Categories
লিমাৰিক

লিমাৰিক – (প্ৰসংগ ডাকব্যৱস্থা)

ৰচনাকাল – ১৬ অক্টোবৰ, ২০২২

(১)
সাধু সাধু সাধু খাই কঠালৰ বাদু
ঘূৰণীয়া পৃথিৱীত খেলি হাই-গুদু
যদিহে পাইছা আহৰি
চাবলৈ নাযাবা পাহৰি
কেৰেলাতকৈ গুটি দীৰ্ঘ হোৱাৰ যাদু।

(২)
দেশৰ কথা দহৰ কথা শুনিছানে বাৰু
ডাক পখিলী বাইৰ দুই হাতত খাৰু
থাকে লিৰিকি-বিদাৰি
হাতৰ নাই আহৰি
টোপোলাতে মৰহে সেয়ে সুগন্ধি সোণাৰু।

(৩)
বাটৰুৱা বতাহজাক কেনিনো বৈ যায়
পথৰ ভাণ্ডা-মুণ্ড কেনেকৈনো বুজি পায়
নুবুজিবা নুবুজিবা
নাভাবিবা নুগুণিবা
ভাত মুদা মৰিলে জীৱৰ হ’ব যে বিলায়।

(৪)
যতমানে নিয়ম-নীতি মাজত নাই সাঁকো
কাৰ্যকৰীৰ বিসংগতি চাবলৈ নাই চকু
চলাই আছে গৰু-গাড়ী
হাতত পিন্ধে ডিজি-ঘড়ী
ভাৱলেশহীনতাৰে খেলি থাকে লুকা-ভাকু।

(৫)
মধ্যবিত্ত-সাধাৰণ কিমানৰ যে আপদত
আজিও একমাত্ৰ সাৰথি কত শত সময়ত
চিন্তানো কিয় কৰে হে’
সম্পদ নহয়, সময়হে!
কি আহে কি যায় এই দুদিনীয়া জীৱনত।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment