Categories
অন্যান্য

গুগল ডুডলত সুধাকণ্ঠ- ৯৬ তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ

২০২২ চনৰ ৭ আগষ্টৰ নিশা ১২ বাজি পাৰ হৈছে। ম’বাইলত কিবা ভিডিঅ’ এটা চাই আছিলোঁ। ইতিমধ্যে ৮ আগষ্ট সোমাল। অলপ সময়ৰ পিছত হোৱাটছআপত সংৰক্ষণ কৰি থোৱা লিংক এটা খুলিবলৈ লওঁতেই হঠাতে ষ্টেটাছ কেইটামান চকুত পৰিল। গুলপীয়া ৰঙৰ পুতলাৰ দৰে অস্পষ্ট একেধৰণৰ ষ্টেটাছ চাৰি-পাঁচটামান একেসময়তে ভৰ্তি। কাজেই এটা ক্লিক কৰি চালোঁ বোলো সকলোৱে একেসময়তে দিয়া এইটো কিবা নতুন খবৰ নেকি? ক’বই নালাগে যে খুলিয়েই চকুৱে এক অনন্য সুখত উত্ৰাৱল হৈ পৰিল, কাৰণ গুগল ডুডলত স্মৰণ কৰা হৈছে এজন অসমীয়াক, সেইজন আন কোনো নহয়, সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ, যাৰ আজি ৯৬ তম জন্মবাৰ্ষিকী, সেইজন বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা। এপলকৰ বাবে আনন্দত আত্মহাৰা হৈ চিধাই ক্ৰম খুলি নিজে চাই স্ক্ৰীণশ্বট এটা নোলোৱাকৈ নোৱাৰিলোঁ। কাৰণ ই যে ভাষাৰে বুজাব নোৱাৰা এক ঐতিহাসিক ক্ষণ।

গুগল ডুডল সম্পৰ্কে বিশেষ নাজানো অথবা মনো দিয়া নহয়। স্ক্ৰীণশ্বটটো লোৱা সময়তে ইফালে ভাইটি প্ৰিয়াংকুশে ঐতিহাসিক খবৰটোৰ বিষয়ে দিয়া বাৰ্তাৰ নটিফিকেচন আহিল । দুয়ো ক্ষণিক সময় আলোচনা কৰিলোঁ যে গুগল ডুডলত এইজনেই প্ৰথম অসমীয়া নেকি বাৰু? কাৰণ কিছুদিন পূৰ্বে সামাজিক প্ৰচাৰ মাধ্যমত অগ্ৰজ এজনে ‘অসমীয়াই গুগল ডুডলত স্থান পাবনে’ শীৰ্ষক পষ্ট এটা দিয়াৰ কথা ছেগা-চোৰোকাকৈ মনত পৰিছিল। গুগল ডুডলৰ বিষয়ে সিমান জনাৰ আগ্ৰহ নাছিল বাবেও চাগৈ পষ্টটো তেতিয়া ভালকৈ পঢ়া নাছিলোঁ। সেয়ে সেইটো আকৌ এবাৰ পঢ়ি ল’লোঁগৈ। একে সময়তে অসমৰ এজন অন্যতম কুইজাৰ্ড দিলীপ কুমাৰ শৰ্মাৰ পষ্ট এটা চকুত পৰিলত প্ৰায় নিশ্চিত হ’লোঁ যে সুধাকণ্ঠই সেইজন প্ৰথম অসমীয়া হ’ব লাগিব কাৰণ ইয়াৰ আগলৈকে কোনোবা অসমীয়াই স্থান পোৱা হ’লে উপৰোক্ত বুদ্ধিজীৱীদ্বয়ৰ চকুত নপৰাকৈ নাথাকিলহেঁতেন।

গুগল ডুডলৰ বিষয়ে একে সময়তে একেবাৰে সহজকৈ প্ৰিয়াংকুশেও বুজাই দিলে যে প্ৰত্যেক দিনে গুগলে ইয়াৰ অনুসন্ধান কক্ষত নিজৰ চিহ্ন বা ল’গ’টোৰ ঠাইত সেই দিনটোৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ ঘটনা, ব্যক্তি আদিৰ ডুডল বনাই স্থান দিয়ে, একপ্ৰকাৰ শ্ৰদ্ধা জনায়, স্মৰণ কৰে। কেতিয়াবা একেটা দিনতে বেলেগ বেলেগ দেশত বেলেগ বেলেগ ডুডলো পৰিলক্ষিত হ’ব পাৰে। উদাহৰণস্বৰূপে ইতিমধ্যে পূৰ্বজ্যোতি দাদাক সুধিলত জনাইছিল যে আজিৰ এই সুধাকণ্ঠৰ ডুডলটোৰ পৰিসৰ ভাৰতবৰ্ষতে সীমাবদ্ধ বুলি দেখা গৈছিল।(পূৰ্বজ্যোতিদাদা পদাৰ্থবিজ্ঞানৰ গৱেষক ছাত্ৰ লগতে এজন কুইজাৰ্ড)

যি কি নহওক, এজন অসমীয়াই এইদৰে বিশ্বৰ প্ৰেক্ষাপটত স্থান পোৱাটো সকলোৰে বাবেই গৌৰৱময় ক্ষণ। উল্লেখযোগ্য যে সুধাকণ্ঠৰ ডুডলটো নিৰ্মাণ কৰিছে মুম্বাইৰ এগৰাকী গ্ৰাফিক ডিজাইনাৰ, কলা পৰিচালক আৰু চিত্ৰকৰ ৰুতুজা মালিয়ে। (তথ্যউৎস) সমূহ অসমীয়াৰ হৈ তেখেতলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই অনন্য। সময় নিৰ্বিশেষে এই গীতসমূহ শুনিলেও শুনি থাকিবলৈ মন যায়। তেখেতৰ গীতসমূহৰ সুৰতকৈও শব্দৰ সাজোন, স্পষ্ট উচ্চাৰণ, মগজুৰ কৰ্ষণ হ’ব পৰা ভাৱ-ভাষাই হয়তো বেছি আকৰ্ষণ কৰে। এই গীতসমূহ অসমীয়া সংগীত জগতৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ বাবেও যে অমূল্য সম্পদ সেই কথা যুগ যুগ ধৰি সকলোৱেই স্বীকাৰ কৰি থাকিব । তেখেতৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়িব পাৰিব।

দৰাচলতে প্ৰত্যেক মানুহেই সুকীয়া সুকীয়া দিশত প্ৰতিভাৱান । মানুহ এজন মানৱ সম্পদ হিচাপে তেতিয়া পৰিগণিত হয় যেতিয়া সেই প্ৰতিভা বা সামৰ্থক নিজৰ লগতে সমাজৰ উত্তৰোত্তৰ উন্নতিৰ হকে ব্যৱহাৰ কৰে। অসামান্য সংগীত প্ৰতিভাৰ অধিকাৰী শিল্পী ডঃ ভূপেন হাজৰিকা সেয়ে সঁচা অৰ্থত এজন মানৱ সম্পদ। সংগীতক ব্যৱসায়িক দৃষ্টিকোণৰ উৰ্ধত গৈ সমাজৰ কল্যাণৰ হকে, নিজ মাতৃভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ হকে ব্যৱহাৰ কৰি সকলোৰে অন্তৰত তেওঁ প্ৰোথিত কৰিছিল স্বদেশপ্ৰেমৰ বীজ। সেয়ে জাতীয় চিন্তা-চৰ্চাই সবল ৰূপ পৰিগ্ৰহ কৰা ডঃ ভূপেন হাজৰিকাৰ গীতসমূহৰ প্ৰাসংগিকতা আজিও অকণো ম্লান পৰা নাই।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment