Categories
অনুভৱৰ পৃথিৱী

শুভলক্ষ্মী বাইদেউৰ কথাৰে

২০১৯ চনত যেতিয়া বি এডত নামভৰ্তি কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, তেতিয়া তাত বিভাগত কৰ্মৰত কোনো এজন শিক্ষক-অধ্যাপক মোৰ চিনাকী নাছিল। সময়ৰ লগে লগে কেইদিনমান পাছতে শিক্ষাগুৰুসকলৰ নামৰ সৈতে চেহেৰাবোৰ মনত ৰৈছিল যদিও কথা মনত নথকা বেমাৰটোৰ বাবে প্ৰায়ে নাম পাহৰিছিলোঁ সেইসকলৰ যিসকলে প্ৰথম ষাণ্মাসিকত আমাক ক্লাছ কৰা নাছিল।

তেতিয়াৰ প্ৰথম শিক্ষক দিৱসতে এগৰাকী বাইদেউক মাত লগাইছিলোঁ মোৰ আগৰ শিক্ষাগুৰু এগৰাকীৰ মুখত শুনা কথাৰ সূত্ৰে। তেতিয়া বাইদেউগৰাকীয়েও লগে লগে কৈছে যে “তোমাকো মই চিনি পাইছোঁ জানা, ‘অমুক’ৰ জৰিয়তে” । মই ক্ষন্তেকলৈ তভক মাৰিছিলোঁ। ভিতৰি কঁপনি এটাও উঠিছিল। ভাললগা কঁপনি। শিক্ষাগুৰু এগৰাকীয়ে চিনি পাওঁ বোলা কথাটোৱে আমাৰ দৰে সাধাৰণ শিক্ষাৰ্থীক কেনেদৰে পুলকিত কৰিব পাৰে সেয়া ব্যাখ্যা কৰিব পৰা নাযায়। বাইদেউৰ মুখৰ সেই কথাষাৰেও মোক প্ৰভাৱিত কৰিছিল।

তাৰ পাছতে দুই এটা কথা-বাৰ্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত দিহা-পৰামৰ্শ বিচাৰি বাইদেউক কিমান যে আমনি কৰিছোঁ তাৰ হিচাপ নাই।

দ্বিতীয় ষাণ্মাসিকত গণিত মেথদৰ ক্লাছ লোৱাৰে পৰা বাইদেউৰ মাজত আৱিষ্কাৰ কৰিছিলোঁ এক ন ৰূপ। সকলো শিক্ষাৰ্থীকে সমান চকুৰে চোৱা, কৰ্তব্য আৰু দায়িত্বত গাফিলতি নকৰা, ব্যক্তিপাৰ্থক্যক গুৰুত্বসহকাৰে নিৰীক্ষণ কৰি সেইঅনুসৰি পাঠদান আগবঢ়োৱা, প্ৰয়োজনৰ সময়ত নমনীয় হোৱা, সকলোৰে সৈতে বন্ধুসুলভ হৈও শিক্ষকৰ মৰ্যাদা বজাই ৰাখিব জনা বাইদেউৰ প্ৰফেচনেল ব্যক্তিত্বই স্বাভাৱিকতে মোক মুহিছিল আৰু শ্ৰদ্ধা আহিছিল আপোনা-আপুনি। সৰলতা, গাম্ভীৰ্যতা আৰু হাস্যবদনেৰে পৰিপূৰ্ণ সেইগৰাকীয়েই আমাৰ মৰমৰ শুভলক্ষ্মী বাইদেউ।



বাইদেউৰ সৈতে শিক্ষক-ছাত্ৰ সম্পৰ্কৰ ঊৰ্ধ্বত ঘনিষ্ঠতা হৈছিল লক ডাউনৰ সময়ৰ পৰা। শিক্ষকতাৰ উপৰি বাইদেউৰ নিচা আছিল কলমটোত। তেতিয়ালৈ কেইবাটাও সৰু সৰু কবিতা কবিতালগা উক্তি, শব্দগুচ্ছ পঢ়ি মই বাইদেউৰ লেখাৰ অনুৰাগী হৈ উঠিছিলোঁ। সেয়ে কিতাপ, চলচ্চিত্ৰ আৰু বহুতো ব্লগৰ বাবে বাইদেউৰ পৰা গ্ৰন্থালোচনা লৈছিলোঁ। মোৰ উপৰ্যুপৰি আবদাৰ সহ্য কৰি কাকততো লেখা লিখিছিল । কভিদৰ সময়ত আক্ৰান্ত হৈও মূৰ দাঙি উঠি সেই তিক্ত সময়ৰ অভিজ্ঞতাক ইতিবাচকভাৱে জীৱনত প্ৰয়োগ কৰি তাৰ সুফল আমাৰ সৈতেও ভাগ-বতৰা কৰা বাইদেউৰ প্ৰতিটো কথাই অনুপ্ৰেৰণাদায়ী।



বাইদেউৰ সৈতে মোৰ বাই-ভনীৰ এনাজৰীডাল অধিক মজবুত হৈ আহে বাইদেৱে বিভাগৰ কণ্ট্ৰেকচুৱেল চাকৰিটো এৰাৰ পাছৰ পৰা। তাৰ পাছৰে পৰা কিমান কি বিষয়ত যে মোক দিহা-পৰামৰ্শ-সহায়-সমালোচনাৰে কৃতাৰ্থ কৰা নাই তেওঁ। সাধাৰণতে এনে ক্ষেত্ৰত দেখা যায় এপক্ষই আনপক্ষক কেৱল প্ৰশংসাৰে উপচাই থয় অথবা ভুলবোৰ কোনেও নেদেখে অন্ধঅনুগামী হৈ। কিন্তু আমাৰ মাজত সেইটো নাছিল। প্ৰয়োজন হ’লে দাবী-ধমকি দিয়াৰ পৰা সুপথটো দেখাই দিয়ালৈকে বাইদেউ মোৰ বাবে এগৰাকী গাইড হৈ পৰিছিল। সেইবাবেই চাগে বাইদেউ মোৰ বাবে বিশেষ হৈ আছে, থাকিব। নক’লেও হ’ব ইমানপৰে কৈ থকা এই বাইদেউগৰাকীয়েই হৈছে মোৰ মৰমৰ শুভলক্ষ্মী কোঁৱৰ বাইদেউ।

বিভিন্ন বিপদ, বাধা অতিক্ৰম কৰি যুঁজি যুঁজি জীৱনত হাৰ নমনা শুভবাইদেৱে অলপতে নিযুক্তি লাভ কৰিছে মৰিগাঁৱৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ গণিত বিষয়ৰ সহকাৰী অধ্যাপক(শিক্ষক প্ৰশিক্ষক) হিচাপে। বাইদেউৰ এই সফলতাই তেওঁক ন কৈ উজ্জ্বীৱিত কৰি তোলাৰ লগতে মই আশাবাদী যে তেওঁৰ শিক্ষাৰে অদূৰ ভৱিষ্যতে সৃষ্টি হ’ব এক বুজন সংখ্যক দক্ষ আৰু যোগ্য শিক্ষকৰ।

এইগৰাকী বাইদেউৰ ওচৰতে মই চিৰজীৱন কৃতজ্ঞ যাৰ মৰম-চেনেহ আৰু সাহসে মোক বহু সময়ত কেৰিয়াৰকেন্দ্ৰিক দুঃশ্চিন্তাৰ পৰা সকাহ দিয়ে। আজি বাইদেউৰ জন্মদিন। শুভকামনাৰ সাগৰখন বাদ দি দিব পৰা যে একোৱেই নাই। শুভেচ্ছা সদায়ে আছে বুলি বাইদেৱে জানেই। তিনিবছৰ আগতে আজিৰ দিনটোতে লিখা এই ডুখৰীয়া অনুভৱকে ইয়াত গাঁঠি দিলোঁ বাইদেউৰ জন্মদিন বুলি-

“সৰলতাৰে ভূষিত এটি অমায়িক হাঁহি,
কৰ্তব্যত কদাপি নকৰে হেমাহি,
মৰমভৰা শাসনেৰে পথ দেখুৱায়,
হাতৰ কলমটো সৃষ্টিশীল সদায়।
আদৰ্শ এটি সত্ত্বা বাইদেউ শুভলক্ষ্মী,
নামতেই আছে সোমাই ব্যক্তিত্ব এধানি,
অনুজৰ আৰ্হি অগ্ৰজৰ আশা,
সুখী হওক সদায় এয়ে শুভকামনা। ❤️

ওপজা দিনৰ অলেখ অযুত শুভকামনা আপোনালৈ🌻
সুখী হওক💐”

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment