Categories
অনুভৱৰ পৃথিৱী টুকুৰা-টুকুৰ-ভিন্নস্বাদ

আধৰুৱা অশান্তি অকথ্য – ১

মনস্বিনী মহন্ত বাইদেৱে লিখিছে – “এটা চাকৰি নিষ্ঠা সহকাৰে, ১০০% সমপৰ্ণেৰে কৰিবলৈ হ’লে মানুহে অন্য বহুবোৰ বিষয় বাদ দিবলগীয়া হয়। অতি মেধা বা প্ৰতিভা সম্পন্ন মানুহৰ কথা বেলেগ বা বিপৰীত স্থিতিৰে চাকৰিত পাল মাৰি-দৰমহা মাত্ৰ লৈ, অন্য ক্ষেত্রত দপদপাই থকা মানুহৰ কথাও বেলেগ।”

এই কথাখিনিত সহমত পোষণ কৰিলেও আৰু কেইটামান কথা(প্ৰশ্ন?) সংযোগ কৰিবলৈ মনটোৱে বাৰে বাৰে কৈ আছে যিহেতু একে ধৰণৰ পৰিস্থিতিৰে ভুক্তভোগী হৈ কম সময়তে বহু তিতা অভিজ্ঞতা লাভ কৰি ধনী হৈ পৰিছোঁ। (হ’ল বুলিয়েই সদায় ভাল অভিজ্ঞতাবোৰ বাছি বাছি এগুণত দহ-বিশগুণ কৰি ভালবোৰক মহান ৰূপত সজাই পৰাই পৰিৱেশন কৰাটো অত্যন্ত বিৰক্তিদায়ক! বেয়াবোৰ লিখিবলৈ বাক-স্বাধীনতা বোলা বস্তুটোৰো অস্তিত্ব নাইকিয়া হোৱা অৱস্থাৰে হয়তো এয়া পৰিণতি!)

যি কি নহওক, আৰম্ভণিত উদ্ধৃত দুটা মাত্ৰ বাক্যতে বহু কথাই প্ৰতিফলিত হৈছে। নিষ্ঠাসহকাৰে চাকৰি কৰিম বুলি কৰ্মক্ষেত্ৰত ভৰি দিয়াসকলে চাকৰিৰপূৰ্বৰ সময়ৰ সমস্ত অভিৰুচি,ভাল লগা কাম অথবা চৰ্চা সকলোৱেই এৰি দিবলৈ বাধ্য হৈ পৰে। মনত পৰে, কেইদিনমান আগতে এজন যুৱ সাহিত্যিকে নিজৰ অধ্যয়ন-চৰ্চাৰ জগতলৈ ঘূৰি আহিবলৈকে নিজৰ চাকৰি এৰি দিয়াৰ বাতৰিও সামাজিক প্ৰচাৰ মাধ্যমত উল্লেখ কৰিছে। এইবোৰ দেখি,শুনি, তৃণ-মূল পৰ্যায়ত জড়িত হৈ অনুভৱ কৰা কিছুমান আধৰুৱা ডুখৰীয়া …

১) এই ১০০% সমৰ্পণেৰে কাম কৰি নিজৰ বাকী সৰ্বস্ব বাদ দিবলগীয়া পৰিস্থিতি বোধহয় অসমতহে পৰিলক্ষিত হয়! (কাৰণবোৰ বিশ্লেষণ কৰিবলৈ গৈও লাভ নাই!)

২) এই ১০০% সমৰ্পণেৰে কাম কৰিলেও কামৰ ফল নধৰাৰ(চাকৰিৰ সৎ উদ্দেশ্য সফল নোহোৱা) উদাহৰণো চুকে-কোণে পৰি আছে। যিসকল এসময়ত হতাশাৰ কৰাল গ্ৰাসত হেৰাই গৈছে! (সফল নোহোৱাৰ সূক্ষ্ম সূক্ষ্ম কাৰণসমূহ যিসকলে অধ্যয়ন কৰি সমাধান নিৰ্ণয় কৰিব পাৰিলহেঁতেন সেইসকলৰ সেইবোৰ কৰিবলৈ সময় নাই কাৰণ স্ব-প্ৰদৰ্শনৰ দৌৰত তেওঁলোকৰ মৰিবলৈকো সময় নাই! কিছুমান কাৰণ মুখেৰে ক’ব হাতেৰে লিখিব নোৱৰাকৈ অসহ্যকৰ! )

৩) উপৰিউক্ত কাৰণবোৰৰ কাৰণেই হয়তো অসমত এটা কথা মন কৰিছোঁ (হয়তো সকলোৱে কৰে)- যিসকলে চৰকাৰী চাকৰি কৰা নাই অথবা বেচৰকাৰী অত্যধিক বোজাৰ কামত সোমাই থকা নাই, নিজভাগে অনিয়মীয়াকৈয়ে আৰ্থিক উপাৰ্জন এটাৰে চলি আছে, সেইসকলে এটা এটাকৈ অনেক ‘কামৰ কাম’ কৰি আছে, নীৰৱে আৰু গুৰুত্বসহকাৰে আৰু এইবোৰ কোনো উলা-মূলা কাম নহয়। (জ্বলন্ত উদাহৰণ সকলোৰে আশে-পাশে আছে, অলপ মন কৰিলেই গম পাব) হয়তো আৰ্থিক দিশটো বাদ দি অন্যান্য মানসিক অশান্তিৰ পৰা মুক্ত বাবেই এইসকলে অবিস্মৰণীয় কাম কৰি থাকিব পাৰিছে।

৪) অসমত অন্ততঃ এইষাৰ সঁচা যে “অতি বেছি প্ৰতিভা সম্পন্ন আৰু কাম চোৰ, এই দুয়োবিধ মানুহেহে চাকৰি, সংসাৰ আৰু অন্য প্ৰতিভা সমানে বজাই ৰাখিব পাৰে।” পৰিতাপৰ বিষয়টো হ’ল – এই দুইবিধক চিনাক্ত কৰাটো অতি দুৰূহ যাৰ বাবে আমাৰ সমাজত ‘কাম চোৰ’ কিছুমানেও ‘অতি বেছি প্ৰতিভাসম্পন্ন’ বুলিয়েই মান্যতা পাই থাকে আৰু একেবাৰে ঘনিষ্ঠ পৰিৱেশত থকাসকলেহে তেৰাসৱৰ আচল পৰিচয় জানে। কিন্তু সেয়া জানিও মুখ ফুটাই ক’ব নোৱাৰে কাৰণ বাকী ‘অন্ধ ফেন’সকলে তাক কাহানিও সত্য বুলি মানি নলয়।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment