“শংকৰে দিলে বিশুদ্ধ ধৰমলাচিতে বাহুত বলসতী জয়মতীৰ সতীত্ব তেজেৰেঅসমী আই প্ৰবল।” – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰসংগ : লাচিত বৰফুকন লাচিত বৰফুকন- নামটো নজনা বা নিচিনা অসমীয়া হয়তো নাই। বিশেষকৈ লাচিত বৰফুকনৰ “দেশতকৈ মোমাই ডাঙৰ নহয়” উক্তিটোৰ সৈতে সৰুৰেপৰাই সকলোৱেই পৰিচিত। কৰ্তব্যপৰায়ণতা, ন্যায়পৰায়ণতা, দেশপ্ৰেম, নিঃস্বাৰ্থ মনোভাৱ তথা অতুলনীয় সাহসৰ নিদৰ্শন আগবঢ়াবলৈ এইটো যে এক তেজোদীপ্ত উপমা। […]
জীৱনত একো কৰিব নোৱাৰাৰ দুখ আৰু হীনমন্যতাই কোঙা কৰি পেলালেও ইতিবাচক শক্তি এটা অহৰহ মনত কঢ়িয়াই ফুৰিছিলোঁ। জ্ঞাতে বা অজ্ঞাতে হোৱা সহস্ৰ ভুলৰ পৰা মাথোঁ শিকিবলৈ, সংশোধন হ’বলৈ চেষ্টা কৰিছিলোঁ। যি চেষ্টাৰ আঁৰত মই নজনাকৈয়ে আছিল মা-দেউতা তথা আত্মীয়ৰ আশীৰ্বাদৰ উপৰি অনেক শুভাকাংক্ষীৰ শুভবোধ। অন্তৰৰ পৰা কৃতজ্ঞ নাম লিখি শেষ কৰিব নোৱাৰা সকলোলৈকে। সপোনৰ দিশে […]
আহৰি
ৰচনাকাল- ২৩ আগষ্ট,২০২০ হেৰুৱা শৈশৱ বিচাৰিখোজ নিয়ৰসনা দুবৰিতঅলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত টোপনি হৰিছে দুচকুতেশুব দিয়া কোলাতেআই তোমাৰ মৰমতেদেউতাৰ চেনেহতেচিন্তাবিহীন অতীতক সুঁৱৰিঅলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত হেঁপাহভৰা দলিচাত আশাৰে মালাগাঁঠি গাঁঠি ক’তেনো থ’লাবিচাৰিলেও নোপোৱা পুনুগুচি যোৱা সময়…অলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত
সাহিত্যৰথী এপ্লিকেচন
বৰ্তমান প্লেষ্টৰ উপলব্ধ নোহোৱা এটা অতি ভাল এপ্লিকেচন হৈছে সাহিত্যৰথী । এইটো মোৰ ম’বাইলৰ পৰা কেতিয়াও আনইনষ্টল কৰা নাছিলোঁ বাবে ইয়াৰ APK ফাইলটো ইয়াত সাঁচি থ’লোঁ। কাৰোবাৰ প্ৰয়োজন হ’লে ডাউনল’ড কৰি ইনষ্টল কৰি ল’ব পাৰিব। ভাইটি প্ৰিয়াংকুশক এপটোৰ কথা জনাওঁতে সি ইণ্টাৰনেটত খুঁচৰি এপটো ডাউনলড কৰি ল’ব পৰা ৱেবচাইটৰ লিংক এটাও বিচাৰি দিলে। সেয়ে দুয়োটা […]
পৰম্পৰা ৰক্ষাৰ্থে আনুষ্ঠানিক বিদায় সভাৰ লগত সংগতি ৰাখি বিভাগৰ পৰা প্ৰকাশিত “সুগন্ধি শিপা” শীৰ্ষক স্মৰণিকাখন প্ৰকাশ কৰাৰ সময় আহি পৰে। কিন্তু বিভিন্ন অসুবিধাৰ হেতু ছপাৰূপত প্ৰকাশ কৰিবলৈ আমি অসমৰ্থ। কি কৰা যায়? অসমীয়া টাইপ কৰিব পাৰিলেও ছবিৰ সৈতে লিখা, অংগসজ্জাৰ কাম আদি যে একোৱেই নাজানো! সেই সময়তে ঘপহকৈ মনত পৰিছিল বিজ্ঞান আৰু বোলছবিলৈ। গণিত চ’ৰা […]
“মৃত্যু শ্বাশ্বত সত্য” বুলি জানিও কেতিয়াবা সত্যক স্বীকাৰ কৰাটো অসম্ভৱ হৈ পৰে যেতিয়া অতিকে আপোনজন হঠাতে…! জীৱনৰ প্ৰতিপল লগৰী দুখৰ ভাৰখন সেই সময়ত ইমানেই গধুৰ হৈ পৰে যে বাট বোলাতো দূৰৰে কথা, উশাহ লৈ জীয়াই থকাটোও কষ্ট হৈ যায়! তথাপিতো সময়ে সেই ভাৰ পাতলায়, নিচুকায়, কৰি তোলে সহনীয়। কাৰণ জীৱন যে ৰৈ নাথাকে, ‘চলতি কা […]
সহযাত্ৰী
ৰচনাকাল-১৬ জানুৱাৰী সহযাত্ৰী(অণুগল্প) “নৈখনৰ কেতিয়াবা কোবাল সোঁত, কেতিয়াবা স্থিৰ ৰূপ। ভূ-ভাগক ধৰি ৰখাত অৰণ্য নিমগ্ন। বিনন্দীয়া প্ৰকৃতিৰ এই ৰহস্যক কি নাম দিয়া যায় অনিৰ্বাণ?” – নয়নাৰ উজ্জ্বল দুচকুলৈ চাই অনিৰ্বাণে মনতে ভাবিলে – ‘লগ পোৱাৰ দিন ধৰি দুৰ্বলতাৰ সলনি তুমি সাহস হৈ থকাৰ দৰেইতো এই ৰহস্য’ আৰু ক’লে, “সহযাত্ৰীতকৈ এই কথা কোনে বুজাব পাৰিব?”
‘অ আ ক খ’ শিকাৰে পৰা নৱম শ্ৰেণীৰ মাজভাগলৈকে অসমীয়া এনে এক বিষয় আছিল যে পৰীক্ষাৰ আগদিনাখন পঢ়িলেই হৈ যায়। মনত অসমীয়াহে, ইমান নপঢ়িলেও হ’ব। নৱম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত প্ৰাপ্ত নম্বৰ একেবাৰে অনাকাংক্ষিত! মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা! বিষয় শিক্ষয়িত্ৰী বাইদেৱে কোনো ঋণাত্মক মন্তব্য দিয়াৰ সলনি অসমীয়াৰ প্ৰতি কি ভাব লোৱা উচিত সেই বিষয়ে […]
জীৱন পথৰ যিবোৰ বিন্দু পথসন্ধিৰ, যিবোৰ মুহূৰ্ত দ্বিধাৰ, ঢল হৈ নমা আৱেগৰ- তাতেই ৰৈ থাকে মানুহৰ অলিখিত ভাগ্যলিপি। ইন্দ্ৰজালৰ বিভ্ৰান্তি লৈ। ধূলিৰ ধুমুহা হৈ। তাৰ প্ৰতিটো খোজত আঁকি থোৱা থাকে পথৰ চৰিত্ৰ। লিখি থোৱা থাকে সংলাপ আৰু দৃশ্য। জানি-বুজি ঘৰৰ ভিতৰলৈ ঘূৰ্ণী ধুমুহাক মাতি নিয়া সহজ কথা নহয়। বেয়া কথাৰ পাখি বৰ শক্তিশালী। নিমিষতে ধুমুহা […]
জুলী বৰুৱাই লিখা “ক্ৰিষ্টি ব্ৰাউন আৰু মই” শীৰ্ষক জীৱনীমূলক অনুবাদ গ্ৰন্থখন পঢ়ি ভাল লাগিল। তাৰে কিছু প্ৰভাৱ পেলোৱা বাক্য – “শূলেহে শূল কঢ়াৰ দৰে জীৱনৰ যন্ত্ৰণাইহে আমাক যন্ত্ৰণাক জয় কৰাৰ মন্ত্ৰপাঠ দিয়ে।” “এজন মানুহৰ কাহিনীয়ে আমাক যিমান মুগ্ধ বা অনুপ্ৰাণিত কৰে, তাতোকৈ বেছি অনুপ্ৰাণিত কৰে ভিন্ন সময়ত তোলা মানুহজনৰ ছবিসমূহে।” “কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ […]
২০২১ চনত পঢ়া গ্ৰন্থকেইখন-১) মৰুযাত্ৰা আৰু অন্যান্য – অৰূপা পটঙ্গীয়া কলিতা২) অনুপম গণিত – ডঃ দিলীপ শৰ্মা৩) শ্বিচকিন,মই আৰু বহুতো – নিশি বৰকটকী (অনুবাদক)৪) ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী – ডঃ মৃণাল কলিতা৫) অপ্ৰতিৰোধ্য – মেৰীকম৬) লক্ষ্য ১ মনুষ্যত্ব – ডঃ নিৰ্মলা দেৱী৭) ৰামানুজন আৰু তেওঁৰ গণিত – নয়নদীপ ডেকা বৰুৱা৮) মৃণ্ময়ী ভেনাছ – প্ৰশান্ত […]
দেৱাংগ পল্লৱ শইকীয়াৰ “জীৱনৰ গল্প-গদ্য”ই জীৱনটোক সুকীয়া সুৰত বান্ধিছে। গ্ৰন্থখনৰ প্ৰভাৱশালী বাক্যৰ কিয়দাংশ- “উশাহবোৰ ৰুদ্ধ হয়, থন ধৰে, উশাহত ফুল গজে। ধুমুহাত শিপা উভালে, ফুলৰ, উশাহৰ।” “শিলৰ বুকুৰ ৰং সলনি নহয়। শিল মানুহৰ দৰে নহয়! তেনেহ’লে কিয় কয় – শিলৰ দৰে মানুহ বুলি?” “চকুৰ পতাত বৰষুণৰ টোপাল ওলমি ৰওক। শুকান চকুহালক সতেজ কৰক।” “মানুহক শিললৈ […]
(২০১৯ চনৰ ১৯ নৱেম্বৰত লিখিত) আচলতে আমি যিকোনো কথাই একদৃষ্টিকোণৰ পৰা চাই থাকোঁ যাৰ বাবে বিতৰ্ক, ভুল বুজাবুজি এইবোৰ সঘনাই হৈ থাকে। সময়ৰ লগে লগে আমাৰ সমাজত সহন শক্তিও কমি আহিছে যাৰ বাবে পোনচাটেই নেতিবাচক চিন্তাহে আহে। প্ৰকৃততে এই পৃথিৱীত কোনো কথাই ভুল বা শুদ্ধ বুলি কোৱাটো অযুগুত। সকলোবোৰেই আপেক্ষিক। এই সাধাৰণ কথাটোকে গ্ৰহণ কৰিব […]
✍️ ৰচনাকাল-জুলাই,২০২১ নেদেখা সপোন আছিল মোৰ ছল্ট ব্ৰুক একাডেমীস্বীকাৰ কৰোঁ যে মোৰ জীৱনত, কোনো আগতীয়া চিন্তা-চৰ্চা অথবা সপোন নাছিল ছল্ট ব্ৰুক একাডেমী। ক্ষন্তেকীয়া আৱেগ-উছাহৰ সিদ্ধান্ত লৈ মেট্ৰিকৰ ৰিজাল্টৰ পিছতেই দেউতাই লৈ আহিছিলগৈ ছল্ট ব্ৰুক একাডেমীৰ ফৰ্ম।সেই সময়ত ভাল ৰিজাল্ট (?) হোৱা মানেই যেন কটন , ছল্ট ব্ৰুক অথবা ৰামানুজন জুনিয়ৰ কলেজ। সময়ৰ সোঁতত, অলপ ডাঙৰ […]
নেতিবাচক কথকতা!
ইতিবাচক হ’ব লাগিব বুলিয়েই জানো সহজসদায় হাঁহি থকাটো?স্থিতপ্ৰজ্ঞৰ অভিনয় কৰাটোসকলো সময়তে সহজ নহয়!নিজৰ কথা চিন্তা কৰা নহয়বৰ্তমানত জী থকাতে ব্যস্ততাৰ আৱাহনঅথচ! ধুমকেতুৰ নিচিনাকৈসময়ে জোকাৰি যায়, প্ৰশ্নত! সুখী? নে সুখৰ মুখা পিন্ধা দুখী?নিজেই নাজানো! মাথোঁ জানোভাল খবৰৰ আশাত ৰৈ থকা এমুঠি ভালপোৱা মানুহকবাৰে বাৰে কৰিছোঁ আশাহত!আত্মবিশ্বাস হেৰুৱাই দি আছোঁ কষ্ট!তাৰ পিছতো উফৰি আহেসান্ত্বনাৰ বাণী“একো নাই, চেষ্টা […]