ’ব বুলি ভাবি ইনেই থকাতকৈ বি.এডতে পালে সোমাই যাওঁ নেকি বুলিয়ে পৰীক্ষাটো দিছিলোঁ। পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি খবৰ পোৱাৰ মুহূৰ্তৰ পৰাই সময় যেন সলনি হৈ গ’ল। তেতিয়ালৈ বি.এড কৰিম আৰু চৰকাৰী শিক্ষানুষ্ঠানতহে কৰিম বুলি সিদ্ধান্ত মনৰ মাজতে হৈ গৈছে যাতে ঘৰত দেউতাক আৰ্থিকভাৱে বেছি হেঁচা দিবলগীয়া নহয়।

পঢ়িবলৈ অহাৰ আগত চিনাকি বুলিবলৈ আছিল মাথোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বন্ধু অঞ্জন, জিষ্টৰ সহপাঠী প্লাৱিতা আৰু নৱনীতা(মাত্ৰ কেইদিনমান আগত দিয়া পৰীক্ষা এটাৰ জৰিয়তে চিনাকি)। অতি কম সময়তে আমাৰ সহপাঠী হোৱা ভূপতিছাৰ, বীণাবাইদেউ, প্ৰীতি বাইদেউ, মন্দিৰাবাইদেউ আৰু অকণমাণি বৰ্ণালীবাইদেউৰ দৰে পাঁচজন বন্ধুসুলভ ডেপুটেড শিক্ষাগুৰুৰ লগতে সম্প্ৰীতি, কৰ্ণ, পাৰ্থজ্যোতি, পাৰ্থসাৰথি, কাব্যশ্ৰী, ৰণদীপদা, গিৰিন্দ্ৰ, গাৰ্গী, চন্দন, সৌৰভ, ৰিম্পী, অভিজিত, মৃণাল, মনালিছা, ৰাজৰ্ষি, মনীষা, পূজা, ভাগ্যশ্ৰী, চিম্পী, ডিম্পী, জয়শ্ৰী, মানসী, পাপৰি, প্ৰণামিকাবা, পিংকি, পৰিস্মিতা, সম্পূৰ্ণা, সংগীতা, পম্পী আদিকে ধৰি প্ৰায় পঞ্চাশজনীয়া আমাৰ বি.এড পৰিয়ালটো পূৰ্ণ হৈ উঠিছিল।
ভূপতি ৰঞ্জন শইকীয়া ছাৰক প্ৰথম অৰিয়েণ্টেছনৰ দিনা দেখাৰ লগে লগে সময় যেন ন বছৰ আগলৈ ঘূৰি গৈছিল। যদিও ছাৰে শিক্ষকতা কৰা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই ছাত্ৰী নাছিলোঁ, তথাপিতো দশম শ্ৰেণীত বিশেষ ক্লাছ তথা পৰীক্ষাৰ বাবে তালৈ অহা-যোৱা কৰিছিলোঁ আৰু তেতিয়াই পাইছিলোঁ ছাৰক গণিতৰ শিক্ষাগুৰু হিচাপে। সেই শিক্ষাগুৰুকে এতিয়া ন বছৰৰ মূৰকত বি.এডত সহপাঠী হিচাপে পোৱাৰ ক্ষণত মনটো যে কেনেকুৱা আনন্দ-গৌৰৱ মিশ্ৰিত ভাৱত উথলি উঠিছিল সেয়া ভাষাৰে প্ৰকাশ কৰিবলৈ মই অসমৰ্থ। দুবছৰীয়া বি.এড যাত্ৰাত পদে পদে ছাৰৰ সহায়-পৰামৰ্শ লোৱাৰ পৰা আৰম্ভ কৰি প্ৰায়ে মৰাণলৈকে ছাৰৰ গাড়ীতে অহা-যোৱা কৰালৈকে কিমান যে আমনি দিলোঁ ছাৰক। বিশেষকৈ বীনা বাইদেউৰ খুহুতীয়া কথাবোৰ আৰু প্ৰীতি বাইদেউৰ সান্নিধ্যৰে আমাৰ চাৰিওজনৰ বাবে অহা-যোৱা কৰা সময়খিনি আজিও বৰ স্মৰণীয়।

ক’ভিডৰ বন্ধ যিদৰে সকলোৰে বাবে অনাকাঙ্ক্ষিত আছিল, আমাৰ বাবে প্ৰথম মুহূৰ্তত ই আছিল আটাইতকৈ সুখৰ খবৰ। প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন কৰিবলৈ ৰৈ থকা অৱস্থাত মূৰব্বী অধ্যাপিকা মানসী গগৈ বাইদেৱে যেতিয়া পোন্ধৰদিনৰ বন্ধৰ খবৰটো দিলে, মই, মৃণাল আৰু চুমীয়ে এটা কথাই পাতিছোঁ যে, বঢ়িয়া, অন্ততঃ কাইলৈকে ক্লাছ কৰিবলৈ আহিব নালাগে, শুব পাৰিম। কভিডৰ ভয়াবহতাৰ কথা চিন্তা নকৰাকৈ, মনলৈ ননাকৈ সেই মুহূৰ্তত যে আমি কেৱল জিৰণিৰ কথা পাতি আনন্দ কৰিছিলোঁ, তাতেই গম পোৱা গৈছিল ভাৰ্ছিটি সপ্তাহৰ সময়ৰ প্ৰায় দুইসপ্তাহ দিন-ৰাতি এক কৰি কাম কৰোঁতে আমি কৰা কষ্টৰ কথা, যি কষ্টৰ ভাগৰে হেঁচা মাৰি ধৰিছিল একেবাৰে শেষৰ দিনটোত। পিছে দুদিন ভাগৰ মৰাৰ পিছতে অনুভৱ কৰিছিলোঁ সেই সময়খিনিত আচলতে হৈ আছে কি ! আমি আকৌ বিশ্ববিদ্যালয়লৈ কেতিয়া যাম? দ্বিতীয় ষাণ্মাসিক পৰীক্ষা নিদিয়াকৈয়ে কেৱল এচাইণ্টমেণ্টতে শেষ হৈ যাব বুলিনো আমি কিমানে ভাবিছিলোঁ? তৃতীয় ষাণ্মাসিকত যে যেনেতেনে অণুশিক্ষণৰ অভ্যাসনটোলৈকেহে আমি বিশ্ববিদ্যালয়ত থাকিব পাৰিম, ষাণ্মাসিকৰ পৰীক্ষা ঘৰৰ পৰাই অনলাইনত(ইণ্টাৰনেটৰ দুৰৱস্থাৰ সৈতে যুঁজি যুঁজি) অৱতীৰ্ণ হ’ব লাগিব কোনেনো কল্পনা কৰিছিলোঁ? চতুৰ্থ ষাণ্মাসিকত নিজ নিজ বিদ্যালয়ত অনলাইনযোগে শিক্ষণ-অভ্যাসন, কৰ্ম-অভিজ্ঞতাৰ বস্তু তৈয়াৰ কৰি একেবাৰে চূড়ান্ত পৰীক্ষাটোহে বহিঃমূল্যায়কৰ উপস্থিতিত বিভাগত দিওঁহি। দুবছৰীয়া যাত্ৰাটো আমাৰ বাবে যেন দহমহীয়াও নাছিল। যদিও সময়ৰ আহ্বানত ডিজিটেল সজাগতাৰ ঢৌ এটা হাতে-কামে উঠিল, তথাপি আমি যেন বহু কিবা-কিবি হেৰুৱালোঁ! মোৰ সেই অফলাইন ক্লাছ কৰিবলৈ নোপোৱাৰ বাবে বহুত কিবা-কিবি শিকাৰ পৰা বঞ্চিত হোৱাৰ অনুভৱটো আজিও আছে।
কিন্তু এয়াও অনস্বীকাৰ্য যে পাঠ পৰিকল্পনা, গৃহকৰ্ম, শিকন-শিক্ষণ সামগ্ৰী, সামাজিক কৰ্ম, জাননী, দৈনিক ৰুটিন, ব্লু প্ৰিণ্ট, প্ৰশ্নকাকত প্ৰস্তুতকৰণ, আত্মবোধ, কৰ্ম-অভিজ্ঞতা আদিকে ধৰি এশ এবুৰি কামৰ চাপে শেষ মুহূৰ্তলৈকে এনেভাৱে ব্যতিব্যস্ত কৰি ৰাখিছিল যে কোনো কোনো সময়ত কামবোৰ অপ্ৰয়োজনীয় যেনো অনুভৱ হৈছিল। তথাপি পাঠ্যক্ৰমৰ বাহিৰত আমি কোনেও যে একো কৰিব নোৱাৰোঁ। অৱশ্যে শিকিলোঁ বহুতখিনি। কষ্ট কৰি কৰি নিজৰেই শক্তি পৰীক্ষাৰো সুবিধা বি.এডেই দিলে। বি.এডে সকলোকে উপলব্ধি কৰোৱা আটাইতকৈ ডাঙৰ দিশটো হ’ল সহযোগিতামূলক কামৰ গুৰুত্ব।
এদিন গিৰিন্দ্ৰৰ “বাইদেউ মোক ৰাখী নিপিন্ধাই নেকি” বোলা খুহুতীয়া কথাৰ ফলশ্ৰুতিতেই মই পাইছিলোঁ দুটাকৈ ভাই-ককাই, গিৰিন্দ্ৰ আৰু ৰণদীপদা। আৰম্ভণিৰে পৰা নিজৰ ব্যতিক্ৰমী চলন-ফুৰণ তথা প্ৰতিভাৰে সকলোকে চমকিত কৰি ৰখা ৰণদীপদা মোৰ বাবে বিভাগে দিয়া অন্যতম উপহাৰ। ইহঁত দুটাৰ কথা লিখি থাকিলেও শেষ নহ’ব কাহানিও। লগতে সেই কম সময়তেই লাভ কৰিলোঁ কৌশিকা, সুৰজিতা, প্ৰহেলিকাৰ দৰে ভগ্নী, সন্ধ্যাবা, মন্দিৰাবা, প্ৰিয়ংকাবা, তাছাদা, লৱদা, শশাংকদা আদি দাদা-বাইদেউ। এডুকনক্লেভে চিনাকি কৰাই দিলে অভিনন্দনক। সকলোৰে নামবোৰ এই মুহূৰ্তত মনত পৰা নাই কিন্তু সেই সময়ৰ শিক্ষাতত্ত্ব বিভাগৰ পৰিয়ালে একেলগে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, ৰাষ্ট্ৰীয় শিক্ষা দিৱস আদি উদযাপন কৰি বিচিত্ৰ অভিজ্ঞতাৰে পুষ্ট হৈছিলোঁ। বিভাগৰ দিহানাম আৰু হোলীগীত চাই বেলেগ বিভাগেও যেতিয়া আমাক নিমন্ত্ৰণ কৰিছিল, আমি আচৰিত নহৈ নোৱাৰিছিলোঁ। মধুৰ সময়বোৰ স্মৃতিৰ মানসপটত সদায়ে ভাহি থাকিব।


পাহাৰৰ শিখৰত

শিক্ষাগুৰুসকল হৈছে শিক্ষাতত্ত্ব বিভাগৰ অন্যতম প্ৰাণকেন্দ্ৰ। তেওঁলোকৰ অৰ্হতা কিম্বা বিচক্ষণতাক লৈ কিবা লিখিবলৈ মোৰ ধৃষ্টতা নাই। নিয়মিত পাঠদান কৰাৰ উপৰি তেওঁলোকৰ বিশেষ কিছুমান কথাই মোক বৰকৈ প্ৰভাৱিত কৰিছিল। মনত পৰে, ২০২০ চনৰ মে’ মাহত, ভৰপক লকডাউনৰ সময়ত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসৰ(য’ত ময়ো অংশগ্ৰহণ কৰিছিলোঁ) ফলাফল সম্পৰ্কীয় খবৰ এটা বাতৰি কাকতত প্ৰকাশ পাইছিল। অসমীয়া ৱিকিউৎসৰ সৈতে প্ৰায় এবছৰ ধৰি জড়িত হৈ কাম কৰি থকা মোৰ বাবে সেই খবৰটো বাতৰি হ’বলগীয়া ধৰণৰ বিষয় নাছিলেই। কিন্তু কাকতত খবৰটো পায়েই দুজনকৈ শিক্ষাগুৰু, প্ৰফেছাৰ প্ৰবীণ গগৈ ছাৰ আৰু ডঃ প্ৰাঞ্জল বুঢ়াগোঁহাই ছাৰে ফোন যোগে অভিনন্দন জনালে। বিভাগত এটা মাত্ৰ ষাণ্মাসিক পাৰ হৈছিল আমাৰ। তেনেস্থলত ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অধমৰ সৰু খবৰ এটাকো যে তেওঁলোকে ইমান গুৰুত্ব সহকাৰে ল’ব সেয়া মোৰ বাবে একেবাৰে অনাকাঙ্ক্ষিত আছিল। তেতিয়া কোনোমতে সেপঢুকি ধন্যবাদ জনোৱাৰ বাহিৰে মোৰ আৰু মুখৰ মাতেই নোলাল। এনে পৰিস্থিতিকেই চাগৈ বাকৰুদ্ধ হোৱা বুলি কোৱা হয়। আনকি গগৈ ছাৰে ফোন থোৱাৰ আগমুহূৰ্তত “এইবোৰৰ লগতে পঢ়া-শুনাও কৰি থাকিবি” বোলা কথাষাৰ চিৰদিন মোৰ কাণত বাজি থাকিব। সকলো বিষয়তে বিচক্ষণ এই শিক্ষাগুৰুসকলৰ এনে গুণৰাজিৰ বাবেই তেওঁলোক অনন্য।

তেনেদৰেই পাহৰিব নোৱাৰা এটা অভিজ্ঞতা হৈছিল প্ৰফেছাৰ ডেইজী বৰা তালুকদাৰ বাইদেউৰ লগত, ২০২০ বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহৰ সময়ত। হাতে লিখা আলোচনীখন সম্পাদনা কৰি থাকোঁতে আলোচনীৰ বাবে প্ৰয়োজন হোৱা শুভেচ্ছাবাণীৰ বাবে উপাচাৰ্য মহোদয়ৰ ওচৰলৈ মোৰ হৈ অঞ্জন আৰু ৰাজৰ্ষি গৈছিল। ইফালে বিভাগৰ ডেইজী বাইদেউৰ পৰাও এটি শুভেচ্ছাবাণীৰ প্ৰয়োজন। কিন্তু কোনো নাযায়, ভয়ত, বাইদেউক খোজাৰ ভয়ত। উপায়ন্তৰ হৈ ময়ে কামৰ মাজতে সাহ কৰি (অথচ ভয়ে ভয়ে) বাইদেউৰ আগত কথাখিনি জনালোঁ। মোৰ ভয় অমূলক বুলি প্ৰমাণ কৰি দুই মিনিটতে বাইদেৱে লিখি দি দীপ্ৰমনদাদাক ছপা কৰিবলৈ দি দিলে। সদায় ভয় কৰি থকা বাইদেউৰ পৰা সেই সময়ত পোৱা তাৎক্ষণিক সঁহাৰিয়ে আমাৰ সকলোকে সমানে আচৰিত আৰু মুগ্ধ কৰিছিল।

এম.এডত সকলোৰে বাবে ত্ৰাসৰ কাৰণ হৈছে গৱেষণা পদ্ধতিৰ কাকতখন। আন সকলো গুণ বাদ দিও একমাত্ৰ এইখন কাকতৰ বাবেই আমি চিৰদিন মনত ৰাখিম প্ৰফেছাৰ মানসী গগৈ বাইদেউ, প্ৰফেছাৰ মুকুট হাজৰিকা ছাৰ আৰু ডঃ অমৰ উপাধ্যায় ছাৰক। বিশেষকৈ কলা শাখাৰ পচ্ছাদপৎৰ কথা চিন্তা কৰি কাকতখনত থকা অংকসমূহ একেবাৰে মৌলিক পৰ্যায়ৰ পৰা খুঁটি-নাতি মাৰি বুজোৱা মানসী বাইদেউ আৰু হাজৰিকা ছাৰক ধন্যবাদ দিবই লাগিব। গৱেষণা কাকতখনৰ লগত জড়িত বিষয়বস্তুক কেৱল পৰীক্ষাৰ গণ্ডীতে নাৰাখি বাস্তৱ প্ৰয়োগৰ হকে আমাক চিন্তাৰ খোৰাক জগাই থকা উপাধ্যায় ছাৰৰ ওচৰতো আমি কৃতজ্ঞ হৈ ৰ’ম।

এইখিনিতে ক’ব লাগিব চাৰিটা বছৰ বিভাগত থাকিও এদিনো খঙ কৰা বা খঙ উঠা নেদেখিলোঁ শ্ৰদ্ধাৰ ডঃ মুন কলিতা বাইদেউক। একেদৰে বিশ্ববিদ্যালয়ৰ অধ্যাপক বুলিলে থকা ভয়ভাৱক সমূলি নসাৎ কৰিছিল শ্ৰদ্ধাৰ ডঃ মনীষা দাস, ডঃ কৃষ্ণ প্ৰসাদ গগৈ, ডঃ শৈলেন্দ্ৰ ভূঞা আদি শিক্ষাগুৰুৱে। একেদৰে শ্ৰদ্ধাৰ অলি সন্দিকৈ বাইদেউ আৰু দৰ্শনা বৰদলৈ বাইদেৱে দুদিন পৃথকে পৃথকে মোৰ ছুটি চুলি দেখি স্বাস্থ্যৰ খবৰ লোৱাৰ ক্ষণ দুটাও মোৰ বাবে স্মৰণীয়। ডঃ অসমী চলিহা বাইদেৱে এদিন ক্লাছত সোমায়েই মোৰ খৰকৈ চাইকেল চলোৱাক লৈ মৃদু হাস্যৰসিক মন্তব্য এটা দিয়াৰ পিছতহে গম পাইছিলোঁ যে অলপ আগত ক্লাছ পাবলৈ বুলি পিছত আহি থকা যিখন গাড়ীক বাট এৰি নিদি যিমান বেগত পাৰি সিমান বেগত বিভাগত সোমাইছিলোঁ সেইখন চলাই আহিছিল চলিহা বাইদেৱে। লাজতে প্ৰকৃতিস্থ হ’বলৈ মোৰ অলপ সময় লাগিছিল যদিও বাইদেউৰ বন্ধুসুলভ ব্যৱহাৰে সহজ কৰি দিছিল। সন্মুখত দেখিলে সম্ভাষণ জনোৱাৰ বাহিৰে প্ৰফেছাৰ নীতা কলিতা বৰুৱা বাইদেউৰ আমি বিশেষভাৱে সান্নিধ্য নাপালোঁ। বাইদেউৰ পাঠদানত এদিন হ’লেও উপস্থিত থকাৰ এটা ইচ্ছা থাকি গ’ল। কম সময়তে বিভাগত যোগদান কৰি বিভাগৰ কামত সক্ৰিয় ভূমিকা লোৱা শ্ৰদ্ধাৰ যুস্মিতা গগৈ বাইদেউৰ কথা ইতিমধ্যে লিখিছোৱেই। একেসময়তে যোগদান কৰা মুনমী বৰা বাইদেউৰো সহায়-সহযোগ আমি মনত ৰাখিম।
শিক্ষাগুৰুসকলৰ লগতে বিভাগৰ এৰাব নোৱাৰা অংশ হৈছে, বিজনদা, বাইদেউ আৰু তেওঁলোকৰ কেণ্টিনখন, কল্যাণ খুড়া, গগৈদা, দীপ্ৰমনদা, থাপাদা, ছেত্ৰীদাকে ধৰি সকলো কৰ্মচাৰী, যিসকলৰ দৈনিক সেৱা অবিহনে বিভাগটো সুকলমে চলাটো কল্পনাও কৰিব নোৱাৰি। এই সুযোগতে ইয়াৰ জৰিয়তেই সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।


এই যাত্ৰাৰ শেষ ক’ত মই নাজানো…

সময় পাখিলগা কাঁড়ৰ দৰে। পাৰ হৈ যোৱা সময়ক উভতাই পাব নোৱাৰি কিন্তু সময় সোঁৱৰণী নৈ হৈ বৈ থাকে অহৰহ, মন গ’লেই গৰাত খন্তেক জিৰাব পৰাকৈ, মন গ’লেই নৈৰ উৎস পাহাৰত ভ্ৰমিব পৰাকৈ। সেই ভ্ৰমণেই আনি দিয়ে অনাগত সময়ৰ যাত্ৰাৰ বাবে সঞ্জীৱনী শক্তি। সেই আশাতেই মানুহ আগবাঢ়ি যায়। যাবলৈ বাধ্য। যিদৰে আমি আজি বিভাগৰ পৰা আনুষ্ঠানিক বিদায় ল’বলৈ গৈ আছোঁ। ২০১৯ ৰ পৰা ২০২৩ চনলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগেও মোক দিলে অলেখ স্মৃতি, অনেক অভিজ্ঞতা। বিভাগৰ প্ৰাক্তন সদস্য হ’বলৈ আৰু মাথোঁ কেইটিমান দিন বাকী। এই আপাহতে সমূহ অনুজলৈ অন্তৰভৰা শুভাসা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ সুগন্ধি শিপাৰ প্ৰকাশৰ জৰিয়তে একলম অনুভৱ ব্যক্ত কৰাৰ সুবিধা দিয়াৰ বাবে। বিভাগটোৱে, বিশ্ববিদ্যালয়ে, সহপাঠী-অগ্ৰজ-অনুজ সকলোৱে যিদৰে মোৰ জীৱন সমৃদ্ধ কৰিলে, বিনিময়ত দি যাব পৰাকৈ মোৰ হাতত আছেইবা কি? মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে ধৰুৱা মই সবাৰে ওচৰত। আশা কৰিম আমাৰ মৰমৰ বিভাগটো আগলৈকো একক, অনন্য হৈ উজ্জলি থাকক ডিবৰুৰ চহৰত।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment