Categories
Uncategorized

আধৰুৱা, অশান্তি, অকথ্য ২

এজন মানুহ বা এটা অনুষ্ঠান যেতিয়া নিজৰ ভাল কৰ্ম বা প্ৰতিভা বা দক্ষতাৰ বাবে অথবা আন ব্যতিক্ৰমী পদক্ষেপৰ বাবে বহুল সমাদৃত, প্ৰচাৰিত, প্ৰসাৰিত হৈ জনমানসত ‘এটা ব্ৰেণ্ড’ হৈ যায়, তেতিয়া সেই মানুহ বা অনুষ্ঠানৰো সমাজৰ প্ৰতি এটা দায়িত্ব থাকে পূৰ্বৰ ভাল কামখিনি বাহাল ৰাখি নিজৰ মহানতাক জীয়াই ৰখা।

কিন্তু অতি পৰিতাপৰ বিষয় হৈছে আমাৰ সমাজত এনেকৈ ‘ব্ৰেণ্ড’ হৈ পৰা কোনো ব্যক্তি বা অনুষ্ঠান নাই যি সুদূৰপ্ৰসাৰী প্ৰভাৱক সৎভাবে ব্যৱহাৰ কৰিছে!

এটা স্তৰ লাভ কৰাৰ লগে লগে সেই ব্যক্তি বা অনুষ্ঠান এনে মসৃণভাৱে স্বাৰ্থান্বেষী আৰু আপোনপেটীয়া হৈ পৰে যে তেৰাসৱৰ সন্মুখত ভাল, বেয়া, গুণাগুণ, মূল্যবান, মূল্যহীন, সমাজহিতৈষী, সমাজবিৰুদ্ধ আদি দিশসমূহ অদৃশ্য হৈ যায়!

কেৱল সিমানেই নহয়, তেৰাসৱৰ এই স্খলন তেৰাসৱৰ অনুৰাগীয়ে কাহানিও নেদেখে আৰু উপলব্ধি কৰিব নোৱৰাকৈ মায়াপাশত বান্ধি ৰখা হয় যি পাশৰ ব্যাখ্যা কৰাটো কঠিন আৰু প্ৰায় অসম্ভৱ। লগতে সেই পাশৰ আৱেশ ইমান বেছি বিস্তৃত যে ‘কোনোবা নিঃকিন’এ (সমাজৰ মানেকত) যদি ইয়াৰ বিপৰীতে মাত মাতে অথবা মুখা খোলে, তেতিয়া হিতে বিপৰীত হৈ সেই নিঃকিনৰ সৈতে জড়িত ভাল কামবোৰকো সমাজৰ দৃষ্টিত নসাৎ কৰি তুলিবলৈ তেৰাসৱক এক মুহূৰ্তও নালাগে।

এনে ‘তেৰাসৱে’ ভৰি আছে আমাৰ চৌপাশ! আমাৰ সমাজ! আমাৰ বিদ্যালয়! আমাৰ শিক্ষাব্যৱস্থা! আমাৰ প্ৰশাসনিক ব্যৱস্থা! আমাৰ চিকিৎসা ব্যৱস্থা! আৰু কত কি…

শেষ নোহোৱা প্ৰশ্ন এইবোৰ!!!

ফটোঃ সংগৃহীত

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment