Categories
কিতাপৰ বাক্য

মইনা গোস্বামীৰ “মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ” গ্ৰন্থৰ কিছু প্ৰভাৱশালী তথা চিন্তা উদ্ৰেককাৰী বাক্য-বাক্যাংশ

“অন্ন-বস্ত্ৰ-বাসস্থানৰ দৰে শিক্ষা আৰু স্বাস্থ্যওতো মানৱীয় জীৱনৰ মৌলিক প্ৰয়োজন; অথচ কিয় ইমান অধঃপতিত শিক্ষা আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা? চৌদিশে ইমান গ্ৰন্থ, অজস্ৰ শিক্ষক, জ্ঞানী-গুণী দাৰ্শনিক, বিজ্ঞানীৰে ভৰপূৰ পৃথিৱীখনত কিয় ইমান হিংসা-বিদ্বেষ? শৈশৱৰ অন্তঃসলিলা কৌতূহল-উদ্দীপনা কিয় শীৰ্ণ হয় বিদ্যালয়ৰ মজিয়াত? কিয় সৃষ্টি হয় শিশুমনত বিদ্যালয় আতংক?” (পৃ. ১১)

“স্বতঃস্ফূৰ্তভাৱে মানুহে জন্মলগ্নৰে পৰা সঠিক-বেঠিক, সৎ-অসৎ, শুদ্ধ-অশুদ্ধ অলেখ কথা শিকি আহে। পিতৃ-মাতৃ, আত্মীয়-স্বজন, লগ-লগৰীয়াৰ কাম-কাজ, কথা-বতৰা শুনি গঢ়ি উঠে এক দৃষ্টিভংগী- এক মূল্যবোধ। তেওঁলোকে অন্ধভাৱে আহৰণ কৰে আখৰৰ পৰা চৰিত্ৰলৈ। সেইবোৰ আলফুলকৈ চকুৰ সন্মুখলৈ আনি সচেতনভাৱে শুদ্ধভাৱে গ্ৰহণ আৰু অশুদ্ধবোৰ বৰ্জন কৰিবলৈ শিকোৱাজনক আমি শিক্ষক বুলি কওঁ।” (পৃ. ১২)

“এই শিক্ষকতাৰ কামটোক তই ক্ষুদ্ৰ নকৰিবি আলোক, এই মহাবিশ্বত নিজে শিকাখিনি এনেদৰে বিলাই দিয়াৰ সুবিধা কিমানেনো পায়! তদুপৰি কি যে এক মহান ক্ষেত্ৰ এয়া!” (পৃ. ১২)

“মাতৃভাষা, গণিত, ইংৰাজী, বিজ্ঞান আদি বিষয়বোৰ কেৱলতো কিছুমান শ্ৰেণীশিক্ষকৰ ক্ষুদ্ৰ বিষয় নহয়; ই যে জীৱনক প্ৰাত্যহিক জঞ্জালৰ পৰা মুক্ত কৰি ওপৰলৈ তুলি ধৰা এক যুগোচিত আনন্দময় আখৰা।” (পৃ. ১২)

“পৃথিৱীত মানৱী জনম সাৰ্থক হোৱা কামবোৰৰ এটা হ’ল তাৰ বাবে নিজে জনাখিনি আনক বিলাই দিয়া।” (পৃ. ১৩)

“বিদ্যালয়বোৰ ফাৰ্ণিচাৰ হাউছ নহয়; অথচ ফাৰ্ণিচাৰ হাউছৰ দৰে। তাতো মানুহ নামৰ জীৱন্ত সঁজুলিবিধক বিশেষ মানৱীয় আকাৰ-আকৃতি দিয়াৰ প্ৰয়াস চলে।” (পৃ. ১৪)

“তই তোৰ জীৱনেৰে ক্ষুদ্ৰ পৰিমণ্ডলত হ’লেও শ্লথ-মন্থৰ পৰিৱেশক গতিশীল আৰু ক্ষিপ্ৰ কৰি তুলিব লাগিব।”(পৃ. ১৪)

“উৎপাদন সম্পৰ্কই জীৱন দৰ্শন সৃষ্টি কৰে- ইতিবাচক জীৱন দৰ্শন বা নেতিবাচক জীৱন দৰ্শন।”(পৃ. ১৪)

“একদেশদৰ্শী ঈশ্বৰ চিন্তাই ভ্ৰান্তি সুখ দিব পাৰে, বাস্তৱতাৰ অযুত সমস্যাৰে ভাৰাক্ৰান্ত জীৱনক ক্ষণিক সময়ৰ বাবে আঁউজি দিয়াৰ ব্যৱস্থা কৰিব বিচাৰে; কিন্তু মহাসত্যক অনুধ্যান কৰিবলৈ নিশিকায়।” (পৃ. ১৬)

“জ্ঞান নহ’লে মানুহক খং কৰিবও নোৱাৰি, ভালপোৱাও দিব নোৱাৰি, আনৰ পৰা আনকি ভালপোৱা ল’বও নোৱাৰি।” (পৃ.১৭)

“সৌজন্য প্ৰদৰ্শনত একো খৰচ নহয়; কিন্তু বিপুল লাভ হয়। সৌজন্য এখন সংস্কৃতিৱান সমাজৰ প্ৰাণময় শব্দ।” (পৃ. ২২)

“সৌজন্যজ্ঞান নথকাজন মানুহৰ শৰীৰধাৰী জন্তু মাথোন। পিছে সৌজন্য প্ৰদৰ্শন একপক্ষীয় নহয়। এজনে হাঁহিৰে দিয়া সম্ভাষণত প্ৰতিপক্ষৰো চকু-মুখ হাঁহি বিৰিঙি উঠিব লাগে।” (পৃ. ২২)

“তুলি ধৰাৰ ইচ্ছাহে আচল মানৱীয় আকাংক্ষা।” (পৃ. ২২)

“মানুহ এজনক ভাল বুলি শুনি বিশ্বাস কৰা আৰু তেওঁৰ লগত কথা পাতি আচাৰ-আচৰণ পৰীক্ষা কৰি জনা দুটা বেলেগ কথা।” (পৃ. ২৩)

“জীৱন ফৰ্মূলাৰে- সূত্ৰৰে নচলে। জীৱনে আৰ্হি বিচাৰে। জীৱনে বিন্দুৰ পৰা সিন্ধুলৈ আগবাঢ়িব খোজে।” (পৃ. ২৫)

“শ্ৰম যেতিয়া বোজা নহৈ হৈ উঠে আনন্দৰ উৎস, তেতিয়া মানুহৰ ক’তো নাথাকে অনিচ্ছা-অৱসাদ বা এলাহ। মানুহৰ যে আছে অপৰিসীম সৃজনী শক্তি।” (পৃ. ২৮)

“সকলোৱে ডাঙৰ কাম নকৰে; ইচ্ছা কৰিলে কিছু সৰু কামতো কৰিব পাৰি।” (পৃ. ২৯)

“ক’ৰবাত পৰিব, দুখ পাব বুলি কেৱল কোলাত লৈ বা বিছনাত শুৱাই ৰাখিব খুজিলে গতিশীলতাক জোৰ-জুলুম স্তব্ধ কৰি দিয়া হয়।”(পৃ. ২৯)

“শিশু সদায়েই অত্যধিক নমনীয়, শিকাৰ- নতুন বিষয় আয়ত্তৰ থাকে অপৰিসীম সম্ভাৱনা। অত্যধিক স্মৃতিশক্তি থাকে। আনকি থাকে বোধশক্তি আৰু মনন শক্তিও। শিশুক কিন্তু উপেক্ষা কৰা হয়; অথচ ভাব, ভাষা, কথা-বতৰা শিশুৱে শুনি থাকে- পৰ্যবেক্ষণ কৰে চৌদিশে। হৈ-হাল্লা, চিঞৰ-বাখৰ, গালি-গালাজৰ পৰিৱেশে শিশুৰ অনুভূতিক অস্থিৰ কৰে।” (পৃ. ৩০)

“মানুহে বিচাৰি ফুৰে বৈচিত্ৰ্য। গতানুগতিকতা, একঘেয়ামী জীৱন শৈশৱ-কৈশোৰ তথা যৌৱনৰ বাবে দুৰ্বহ, বৰ অসহনীয়।” (পৃ. ৩১)

“বৈচিত্ৰ্যৰ অভাৱে সৃষ্টিশীলতাক ধ্বংস কৰে।” (পৃ. ৩১)

“যিকোনো সৃজনমূলক ক্ৰিয়া-কলাপৰ প্ৰাৰম্ভিক চৰ্ত হ’ল অক্লান্ত শ্ৰমৰ প্ৰতি অদম্য প্ৰৱণতা। অৱশ্যে অক্লান্ত শ্ৰম কৰিলেই নহয়; কঠোৰ শ্ৰম কিম্বা প্ৰচুৰ শক্তি ক’ত প্ৰয়োগ কৰিম, কেনেকৈ কৰিম, সেই শিক্ষা নহ’লে সকলো শ্ৰম পশুশ্ৰম হ’ব পাৰে।” (পৃ. ৩২)

“আমি পৃথিৱীত অকলে থাকিব নোৱাৰোঁ। আমাক সংগ লাগে। অথচ সহযোগিতা-সহমৰ্মিতা যে জীৱনৰ প্ৰথম পাঠ, তাক আমি শিকাবলৈ পাহৰি থাকোঁ।
আচলতে নিজকে লগৰীয়াতকৈ শ্ৰেষ্ঠ হিচাপে প্ৰদৰ্শন কৰাৰ বাবে আমাৰ হুতাহ জাগে। এই হুতাহত পৰিয়েই জীয়াই থকাৰ প্ৰয়োজনীয় গুণ সহযোগিতা-সহমৰ্মিতাক ফালি-ছিৰি নেফানেফ কৰোঁ।” (পৃ. ৩২)

“যি ব্যক্তিৰ আত্মিক জগত ৰিক্ত, তেওঁ কোনো কাৰণতে সহানুভূতি-সহমৰ্মিতা-সহযোগিতা অনুভৱ কৰিব নোৱাৰে।” (পৃ. ৩৩)

“কিবা ভুল হ’লে-কোনোবাই নোৱাৰিলে ছাৰৰ সদায় এটা কথা- ‘ভুল সকলোৰে হয়। মই কিমান ভুল কৰি কৰি মাষ্টৰ হ’লোঁ!'” (পৃ. ৩৩)

“মানুহৰ বাবে আৱেগ অতি প্ৰবল এক স্বকীয় শক্তিৰ উৎস। শিশুৰ আৱেগে প্ৰতিমুহূৰ্ততে বিচাৰি ফুৰে চাৰ্জ। ইতিবাচক চাৰ্জ হোৱাৰ সুবিধা নাপালে নেতিবাচক চাৰ্জ লয়।” (পৃ. ৪০)

“আপোনাৰ সন্তানৰ ওপৰত আপোনাৰ ইচ্ছা আৰোপ নকৰিব। কম বয়সতেই আমি শিশুক আমাৰ কল্পিত আদৰ্শ অনুসৰণ কৰিবলৈ শিকাওঁ। এয়া ঠিক নহয়। শিশু তথা ছাত্ৰ-ছাত্ৰীয়ে কি বিচাৰে, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষিকাই জনাতো সৰ্বোত্তম কথা। জোৰ জবৰদস্তিয়ে শিশুৰ ব্যক্তিত্ব ধ্বংস কৰে।” (পৃ. ৪২)

“অকলে কোনেও একো কৰিব নোৱাৰে।” (পৃ. ৪৯)

“উচ্চ চেতনা নাথাকিলে নিজক চম্ভালি ৰখা ইমান সহজ নহয়।” (পৃ. ৫১)

“আচলতে আমি একচকুৱা। আমি বাহিৰৰ পৃথিৱী দেখিছোঁ; কিন্তু অনুমান কৰিব নোৱাৰোঁ পৃথিৱীৰ গৰ্ভৰ গলিত লাভাৰ মহাসাগৰ।” (পৃ. ৫১)

“ভুল কৰাটো অপৰাধ নহয়। প্ৰতিটো ভুলেই একোটা সুযোগ। ভুলক ভুল বুলি জনাটো এক ডাঙৰ আৱিষ্কাৰ। ভুলটোৰ শুদ্ধ কি জনাটো এক মহৎ আৱিষ্কাৰ।” (পৃ. ৫১)

“মানুহ সুন্দৰ হৈ উঠে মহৎ অনুসন্ধান, সৃজনী উদ্যম আৰু শ্ৰমশীলতাৰ আলোকেৰে।” (পৃ. ৫৫)

“জ্ঞান নিবিচাৰিলেও- একো শিকিব নুখুজিলেও সময়ে তোমাক শিকাব। সময়ে কিন্তু জাবৰ-জোঁথৰো দিব পাৰে – হীৰাও দিব পাৰে। দুয়োটা বস্তুকে চিনি পাবলৈ তোমাক জ্ঞান লাগিব।” (পৃ. ৫৬)

“স্বাৰ্থপৰ উচ্চাকাংক্ষা মানেই অসুস্থ প্ৰতিযোগিতা।” (পৃ. ৫৯)

“সৰুতে মাৰ মুখত শুনিছিলোঁ- ‘কামৰ সৰু-বৰ নাই।’ পাছত দেখিলোঁ – দেউতাই আমাৰ ঠেলা চলায়, কোনোৱে টেক্সি চলায়, লাম্বু দাদাই বোলে ৰে’ল চলায় আৰু কোনোৱে উৰাজাহাজ চলায়। ঠেলা চলোৱাতকৈ বাকীবোৰ দেখো ডাঙৰ কাম। কামৰ সৰু-বৰ কেনেকৈ নাথাকিব? পাছতহে বুজিলোঁ- মিলৰ পৰা বাৰ ফুট দীঘল কাঠকেইডোখৰ টেক্সি-ৰে’ল-উৰাজাহাজে আনিব নোৱাৰে। মোৰ দেউতাৰ ঠেলাখন লাগিব। ভোকত মানুহক ভাত-ৰুটি-চবজিহে লাগে- গহনা নালাগে।” (পৃ. ৬২)

“হৃদয়ক বাদ দি কেৱল মগজুৰে কি কি কাম কৰিব পাৰি মই নাজানো, কিন্তু মই এটা কথা জানো – হৃদয় বাদ দি কেৱল মগজুৰে শিক্ষকতাৰ কাম কৰিব নোৱাৰি।” (পৃ. ৬৩)

“বাজে হজম নোহোৱা খাদ্যই পাচনতন্ত্ৰ বিষাক্ত কৰাৰ দৰে হজম নোহোৱা পাঠ্যপুথিয়ে অসুস্থ কৰে ছাত্ৰ-ছাত্ৰীক।” (পৃ. ৬৭)

“ওপৰ মহলৰ জনতাৰ মনস্তত্ত্ব নুবুজা বৌদ্ধিকভাৱে অন্ধ কিছুমান মানুহে শিক্ষাৰ ৰথখন চলায়। ফলত যেনি-তেনি যায়। তলত পৰি থকা বৃহৎ শ্ৰেণীটোক এই ৰথখন চলোৱা মাতব্বৰী চালকসকলে নেদেখে।” (পৃ. ৬৭)

“আচলতে মানুহ জীয়াই থাকে পৰস্পৰক অৱলম্বন কৰি। মানুহে মানুহক গচকি আত্মসম্পূৰ্ণতাৰ পাঠ শিকিব নোৱাৰে। মানুহে বিচাৰিছিল বাবে মস্তিষ্ক বিকশিত হোৱা নাই, মস্তিষ্ক বিকশিত হয় শ্ৰমৰ মাজেদি মানৱ জাতিৰ গুৰুত্বপূৰ্ণ কীৰ্তি হ’ল- পাৰস্পৰিক সাহায্যৰ মনোভাৱ, মৈত্ৰীৰ মনোভাৱ।” (পৃ. ৬৮)

“শিক্ষা-সংস্কৃতিৰ প্ৰভাৱ ইমান ব্যাপক যে মানৱীয় বিকাশ হ’ব পৰা শিক্ষা-সংস্কৃতিৰ প্ৰচলন নহ’লে নতুন মানুহ সৃষ্টি নহয়।” (পৃ. ৬৯)

“নিজৰ অক্ষমতাক আনৰ ওপৰত জাপি দিব নাপায়।” (পৃ. ৭১)

“কাপোৰ লেতেৰা হ’লে কি কৰা হয়? চাবোন মৰা হয়, আছাৰি দিয়া হয়, পাতল কাপোৰবোৰ লাহে লাহে খচিও দিওঁ। কিয় কৰোঁ এইবোৰ? কাপোৰৰ ময়লা আঁতৰাবলৈ। মানুহৰ মনতো ময়লা জমা হয়, পুৰণিকলীয়া কামত নহা এলান্ধু জমা হয়। কাপোৰখন জড় পদাৰ্থ, নিজে নিজে ময়লা আঁতৰাব নোৱাৰে; কিন্তু মানুহ জীৱ থকা পদাৰ্থ। মানুহৰ এক উচ্চ চেতনাযুক্ত বিবেক আছে। মানুহৰ মনৰ মাজত জমা হোৱা ময়লাবোৰ আঁতৰাবলৈ বিবেকত আঘাত কৰিবলগীয়া হয়। তাৰবাবে আমাৰ পদ্ধতি হ’ল সমালোচনা।” (পৃ. ৭১)

“সৰস্বতী পূজাই সন্মিলিত হৈ প্ৰীতিভোজ খোৱাৰ আনন্দৰ বাহিৰে বিশেষ উৎকৰ্ষ সাধন নকৰে।” (পৃ. ৭২)

“সৰৱ হোৱাৰ বাবেই নীৰৱ হ’ব লাগে।” (পৃ. ৮৩)

“মানুহে গম পোৱা নাই কি হেৰুৱাই আছে!” (পৃ. ৮৪)

“প্ৰতিটো কথাৰ, কামৰ এটা বিপৰীত থাকে। সেই দুয়োটা জানিলেহে সমগ্ৰক বুজা যায়।” (পৃ. ৮৭)

“ছাত্ৰ-ছাত্ৰীসকলক ভুল কৰিবলৈ দিয়া। এয়া যদি ভুল, শুদ্ধটো কি? এই প্ৰশ্নই, যিমানেই ভুল আৱিষ্কাৰ কৰিব, সিমানেই শুদ্ধলৈ যোৱা বাট চিনি পাব।” (পৃ. ৮৮)

“এই পৃথিৱীত কোনো মানুহেই স্বয়ংসৃষ্ট নহয়; আৰু যিয়ে কেৱল ধনৰ গম্বুজত বহি নিজকে স্বয়ম্ভু বুলি ভাবি ধনৰ সহায়তেই অলেখ ষড়যন্ত্ৰত লিপ্ত হৈছে, সিহঁতৰ সেই সুখনিদ্ৰাৰ ক্ষমতা বিলীন কৰিবলৈ আমাক এক শক্তি লাগে- সঠিক দৰ্শনৰ শক্তি। শুদ্ধ দৰ্শন নথকা বাবেই সৎ কাম কৰিব খোজাসকলেও নাজানি-নুবুজি মামুলি কামত জীৱন বৰ্বাদ কৰিছে।” (পৃ. ৯১)

“কোনো মহৎ উদ্দেশ্যত লাগিব পৰাটো জীৱনৰ কি যে এক সাৰ্থকতা। ডাঙৰ কাম কৰিব নোৱাৰোঁ; কিন্তু ক্ষুদ্ৰ কামৰ মাজেদিও মইতো মানৱী জনমটোক মূল্যৱান কৰি গঢ়ি তুলিব পাৰোঁ।” (পৃ. ৯২)

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment