Categories
কিতাপৰ বাক্য

“পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ”ৰ কিছু বাক্য

পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ শীৰ্ষক অনুবাদ গ্ৰন্থখন হৈছে ইংৰাজী ‘ছেভেন ব্ৰিফ লেছনছ অ’ন ফিজিক্স’ নামৰ গ্ৰন্থখনৰ পৰা অসমীয়ালৈ কৰা অনুবাদ। ইয়াৰ সাৱলীল অনুবাদ কাৰ্যই গ্ৰন্থখনক সাধাৰণ পঢ়ুৱৈৰ বাবে মৌলিক ৰচনাসদৃশ মনোগ্ৰাহী কৰি তুলিছে। ইয়াৰ সাতটা পাঠ(অধ্যায়)ৰ মোক অতিকে প্ৰভাৱিত কৰা চিন্তা উদ্ৰেদকাৰী বাক্য/বাক্যাংশৰ কিছু ইয়াত সন্নিৱিষ্ট কৰি ৰাখিলোঁ।

প্ৰথম পাঠ- সবাতোকৈ মনোৰম তত্ত্বটো

  • “সময় অপচয় নকৰাকৈ ক’তো উপনীত হ’ব নোৱাৰি; যিটো কথী দুৰ্ভাগ্যজনকভাৱে কিশোৰ-কিশোৰীৰ অভিভাৱকে সততে পাহৰি থাকে।”
  • “বিশ্ববিদ্যালয়ত মোৰ অন্তিমটো শিক্ষাবৰ্ষ। পঢ়াশলীয়া কৰ্মসূচীৰ পৰা দূৰৈত, কোনোধৰণৰ বাধা-বিঘিনিৰ সন্মুখীন নোহোৱা এনেজাতীয় বন্ধবোৰত পঢ়িহে শিক্ষাৰ্থীয়ে বোধকৰোঁ আমেজ পায়।”
  • “বাস্তৱৰ নতুন দিশ এটাৰ উন্মোচন দৰাচলতে এটা গভীৰভাৱে অনুভূতিশীল অভিজ্ঞতা। ঠিক এখন পৰ্দাৰ উত্তোলনৰ দৰে।”
  • “বস্তু এটা গতিসম্পন্ন হৈ উঠা নিউটনৰ ‘মহাকাশ’ আৰু মহাকৰ্ষণীয় ক্ষেত্ৰৰ মাজত বৈসাদৃশ্য নাই। সিহঁত একেই।”
  • “মহাকাশ ত’তেই বক্ৰ হ’ব, য’তেই পদাৰ্থ এটাৰ উপস্থিতি থাকিব। “
  • “সাগৰপৃষ্ঠত থকা এজন মানুহে যদি পাহাৰত থকা তেওঁৰ যঁজা ভ্ৰাতৃক লগ পায়, তেন্তে তেওঁ দেখিব যে ভ্ৰাতৃজনৰ বয়স তেওঁতকৈ সামান্য বেছি।”
  • “যিবোৰ উপাদানেৰে আমাৰ সপোনবোৰ তৈয়াৰ হৈছে, সেই একেবোৰ উপাদানেৰে আলোচিত বাস্তৱতাও নিৰ্মাণ হৈছে যেন লাগে। তথাপি আমাৰ নিত্যদৃষ্ট স্বপ্নবোৰতকৈ ইয়াৰ বাস্তৱতা অধিক প্ৰখৰ।”

দ্বিতীয় পাঠ – কোৱাণ্টা

  • “প্ৰকৃতিৰ নিমজ অৱয়বটো সচৰাচৰ দেখি থকাতকৈও অধিক সূক্ষ্ম।”
  • “বাস্তৱক তৈয়াৰ কৰিবলৈ ঈশ্বৰে এডাল গভীৰ ৰেখা অংকন কৰি যোৱা নাই; বৰঞ্চ এটা ক্ষীণ নক্সাৰহে আভাস দি গৈছে।”
  • “কোপেনহেগেনৰ ডেকা সিংহৰ জাকটো বিচলিত হ’ল। আইনষ্টাইনে এইদৰে ভাবিব পাৰিলে কেনেকৈ? যিজন মানুহ তেওঁলোকৰ বাবে ‘আধ্যাত্মিক পিতৃ’, যিজন মানুহে কোনেও নভবা কথা এটা ভাবিবলৈ আৰু কোনেও নকৰা কাম এটা কৰিবলৈ সৎ-সাহস দেখুৱায়, সেইজন মানুহে এতিয়া নিজেই সৃষ্টি কৰা চিন্তা এটাক শংকাৰ দৃষ্টিৰে চাইছে আৰু অজ্ঞাত জগতখনত জাঁপ মৰাৰ পৰিৱৰ্তে পিছহে হুঁহকিছে।”
  • “প্ৰকৃতাৰ্থত আমাৰ জ্ঞান বাঢ়িছে সঁচা আৰু এই জ্ঞানৰ বিকাশে নতুন নতুন প্ৰশ্ন কিছুমানৰো উত্থান ঘটাইছে। যাৰ লগত সংযুক্ত হৈ আছে নতুন ৰহস্য।”

তৃতীয় পাঠ – ব্ৰহ্মাণ্ডৰ গঠনশৈলী

  • “আমাৰ জ্ঞান বিকশিত হৈ থাকিল। সমান্তৰালভাৱে যন্ত্ৰ আৰু মাপ-কাঠীবোৰো উন্নততৰ হ’ল। বিকশিত এই চিন্তাৰ জৰিয়তে সোনকালেই বুজি পোৱা গ’ল যে আমাৰ সৌৰজগতখন অকলশৰীয়া নহয়।”
  • “তাৰকা ৰাজ্যবোৰে গিজগিজাই থকা প্ৰায় পোন্ধৰশ কোটি বছৰ পুৰণি এই বিপুলাকৃতিৰ স্থিতিস্থাপক ব্ৰহ্মাণ্ডখন এডোখৰ অতি উষ্ণ আৰু ডাঠ সৰু ডাৱৰৰ পৰা উৎপত্তি হৈছিল।”
  • “এটা সৰু বলৰ লেখীয়াকৈ যাত্ৰাৰম্ভ কৰা ব্ৰহ্মাণ্ডখনে এটা প্ৰকাণ্ড বিস্ফোৰণৰ পৰিণতিস্বৰূপে বৰ্তমানৰ মহাজাগতিক মাত্ৰিকতা আহৰণ কৰিলে।”

চতুৰ্থ পাঠ – কণিকা

  • “কোৱাণ্টাম বলবিজ্ঞান আৰু ইয়াৰ লগত জড়িত সম্পৰীক্ষাবোৰৰ জৰিয়তে আমি গম পালোঁ যে, বিশ্বখন হৈছে বস্তুৰ নিৰৱচ্ছিন্ন আৰু বিৰতিবিহীন সমাৱেশ। পোহৰমুখী এক অবিৰত যাত্ৰা আৰু ক্ষুদ্ৰ আকৃতিলৈ ৰূপান্তৰ। ১৯৬০ চনৰ সংস্কাৰপ্ৰাপ্ত পৃথিৱীখনৰ দৰে সিহঁত হৈছে কম্পনৰ এক সংহতি। নানানটা ঘটনাৰ পৃথিৱী, সামগ্ৰীৰ নহয়।”
  • “পৃথিৱী আৰু আকাশত অনেক বস্তু আছে। সেইটো মত এতিয়া দ্ব্যৰ্থহীনভাৱে দিব পাৰি। পাঠকসকলক জনাই থওঁ যে, তাৰে একাংশ বস্তু পদাৰ্থ বিজ্ঞান আৰু দৰ্শনৰো স্বপ্নাতীত।”
  • “পদাৰ্থ বিজ্ঞান যে কেৱল সাফল্যৰে ইতিহাস – তেনে নহয়।”
  • “সূক্ষ্ম অনুসন্ধানে হয়তো পৰিচ্ছন্নতাৰ নহয়, অইন কিহবাৰ অভাৱহে উনুকিয়ায়! হয়তো – আমিয়েই আৰ্হিটোক এটা শুদ্ধ দৃষ্টিৰে চোৱাত ব্যৰ্থ হৈছোঁ, তাৰ সৰলতাক আৱিষ্কাৰ কৰাত বিফল হৈছোঁ।”
  • “অস্তিত্ব আৰু অস্তিত্বহীনতাৰ মাজত সঘনে কম্পন আৰু উঠা-নমা কৰি থকা কিছুমান বিশেষ ধৰণৰ মৌলিক কণিকা আছে।”

পঞ্চম পাঠ – মহাকাশৰ ক্ষুদ্ৰাংশ

  • “এজন পদাৰ্থবিদ তেতিয়াহে সুখী হয়, যেতিয়া দুটা সফল তত্ত্বৰ মাজত তেখেতে সংঘাতৰ উমান পায়।”
  • “ধাৰণাৰ প্ৰাথমিকতা, স্বজ্ঞা আৰু প্ৰয়াসৰ উজ্জ্বল প্ৰয়োগবোৰে বিজ্ঞানৰ সৌন্দৰ্য বঢ়োৱাত অগ্ৰগণ্য ভূমিকা পালন কৰে – যাৰ বিস্তৃতিয়ে জ্ঞানৰ পৰিধিকো নেওচি যায়।”
  • “বহুবিকল্পই বিতৰ্কৰ সূচনা কৰিলেও এই আলোচনাবোৰ স্বাস্থ্যকৰ‌।”
  • “পৃথিৱীখন গঢ়ি তোলাত বস্তুৰ পৰিৱৰ্তে আন্তঃসম্পৰ্কৰহে অৱদান অধিক।”
  • “পৰিৱৰ্তন সৰ্বব্যাপী। কিন্তু প্ৰাথমিক পৰ্যায়ৰ প্ৰক্ৰিয়াসমূহ কিছুমান ‘মুহূৰ্ত’ বা ‘ক্ষণ’ৰ উমৈহতীয়া অনুক্ৰম নহয়।”
  • “কৃষ্ণ গহ্বৰ হৈছে অতিশয় মন্থৰ গতিত দৃশ্যমান হোৱা এটা জঁপিয়াই থকা তৰা।”
  • “পদাৰ্থ বিজ্ঞানে এনে এখন খিৰিকি খুলি দিয়ে, যিখন খিৰিকিৰে আমি বহু দূৰলৈকে চাব পাৰোঁ।”
  • “পৃথিৱীৰ যিখন ছবি আমি মনৰ মাজত কঢ়িয়াই ফুৰিছোঁ; সেইখন ছবি আংশিক, অসম্পূৰ্ণ আৰু অপ্ৰশস্ত।”

ষষ্ঠ পাঠ – সম্ভাৱিতা সময় আৰু কৃষ্ণ গহ্বৰৰ তাপ

  • “ঠাণ্ডা বস্তুৰ সংস্পৰ্শলৈ অহা গৰম বস্তু এটাৰ তাপমাত্ৰা বাঢ়ি অধিক গৰম হোৱাটো অসম্ভৱেই নহয়, অকল্পনীয়ও।”
  • “কিছুমান আচৰণৰ সম্ভাৱনা প্ৰবল আৰু কিছুমান আচৰণৰ সম্ভাৱনা ক্ষীণ।”
  • “আমি কওঁ যে কেৱল বৰ্তমানত থকা বস্তুবোৰৰহে অস্তিত্ব আছে। অতীত আৰু ভৱিষ্যতৰ কোনো অস্তিত্ব নাই। পিছে পদাৰ্থবিজ্ঞানত এনে কোনো বস্তু নাই, যাক আমি ‘এতিয়া’ৰ লগত একত্ৰিত কৰিব পাৰোঁ।”
  • “অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত থকা বৈসাদৃশ্যটো একধৰণৰ অচল-অটল বিভ্ৰমৰ বাহিৰে একো নহয়।”
  • “যুক্তিসন্মত, সাৱধানী আৰু বুদ্ধিদীপ্ত সমূহীয়া সম্পৰীক্ষাৰ পৰিৱৰ্তে তাৎক্ষণিক স্বজ্ঞাক বিশ্বাস কৰাটোক প্ৰজ্ঞা বুলিব নোৱাৰি।”
  • “আমি পৃথিৱীৰ সান্নিধ্যত থাকিলেও তাৰপৰা বাস্তৱতাৰ সূক্ষ্মাতিসূক্ষ্ম গঠন সম্পৰ্কে বিশেষ একো আহৰণ কৰিব নোৱাৰি। সময়ৰ প্ৰৱাহৰ উৎপত্তিস্থলী হৈছে পদাৰ্থ বিজ্ঞান, কিন্তু বস্তু এটাৰ সঠিক গঠন আৰু ব্যাখ্যাত সি অনুপলব্ধ। তাৰ পৰিৱৰ্তে সময়ৰ উদ্ভৱ হয় পৰিসংখ্যা আৰু তাপগতিবিজ্ঞানৰ জগতখনৰ পৰা।”
  • “সময় বহি থাকে মহাকৰ্ষণ, কোৱাণ্টাম বলবিজ্ঞান আৰু তাপগতিবিজ্ঞানৰ মিলনবিন্দুত সৃষ্টি হোৱা জটিলতাৰ স্তূপ এটাত। সমস্যাৰ যিটো স্তূপৰ বিষয়ে আমিও জ্ঞাত নহওঁ।”

অন্তিম পাঠ – আমি

  • “আমি কেৱল শিকিয়েই নাথাকোঁ। আমি আমাৰ ধাৰণালব্ধ কাঠামোটোৰ পৰিৱৰ্তন ঘটাবলৈ ক্ৰমাগতভাৱে বুজন হৈ উঠোঁ আৰু প্ৰাপ্ত শিক্ষাৰ লগত তাৰ অভিযোজন ঘটাবলৈ যত্নপৰ হৈ থাকোঁ।”
  • “পৃথিৱীখনক সঠিকভাৱে ব্যাখ্যা কৰিবলৈ আমি কিছুমান ইংগিত অনুসৰণ কৰিবলগীয়া হয়।”
  • “আমাৰ জ্ঞানে অৱলীলাক্ৰমে এই পৃথিৱীখনকেই প্ৰতিফলিত কৰে। সেয়া লাগিলে কমেই হওক বা বেছিয়েই হওক; কিন্তু জ্ঞানৰ দ্বাৰা আমি বাস কৰা পৃথিৱীখন প্ৰতিফলিত হয়। পৃথিৱী আৰু আমাৰ মাজত থকা এই যোগাযোগে অৱশ্যে আমাক প্ৰকৃতিৰ বাকী অংশৰ পৰা নিলগাই নাৰাখে।”
  • “বস্তুৰ প্ৰকৃতিৰ আচৰণ উলংঘন কৰিব পৰা একোৱেই আমাৰ মাজত নাই। পদাৰ্থ বিজ্ঞানৰ পৰা ৰসায়ন বিজ্ঞানলৈ, জীৱ বিজ্ঞানৰ পৰা স্নায়ু বিজ্ঞানলৈকে বিস্তৃত হৈ থকী আধুনিক বিজ্ঞানে সেই কথাকেই প্ৰতিপন্ন কৰি আহিছে।”
  • “মুক্ত হোৱাৰ অৰ্থ এইটো নহয় যে আমাৰ আচৰণসমূহ প্ৰকৃতিৰ নিয়মাৱলীৰ দ্বাৰা অনিৰ্ণীত। ইয়াৰ অৰ্থ এইটোহে যে, আমাৰ মগজুত ক্ৰিয়াশীল হৈ থকা প্ৰকৃতিৰ নিয়মৰ দ্বাৰা আমি চালিত‌‌।”
  • “আমাৰ মুক্ত সিদ্ধান্তসমূহ মুক্তভাৱে নিৰ্ণীত হয় আমাৰ মগজুত থকা কোটি কোটি স্নায়ুকোষৰ সমৃদ্ধিশালী আৰু ক্ষণস্থায়ী আন্তঃক্ৰিয়াৰ জৰিয়তে।”
  • “এজন ব্যক্তি হৈছে জটিল আৰু সুসংঘবদ্ধভাৱে একত্ৰিত হৈ থকা এটা প্ৰক্ৰিয়া।”
  • “আমি আমাৰ বিষয়ে যিবোৰ ছবি আৰু ধাৰণা কঢ়িয়াই ফুৰিছোঁ, সেইবোৰ দৰাচলতে আমাৰ অভ্যন্তৰত ঘটি থকা পুংখানুপুংখ জটিলতাৰ তুলনাত তেনেই অশোধিত আৰু অসম্পূৰ্ণ।”
  • “কৌতূহলী হোৱাটো প্ৰকৃতিৰ বিৰুদ্ধাচৰণ নহয়। বৰঞ্চ কৌতূহল আমাৰ চৰিত্ৰৰেই অংশ।”
  • “জলবায়ু আৰু পৰিস্থিতিতন্ত্ৰলৈ আমি যিধৰণৰ অমানুষিক ক্ষতি কঢ়িয়াই আনিছোঁ, সেইবোৰ প্ৰায় অক্ষমণীয়।”
  • “জীৱন আমাৰ বাবে মূল্যৱান, কিয়নো ই ক্ষণস্থায়ী।”
  • “অধিক জানিবলৈ বিচৰা আৰু অবিৰতভাৱে শিকি থাকিব খোজাটোও আমাৰ প্ৰকৃতিৰেই দান।”
  • “নজনা কথাৰ মহাসমুদ্ৰৰ পৰশত আমাৰ জ্ঞাত কথাৰ যি সংগম ঘটে তাতেই উদ্ভাসিত হৈ পৰে পৃথিৱীৰ সুষমা আৰু ৰহস্যময়তা আৰু এয়া সঁচাকৈয়ে শ্বাসৰুদ্ধকাৰী।”

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

One reply on ““পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ”ৰ কিছু বাক্য”

Leave a comment