Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

২০২৩ গ্ৰন্থ বিশেষ



বিভিন্ন মানসিক সংঘাত আৰু শাৰীৰিক কষ্টৰে ভৰা ২০২৩ বৰ্ষটোত পঢ়া কিতাপৰ সংখ্যা একেবাৰে কম হ’ল। পঢ়ি সম্পূৰ্ণ কৰা কিতাপকেইখন হৈছে-
১) ‘মই শংকৰদেৱে কৈছোঁ’ – মইনা গোস্বামী
২) ‘ডাঙৰ মানুহৰ সাধু’ – দিগন্ত ওজা
৩) ‘মিৰ সোণমিলি’ – জ্যোৎস্না টকবিপি
৪) ‘নিকা অসমীয়া ভাষা’ – মহেশ্বৰ নেওগ
৫) ‘এক দুই যোগ বিয়োগ’ – ডঃ জ্যোতিপ্ৰসাদ মেধি
৬) ‘আমাৰ দৰে সিহঁতো মানৱ’ – ভুৱনমোহন দাস


আধৰুৱা হৈ ৰোৱা কেইখন হ’ল-
‘লেখক সাংবাদিকৰ গাইড’, ‘সম্ভাৱনা’, ‘বিজ্ঞানে আনিব জোৱাৰ’, ‘সৰ্বসমীক্ষা তত্ত্ব’।


এই বৰ্ষতে বৰ্ণাশুদ্ধি নিবাৰণ তথা সম্পাদনাৰ সৈতে জড়িত গ্ৰন্থসমূহ হ’ল –
‘নন্দৰাম দাস – জীৱন আৰু কৃতি’, ‘কুলাংগাৰ’, ‘অসম ইয়েৰবুক ২০২৪’, ‘সাম্প্ৰতিক ঘটনাৱলী’ আদি।

অৱশ্যে এই বৰ্ষটোতে ‘কুলাংগাৰ’ৰ কামত জড়িত হোৱাৰ সুবাদত পংকজদা আৰু প্ৰিয়াংকুশৰ সৈতে সাহিত্য সম্পৰ্কীয় বহু মূল্যবান আলোচনাত ভাগ ল’বলৈ পালোঁ, বহু কথা শিকিলোঁ, বহু গল্প পঢ়িলোঁ, গল্প-পাঠো শুনিলোঁ। সেয়া এক ইতিবাচক দিশ।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment