Categories
ই-আলোচনী আদি

সাহিত্যৰথী এপ্লিকেচন

বৰ্তমান প্লেষ্টৰ উপলব্ধ নোহোৱা এটা অতি ভাল এপ্লিকেচন হৈছে সাহিত্যৰথী । এইটো মোৰ ম’বাইলৰ পৰা কেতিয়াও আনইনষ্টল কৰা নাছিলোঁ বাবে ইয়াৰ APK ফাইলটো ইয়াত সাঁচি থ’লোঁ। কাৰোবাৰ প্ৰয়োজন হ’লে ডাউনল’ড কৰি ইনষ্টল কৰি ল’ব পাৰিব। ভাইটি প্ৰিয়াংকুশক এপটোৰ কথা জনাওঁতে সি ইণ্টাৰনেটত খুঁচৰি এপটো ডাউনলড কৰি ল’ব পৰা ৱেবচাইটৰ লিংক এটাও বিচাৰি দিলে। সেয়ে দুয়োটা […]

Categories
Uncategorized

আধৰুৱা, অশান্তি, অকথ্য ২

এজন মানুহ বা এটা অনুষ্ঠান যেতিয়া নিজৰ ভাল কৰ্ম বা প্ৰতিভা বা দক্ষতাৰ বাবে অথবা আন ব্যতিক্ৰমী পদক্ষেপৰ বাবে বহুল সমাদৃত, প্ৰচাৰিত, প্ৰসাৰিত হৈ জনমানসত ‘এটা ব্ৰেণ্ড’ হৈ যায়, তেতিয়া সেই মানুহ বা অনুষ্ঠানৰো সমাজৰ প্ৰতি এটা দায়িত্ব থাকে পূৰ্বৰ ভাল কামখিনি বাহাল ৰাখি নিজৰ মহানতাক জীয়াই ৰখা। কিন্তু অতি পৰিতাপৰ বিষয় হৈছে আমাৰ সমাজত […]

Categories
টুকুৰা-টুকুৰ-ভিন্নস্বাদ

২০২৩ গ্ৰন্থ বিশেষ

বিভিন্ন মানসিক সংঘাত আৰু শাৰীৰিক কষ্টৰে ভৰা ২০২৩ বৰ্ষটোত পঢ়া কিতাপৰ সংখ্যা একেবাৰে কম হ’ল। পঢ়ি সম্পূৰ্ণ কৰা কিতাপকেইখন হৈছে-১) ‘মই শংকৰদেৱে কৈছোঁ’ – মইনা গোস্বামী২) ‘ডাঙৰ মানুহৰ সাধু’ – দিগন্ত ওজা৩) ‘মিৰ সোণমিলি’ – জ্যোৎস্না টকবিপি৪) ‘নিকা অসমীয়া ভাষা’ – মহেশ্বৰ নেওগ৫) ‘এক দুই যোগ বিয়োগ’ – ডঃ জ্যোতিপ্ৰসাদ মেধি৬) ‘আমাৰ দৰে সিহঁতো মানৱ’ […]

Categories
অনুভৱৰ পৃথিৱী টুকুৰা-টুকুৰ-ভিন্নস্বাদ

আধৰুৱা অশান্তি অকথ্য – ১

মনস্বিনী মহন্ত বাইদেৱে লিখিছে – “এটা চাকৰি নিষ্ঠা সহকাৰে, ১০০% সমপৰ্ণেৰে কৰিবলৈ হ’লে মানুহে অন্য বহুবোৰ বিষয় বাদ দিবলগীয়া হয়। অতি মেধা বা প্ৰতিভা সম্পন্ন মানুহৰ কথা বেলেগ বা বিপৰীত স্থিতিৰে চাকৰিত পাল মাৰি-দৰমহা মাত্ৰ লৈ, অন্য ক্ষেত্রত দপদপাই থকা মানুহৰ কথাও বেলেগ।” এই কথাখিনিত সহমত পোষণ কৰিলেও আৰু কেইটামান কথা(প্ৰশ্ন?) সংযোগ কৰিবলৈ মনটোৱে বাৰে […]

Categories
অনুভৱৰ পৃথিৱী

শুভলক্ষ্মী বাইদেউৰ কথাৰে

২০১৯ চনত যেতিয়া বি এডত নামভৰ্তি কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, তেতিয়া তাত বিভাগত কৰ্মৰত কোনো এজন শিক্ষক-অধ্যাপক মোৰ চিনাকী নাছিল। সময়ৰ লগে লগে কেইদিনমান পাছতে শিক্ষাগুৰুসকলৰ নামৰ সৈতে চেহেৰাবোৰ মনত ৰৈছিল যদিও কথা মনত নথকা বেমাৰটোৰ বাবে প্ৰায়ে নাম পাহৰিছিলোঁ সেইসকলৰ যিসকলে প্ৰথম ষাণ্মাসিকত আমাক ক্লাছ কৰা নাছিল। তেতিয়াৰ প্ৰথম শিক্ষক দিৱসতে এগৰাকী বাইদেউক […]

Categories
অনুভৱৰ পৃথিৱী গল্প, চুটিগল্প কিম্বা অণুগল্প

বিশ্ব মানৱতা দিৱস উপলক্ষ্যে

ৰচনাকাল – ২০ আগষ্ট, ২০১৭২০ আগষ্ট, বিশ্ব মানৱতা দিৱস উপলক্ষ্যে(পণ্ডিত প্ৰবৰ ভৱপ্ৰসাদ চলিহাৰ জন্মদিন) “ব’লাচোন, গ’লে ভাল লাগিব অ’, সঁচাকৈ কৈছোঁ”“বেয়া নাপাবা অ’, মই নাযাওঁ। গ’লে আকৌ কাজিয়া হ’ব আৰু মই বুজালেও সি নুবুজিব ৷”“কৈ দিবা মই লগ ধৰিছোঁ, অলপ সময়ৰ কাৰণেহে ৷ ভাল সভা এখন হ’ব বাবেহে কৈছোঁ তোমাক।”“বুজি পাইছোঁ মই, কিন্তু এতিয়া মোৰ […]

Categories
অনুভৱৰ পৃথিৱী চিনেমাবিষয়ক

এৰা-ধৰা : সন্দীপ ভায়াৰ প্ৰসংগৰে কিছু মনৰ কথা

ভাল ফলাফল কৰি থকা শিক্ষানুষ্ঠান এখনৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল যদি কেতিয়াবা বেয়া হৈ যায়, তেতিয়া সেইখন শিক্ষানুষ্ঠানৰ পূৰ্বৰ ফলাফলসমূহকো সমালোচনাৰ আওতালৈ অনাটো বৰ নতুন কথা নহয়। বিপৰীতভাৱে চৰ্চাত নথকা এখনৰ হঠাত হোৱা ভাল ফলাফলতো সেইখনক প্ৰশংসাৰে বুৰাই পেলোৱা হয়। এইবোৰ সকলোৱে দেখি-শুনি থকা কথা। ফলাফলৰ তাৰতম্যৰ কাৰণে অতীতৰ লগত তুলনাটো যেন একেবাৰে সাধাৰণ বিষয় আমাৰ […]

Categories
অনুভৱৰ পৃথিৱী অন্যান্য

এবুকু হেঁপাহ, এমুঠি সপোন, অলপ আশাৰে দুচকু ভৰুণ

সগৌৰৱে উজনি অসমত নিজৰ স্থিতি ঘোষণা কৰি থকা নাহৰৰ দেশ খ্যাত ঐতিহ্যমণ্ডিত ৰাজ্যিক বিশ্ববিদ্যালয়খনি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। দ্বিতীয় প্ৰৱেশদ্বাৰেদি সোমাই বাঁওফালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰখনৰ কাষে কাষে পকী পথটোৰে আহি টাৰ্নিঙত বাঁওফালে ঘূৰি দিলেই চকুত পৰে ওমলা ঘৰ। ওমলা ঘৰৰ কাষতেই মাত্ৰ কেইখোজমান আগবাঢ়ি আহিলেই দেখা পোৱা যায় এটা আহল-বহল প্ৰৱেশপথৰ সৈতে থিয় হৈ আছে […]

Categories
অনুভৱৰ পৃথিৱী কলম পৰীক্ষণ টুকুৰা-টুকুৰ-ভিন্নস্বাদ

মোৰ দুহেজাৰ বাইশৰ শেষত একলম অনুভৱ!

২০২২ চন!এক পাহৰিব নোৱাৰা বৰ্ষ!এটা যুঁজাৰু বৰ্ষ!এটা প্ৰত্যাহ্বানভৰা বৰ্ষ!আনৰ কাৰণে নিজাকৈ কিবা কৰিব পৰাত অনিৰ্বচনীয় অনুভৱৰ বৰ্ষ!এটা শিক্ষাৰ বৰ্ষ!প্ৰকৃত শুভাকাংক্ষী চিনি পোৱাৰ বৰ্ষ! আৰু কত যে কি! বিশেষকৈ বছৰটোৰ পিছৰ আঠমাহ যে মোৰ বাবে হৈ পৰিছিল আটাইটকৈ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰে ভৰা। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি কেতিয়া হয়, গমকে নোপোৱাকৈ দিনবোৰ গৈ থাকিল এটাৰ পিছত আনটো […]

Categories
অনুভৱৰ পৃথিৱী কলম পৰীক্ষণ টুকুৰা-টুকুৰ-ভিন্নস্বাদ

২০২২ বৰ্ষত পঢ়া কিতাপৰ তালিকা

২০২২ বৰ্ষটোত আৰম্ভণিতে ভাবিছিলোঁ যে এইবাৰ অলপ আগতকৈ বেছি অধ্যয়ন কৰিম, বেছিসংখ্যক কিতাপ পঢ়িবলৈ চেষ্টা কৰিম। সেই অনুসৰি ঠাণ্ডাকো কাটি কৰি আৰম্ভণিৰেপৰাই আৰম্ভ কৰিছিলোঁ পঢ়িবলৈ, আগৰ বছৰতে কিনি থোৱা কেইখনমান কিতাপ। কিন্তু জানুৱাৰী মাহত ৫ খন পঢ়ি শেষ কৰাৰ পিছত ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ-এপ্ৰিললৈকে এখনো কিতাপেই সম্পূৰ্ণকৈ পঢ়িব নোৱাৰিলোঁ এলাহ, পৰীক্ষা আৰু ব্যস্ততাৰ বাবে। পৰীক্ষাৰ পিছত […]

Categories
লিমাৰিক

লিমাৰিক – (প্ৰসংগ ডাকব্যৱস্থা)

ৰচনাকাল – ১৬ অক্টোবৰ, ২০২২ (১)সাধু সাধু সাধু খাই কঠালৰ বাদুঘূৰণীয়া পৃথিৱীত খেলি হাই-গুদুযদিহে পাইছা আহৰিচাবলৈ নাযাবা পাহৰিকেৰেলাতকৈ গুটি দীৰ্ঘ হোৱাৰ যাদু। (২)দেশৰ কথা দহৰ কথা শুনিছানে বাৰুডাক পখিলী বাইৰ দুই হাতত খাৰুথাকে লিৰিকি-বিদাৰিহাতৰ নাই আহৰিটোপোলাতে মৰহে সেয়ে সুগন্ধি সোণাৰু। (৩)বাটৰুৱা বতাহজাক কেনিনো বৈ যায়পথৰ ভাণ্ডা-মুণ্ড কেনেকৈনো বুজি পায়নুবুজিবা নুবুজিবানাভাবিবা নুগুণিবাভাত মুদা মৰিলে জীৱৰ হ’ব […]

Categories
কিতাপৰ বাক্য

“পৰাণ নিগৰে” গ্ৰন্থৰ বাছক-বনীয়া শব্দগুচ্ছৰ একাংশ

শৰ্মিষ্ঠা প্ৰীতমৰ ‘পৰাণ নিগৰে’ গ্ৰন্থখনৰ উপস্থাপন শৈলী অনন্য। ইয়াৰ শব্দ-বাক্যসমূহত লেখিকাৰ ভাষাত থকা অতুলনীয় দখল বাৰুকৈয়ে প্ৰতিভাত হৈ উঠিছে। এনে এটা পৃষ্ঠা নাই য’ত পঢ়ুৱৈৰ নিচাত ব্যাঘাত জন্মিব পাৰে। পঢ়ুৱৈৰ ভাষাত কিতাপখনত সৰ্বত্ৰ এক কাব্যময় সৌন্দৰ্য তথা সৰলতা ফুটি উঠিছে। এই গ্ৰন্থৰে সকলো ভাললগাৰ পৰা মোক অতিকে প্ৰভাৱান্বিত কৰা কিছু শব্দ-বাক্য ইয়াত সাঁচি ৰাখিলোঁ – […]

Categories
কিতাপৰ বাক্য

“পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ”ৰ কিছু বাক্য

পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ শীৰ্ষক অনুবাদ গ্ৰন্থখন হৈছে ইংৰাজী ‘ছেভেন ব্ৰিফ লেছনছ অ’ন ফিজিক্স’ নামৰ গ্ৰন্থখনৰ পৰা অসমীয়ালৈ কৰা অনুবাদ। ইয়াৰ সাৱলীল অনুবাদ কাৰ্যই গ্ৰন্থখনক সাধাৰণ পঢ়ুৱৈৰ বাবে মৌলিক ৰচনাসদৃশ মনোগ্ৰাহী কৰি তুলিছে। ইয়াৰ সাতটা পাঠ(অধ্যায়)ৰ মোক অতিকে প্ৰভাৱিত কৰা চিন্তা উদ্ৰেদকাৰী বাক্য/বাক্যাংশৰ কিছু ইয়াত সন্নিৱিষ্ট কৰি ৰাখিলোঁ। প্ৰথম পাঠ- সবাতোকৈ মনোৰম তত্ত্বটো দ্বিতীয় […]

Categories
অন্যান্য টুকুৰা-টুকুৰ-ভিন্নস্বাদ

অতৰ্কিতে অহা এজাক ধুমুহা – মাজু বসন্ত (Chiken Pox)

৯ ছেপ্তেম্বৰৰ গধূলি। বহুদিনৰ ভাগৰে একেলগে হেঁচামাৰি ধৰাৰ নিচিনা হৈছে। সেয়ে গা-বিষ অলপ হোৱাত সোনকালে শুই শৰীৰটোক জিৰণি দিয়াটোৱেই উচিত ভাবিলোঁ। (গা-বিষটো অলপ বেছিয়েই আছিল নেকি!) ১০ ছেপ্তেম্বৰৰ পুৱা। গা ধুবলৈ লওঁতে পিঠিলৈ অৱধাৰিতভাৱে যোৱা হাতখনে কোমল গুটি এটা স্পৰ্শ কৰে। ঠিক গৰম পানী বা তেল পৰিলে ঢৌ উঠি অহাৰ দৰে গুটি। অলপ হাত ফুৰালত […]

Categories
অন্যান্য

গুগল ডুডলত সুধাকণ্ঠ- ৯৬ তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ

২০২২ চনৰ ৭ আগষ্টৰ নিশা ১২ বাজি পাৰ হৈছে। ম’বাইলত কিবা ভিডিঅ’ এটা চাই আছিলোঁ। ইতিমধ্যে ৮ আগষ্ট সোমাল। অলপ সময়ৰ পিছত হোৱাটছআপত সংৰক্ষণ কৰি থোৱা লিংক এটা খুলিবলৈ লওঁতেই হঠাতে ষ্টেটাছ কেইটামান চকুত পৰিল। গুলপীয়া ৰঙৰ পুতলাৰ দৰে অস্পষ্ট একেধৰণৰ ষ্টেটাছ চাৰি-পাঁচটামান একেসময়তে ভৰ্তি। কাজেই এটা ক্লিক কৰি চালোঁ বোলো সকলোৱে একেসময়তে দিয়া এইটো […]

Categories
কিতাপৰ বাক্য

মইনা গোস্বামীৰ “মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ” গ্ৰন্থৰ কিছু প্ৰভাৱশালী তথা চিন্তা উদ্ৰেককাৰী বাক্য-বাক্যাংশ

“অন্ন-বস্ত্ৰ-বাসস্থানৰ দৰে শিক্ষা আৰু স্বাস্থ্যওতো মানৱীয় জীৱনৰ মৌলিক প্ৰয়োজন; অথচ কিয় ইমান অধঃপতিত শিক্ষা আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা? চৌদিশে ইমান গ্ৰন্থ, অজস্ৰ শিক্ষক, জ্ঞানী-গুণী দাৰ্শনিক, বিজ্ঞানীৰে ভৰপূৰ পৃথিৱীখনত কিয় ইমান হিংসা-বিদ্বেষ? শৈশৱৰ অন্তঃসলিলা কৌতূহল-উদ্দীপনা কিয় শীৰ্ণ হয় বিদ্যালয়ৰ মজিয়াত? কিয় সৃষ্টি হয় শিশুমনত বিদ্যালয় আতংক?” (পৃ. ১১) “স্বতঃস্ফূৰ্তভাৱে মানুহে জন্মলগ্নৰে পৰা সঠিক-বেঠিক, সৎ-অসৎ, শুদ্ধ-অশুদ্ধ অলেখ কথা […]