Categories
অনুভৱৰ পৃথিৱী চিনেমাবিষয়ক

এৰা-ধৰা : সন্দীপ ভায়াৰ প্ৰসংগৰে কিছু মনৰ কথা

ভাল ফলাফল কৰি থকা শিক্ষানুষ্ঠান এখনৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল যদি কেতিয়াবা বেয়া হৈ যায়, তেতিয়া সেইখন শিক্ষানুষ্ঠানৰ পূৰ্বৰ ফলাফলসমূহকো সমালোচনাৰ আওতালৈ অনাটো বৰ নতুন কথা নহয়। বিপৰীতভাৱে চৰ্চাত নথকা এখনৰ হঠাত হোৱা ভাল ফলাফলতো সেইখনক প্ৰশংসাৰে বুৰাই পেলোৱা হয়। এইবোৰ সকলোৱে দেখি-শুনি থকা কথা। ফলাফলৰ তাৰতম্যৰ কাৰণে অতীতৰ লগত তুলনাটো যেন একেবাৰে সাধাৰণ বিষয় আমাৰ কাৰণে। কিন্তু সেই সময়ত আমি সততে(কিছুমানে দিয়ে) গুৰুত্ব নিদিয়া বিষয় এটা হৈছে শিক্ষানুষ্ঠানখন পৰিচালনা কৰি থকা মানৱ গোট(য’ত শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, স্থানীয় ব্যক্তি সকলোকে সামৰা হয়)। একোটা সময়ৰ এই মানৱ গোটৰ ওপৰতেই নিৰ্ভৰ কৰে শিক্ষানুষ্ঠানৰ সফলতা। অৱশ্যে পূৰ্বৰ মানৱ গোটৰ কিছু কিছু প্ৰভাৱো শিক্ষানুষ্ঠান এখনত ৰৈ যায়।

একেধৰণৰ কথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানতো খাটে। যিকোনো প্ৰতিষ্ঠানৰ উন্নতি-সালসলনি-অৱক্ষয় আদিৰ লগত জড়িত হৈ থাকে সেই একোটা সময়ৰ মানৱ গোটৰ প্ৰভাৱ।

এই যে সময়ভেদে জড়িত মানৱগোটৰ বৈশিষ্ট্য বা কাৰ্যকলাপে অনুষ্ঠান বা প্ৰতিষ্ঠান একোটাক প্ৰভাৱিত কৰে, তাৰ ফলতেই কেতিয়াবা একেৰাহে একে প্ৰভাৱ পেলাই থকা অনুষ্ঠান বা প্ৰতিষ্ঠানৰ প্ৰতি সৰ্বসাধাৰণৰ এটা চিৰস্থায়ী মনোভাৱ গঢ় লৈ উঠে। সেয়া কেতিয়াবা বেয়া, কেতিয়াবা ভাল। এই মনোভাৱ কেতিয়াবা এনে পৰ্যায় পায়গৈ যে ‘ভাল’ ভাৱ থকা এখনৰ ‘বেয়া কাম’ একোটাই তাক সহজে সলাব নোৱাৰে আৰু ‘বেয়া’ ভাৱ থকা এখনৰ ‘ভাল পৰিৱৰ্তনকো’ মানিব নোখোজে। ই স্বাভাৱিক।

এনে কাৰণতেই চাগৈ দিনে দিনে বছৰ বছৰ ধৰি ক্ৰমাৎ অৱক্ষয় হৈ গৈ থকা আমাৰ সকলো সামাজিক ব্যৱস্থাৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মৰ বিশেষকৈ আস্থা হেৰাই গৈছে। ‘এই চিষ্টেম কেতিয়াও শুধৰণি নহয়, কৰিব নোৱাৰি, সম্ভৱ নহয়’ ধৰণৰ ভাৱ একোটাই বৰ্তমানৰ লোকসকলৰ মন মগজুত খোপনি পুতি বহি আছে। লৰচৰ কৰাৰ নামেই নলয় আৰু ইয়াৰ বাবে ওপৰত কোৱাৰ দৰেই আমি পাহৰি থকা বা উপেক্ষা কৰি থকা বিষয়টো হৈছে চিষ্টেম বা ব্যৱস্থাসমূহ চলাই থকা ‘মানৱ গোট’, যিটো কথাকে যেন উপলব্ধি কৰালে শেহতীয়াকৈ চোৱা ‘সন্দীপ ভায়া’ শীৰ্ষক ৱেব চিৰিজখনে। ব্যৱস্থা একোটা মানুহেৰেই গঠিত আৰু ইয়াৰ শুধৰণি হ’বলৈ হ’লে ভাল মানুহ সেই ব্যৱস্থাটোৰ অংশীদাৰ হ’ব লাগিব। অন্যান্য ভাললগা বিষয়সমূহ একাষৰীয়াকৈ ৰাখি মূলতঃ এই বাৰ্তাটোৰ বাবেই ৱেব চিৰিজখন চিৰদিন মনত ৰৈ যাব, কাৰণ এই সৰু কথাটো কৈ দিবলৈ যিমান সহজ, তাক বুজোৱাটো সিমানে কঠিন, যিটো মোৰ বোধেৰে সন্দীপ ভায়াই কৰি দেখুৱালে।

এয়া অনস্বীকাৰ্য যে চিনেমা কেতিয়াও বাস্তৱ নহয়, হ’ব নোৱাৰে। তাত দেখুওৱাৰ দৰে কথাবোৰ ইমানো সহজ নহয় যে দুই তিনিবছৰত দুই তিনিজন মানুহেই চিষ্টেম ঠিক কৰিব পাৰিব। কিন্তু তাত ঠিক কৰিব পৰা বা নোৱৰা কথাটোতকৈ ঠিক কৰিবলৈ যে যোগ্য ব্যক্তি চিষ্টেমৰ মাজত সোমাবলৈ সাহসী আৰু দক্ষ হ’ব লাগিব, প্ৰধানতঃ সেইটোত জোৰ দিয়াহে পৰিলক্ষিত হ’ল। মন কৰিবলগীয়া কথা সেইটো।

এইখিনিতে, ৱেব চিৰিজখনৰ উপৰিউক্ত বাৰ্তাটোৰ পৰা আমি শিকিবলগীয়া আনুসংগিক কথা এটা উল্লেখ কৰিব বিচাৰিছোঁ। ওতপ্ৰোতভাৱে জড়িত হৈ থকা কোনো অনুষ্ঠানৰ সৈতে আমাৰ কেতিয়াবা তিক্ত অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাৰ ভিত্তিত আমি অনুষ্ঠানটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ তাক ত্যাগ কৰিও আহিব পাৰোঁ। ধৰা হ’ল সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোৰ মানৱ গোট সলনি হৈ আহিল। মূল কৰ্মকৰ্তা সলনি হ’ল(লগতে ভালো হ’ল)। সেই নতুন মানৱ গোটে আমাক পুনৰ অনুষ্ঠানত জড়িত কৰাবলৈ আহ্বান বা অনুৰোধ কৰিলে। তেনেস্থলত আমি সাধাৰণতে কি কৰোঁ?

পূৰ্বৰ তিক্ত অভিজ্ঞতাৰ ভিত্তিতেই কোনোদিন সেই অনুষ্ঠানত জড়িত নোহোৱাৰহে পণ লওঁ আৰু কোনো কাৰণ নোহোৱাকৈ নতুনসকলক অৱজ্ঞা বা মনোকষ্ট দিওঁ। ব্যক্তিগত দিশৰ পৰা ইয়াক হয়তো ভুল বুলি ক’ব পৰা নাযায়। কিন্তু এই কাৰ্যই প্ৰকৃততে কাৰোবাৰ উপকাৰ কৰেনে?

আমি যদি বহল দৃষ্টিভংগীৰে চাওঁ, যদিহে সৎ উদ্দেশ্যৰে গঠিত অনুষ্ঠান একোটাৰ পৰা দক্ষ, যোগ্য ব্যক্তি এনেকৈ ‘পুৰণি আক্ৰোশ’ৰ বশৱৰ্তী হৈ আঁতৰি থাকে, সহযোগ নকৰে তেতিয়া সেই ব্যক্তিয়ে সমাজলৈ দি যাব পৰা অৱদানৰো তাৰতম্য হয়, নিজৰ প্ৰতিভা,যোগ্যতা,দক্ষতাৰ সৰ্বোচ্চ প্ৰয়োগ কৰাত অলপ হ’লেও বিফল হয়, অনুষ্ঠানৰো ক্ষতি হয় আৰু মূৰকত সমাজৰ এক বৃহৎ ক্ষতি হয়।

সেয়েহে দীৰ্ঘম্যাদী চিন্তাৰে এনে কথাবোৰ ভাবিলে মনলৈ এটাই সমাধান আহি পৰে যে আমি জীৱনত প্ৰয়োজন সাপেক্ষে এৰা-ধৰা কৰিব পাৰিব লাগে। বৃহত্তৰ স্বাৰ্থত, দক্ষতা-শক্তিৰ সঠিক প্ৰয়োগেৰে সমাজৰ উন্নতিৰ হকে আমি এৰা-ধৰা কৰি আগবাঢ়িব পাৰিব লাগে।

একেটা ভাৱতে জোক লগাদি লাগি চকু-কাণ বন্ধ ৰাখি এৰা-ধৰা কৰিব নোৱাৰিলে এটা সময়ত বিবেক-দংশনেও যে আমাক নদহিব আমি নুই কৰিব নোৱাৰোঁ।

পুনশ্চঃ এৰা-ধৰাটো আমি অনুষ্ঠান নহৈ ব্যক্তিৰ লগতো কৰিব পাৰিব লাগে। কোনোবাই কিবা এটা ভুল(দোষ নহয়, ভুল) কৰিলে সেই ভুলক স্বীকাৰ কৰি অন্তৰৰ পৰা ক্ষমা বিচাৰিলে অথবা সেই ভুলৰ পুনৰাবৃত্তি নকৰিলে সেইজনক ক্ষমা কৰিবও জানিব লাগে, নহ’লে মানুহ হোৱাৰ অৰ্থ ক’ত?

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment