Categories
অনুভৱৰ পৃথিৱী গল্প, চুটিগল্প কিম্বা অণুগল্প

বিশ্ব মানৱতা দিৱস উপলক্ষ্যে

ৰচনাকাল – ২০ আগষ্ট, ২০১৭
২০ আগষ্ট, বিশ্ব মানৱতা দিৱস উপলক্ষ্যে
(পণ্ডিত প্ৰবৰ ভৱপ্ৰসাদ চলিহাৰ জন্মদিন)

“ব’লাচোন, গ’লে ভাল লাগিব অ’, সঁচাকৈ কৈছোঁ”
“বেয়া নাপাবা অ’, মই নাযাওঁ। গ’লে আকৌ কাজিয়া হ’ব আৰু মই বুজালেও সি নুবুজিব ৷”
“কৈ দিবা মই লগ ধৰিছোঁ, অলপ সময়ৰ কাৰণেহে ৷ ভাল সভা এখন হ’ব বাবেহে কৈছোঁ তোমাক।”
“বুজি পাইছোঁ মই, কিন্তু এতিয়া মোৰ মন নাই আৰু চোৱা জোৰ কৰি মই তালৈ গৈ সুখীও হ’ব নোৱাৰোঁ”
“কেনেকৈ হ’ব পাৰে! তুমিও সমাজক ভাল পোৱা তেনে এজনী ছোৱালী, সেইবিলাক অনুষ্ঠান এৰিব নিবিচৰা ছোৱালী, বুজি পাওঁ মই ৷ তোমাৰ মন নাই বুলি ক’লে মই বিশ্বাস নকৰোঁ ৷ তুমি পলাইছা কিয়?”
“চোৱা বন্দিতা, কথাটো তেনেকুৱা নহয় ৷ মই ভাল পাইছিলোঁ আগতে ৷ এতিয়া মন নাযায় ৷ যেনেকৈ চিনেমা চাবলৈ মই যদি জোৰ কৰি লৈ যাওঁ, তুমি চিনেমাখন চাই যিমান আনন্দ – সন্তুষ্টি পাব লাগে সেইটো নোপোৱা ; তেনেকৈ ময়ো মনৰ অনিচ্ছাত যাব নোখোজোঁ ৷”
“অজুহাত দি থাকা মাথোঁ তুমি ৷ চিনেমাৰ লগত এইবোৰ সভাৰ তুলনা নহয়৷ দুয়োটা পৃথক ৷…” বন্দিতাৰ কথা শেষ নহওঁতেই সুলেখাই “হয় বেলেগ, মই মাত্ৰ তোমাক বুজাব খুজিছোঁ মই য’ত গৈ সুখী হ’ব নোৱাৰোঁ, যোৱাৰ অৰ্থ নাথাকিব” কোৱাৰ লগে লগে বন্দিতাৰ মুখখন ম্লান পৰি গ’ল৷

তাই আৰু একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলে ৷ অন্তৰৰ দুখখিনি হেঁচি হেঁচি ভিতৰলৈ ঠেলিব খুজিলে ৷ হয় তাই হাৰি গ’ল কোনোবাখিনিত ৷ বহু চেষ্টা কৰিও সুলেখাৰ নিচিনা এটা ব্যক্তিত্বক বাহিৰলৈ উলিয়াই আনিব নোৱাৰিলে ৷ অসাধাৰণ বিশ্লেষণ ক্ষমতা থকা ছোৱালীজনীক সাহিত্য-চিত্ৰকলাৰ জগতখনে যে আকুলতাৰে হাত বাউলি মাতি আছে তাইক সেয়া বুজাব পৰাকৈ যুক্তি জ্ঞানৰ অভাৱত বন্দিতা মৌন হৈ ৰ’ল ৷

ক্ষন্তেক মৌনতাতো সুলেখাই যেন বন্দিতাক পঢ়ি পেলালে ৷ মৃদু হাঁহি মাৰি পিঠিত ঢকা এটা দি ক’লে তাই “ঐ ছোৱালী ইমান চিন্তা নকৰিবা হে ৷ মই জানো তুমি মোক উলিয়াই আনিব বিচাৰা ৷ মই ভালপোৱা কামবোৰৰ পৃথিৱীখনলৈ মোক লৈ যাব বিচাৰা ৷ তুমি মোৰ কাৰণে এজন ভাল বন্ধুতকৈও বহুখিনি কৰিছা ৷ কিন্তু এতিয়া সময়,পৰিৱেশ পৰিস্থিতি অনুকূল নহয় মোৰ বাবে ৷ মাহী, মা আৰু ইয়াক লৈয়ে এতিয়া মোৰ পৃথিৱীখন ৷ আগৰ সুলেখালৈ এতিয়া ঘূৰিও যাব নোৱাৰোঁ মই ৷ কাৰণ বৰ্তমান এনেকৈয়ে মই সুখী ৷ যিমানেই ভুল বুজাবুজি, কাজিয়া নহওক লাগে মই তাক ভাল পোৱাটো সঁচা ৷ আৰু সেইকাৰণেই মই সি বেয়া পোৱাবোৰ কৰিবই নিবিচাৰোঁ লাগিলে সেয়া ভাল কামেই হওক ৷ লাহে লাহে সকলো ঠিক কৰিম ৷ মই কথা দিছোঁ তোমাক তুমি বিশ্বাস ৰাখা,ভাল কামখিনি, কৰিব বিচৰাখিনি কৰি যামেই মৃত্যুৰ আগত ৷ কিন্তু মোৰ সন্মুখত তাক ভাল কৰি তোলাটোৱেই প্ৰাধান্য পাইছে ৷ সি কিমান অবুজন দেখিছাই…”

“হয় বাৰু, প্ৰথমৰ তুলনাত অলপ বুজা হৈছে”, মাজতে বন্দিতাই সঁহাৰি দিলে ৷ “সেইয়াই, তাক ভাল কৰি তুলিব পাৰিলেই মোৰ সাৰ্থকতা,তাৰ ভাল মানেই মোৰ ভাল আৰু ইয়াকে কৰিবলৈ যাওঁতে সময় লাগে ৷ মই নিজৰ ইচ্ছাকো বিসৰ্জন দিব লগা হয় ৷ কিন্তু বিশ্বাস কৰা মই তাতেই সুখী ‌।”

সুলেখাই কথাখিনি সামৰি ইমানপৰে ম্লান হৈ থকা বন্দিতাৰ মুখলৈ চালে, তাইৰ উজ্জ্বলতা যেন ঘূৰি আহিল ৷ একো নোকোৱাকৈৱে বন্দিতাই সুলেখাক ধন্যবাদ জনালে অন্ততঃ তাইৰ মাজৰ মানৱতাখিনি সমাজখনক প্ৰত্যক্ষভাবে দিব নোৱাৰিলেও এজনক মানুহ কৰি তোলাৰ সংকল্পত সোমাই আছে, তাইৰ দূৰদৰ্শিতাত বন্দিতাই সুখী নহৈ বেজাৰ কিয় কৰিব ! সুলেখায়ো অনুভৱ কৰিলে, নিজক পাৰ হৈ পৃথিৱীক ভাল পাব বিচৰা ছোৱালীজনীৰ মাজৰ মানৱতাবোধ ৷ নীৰৱতাৰ মাজেৰেই দুয়োজনীয়ে ইজনীয়ে সিজনীক লৈ গৌৰৱবোধ কৰি আহি থাকোঁতে হোষ্টেল কেতিয়া পালেহি গমেই নাপালে ৷

উপসংহাৰঃ মানৱতা সকলোৰে মাজতেই জীয়াই আছে বেলেগ বেলেগ ৰূপত ৷ বেয়া দিশসমূহৰ চৰ্চা কমি কমি নাইকিয়া হৈ চৌদিশে সকলোৱে গাওক মানৱতাৰ জয়গান ৷ সকলোৰে মনবোৰ জীৱনমুখী হওক ৷

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment